তেওঁ আহিব আকৌ – অসীম জ্যোতি দাস

জুবিন গাৰ্গৰ স্মৃতিত

তেওঁ আহিব আকৌ 

অসীম জ্যোতি দাস,চৰাইবাহী, মৰিগাঁও 

তেওঁ বুঢ়া লুইতে দি ভটিয়াই আহি আহি এদিন
তেওঁ এই পথেৰেই এদিন আহিছিল,
লগত আনিছিল এজোলোঙা সুৰৰ মুকুটা
তেওঁ আছিল অক্লান্ত
জিৰণি লৈছিল মানুহৰ মাজত।
শান্ত সৌম্য তেওঁৰ মুখমণ্ডলত ফুটি উঠিছল
দেশ আৰু জাতিক পোহৰ কৰাৰ আশা,
গধূলি যেন কেশত ৰ’দত পৰি উঠিছিল জিলিকি
যেন বুঢ়া লুইতৰ পানীহে য’ত বৈ আছে যাউতিযুগীয়া সংস্কৃতিৰ ধাৰা,
কমললোচন ত পৰিস্ফুট হৈ উঠিছিল যুগ সৃষ্টি আৰু জাতি সৃষ্টিৰ চিন্তাধাৰা,
আৰু পৰিস্ফুট হৈছিল শংকৰ-মাধৱ আৰু জ্যোতি-বিষ্ণুক জগতত চিনাই দিয়াৰ ;
সেইদিনাও তেওঁ চিন্তাত মগন আছিল !
আকাশৰ কেনভাছত মানৱতাবাদী সমাজ আকাৰ পৰিকল্পনাৰে,
তেওঁ আছিল মানৱতাবাদ ধৰ্মৰ এজন ধাৰ্মিক পুৰুষ
তেওঁ বান্ধিছিল মানৱতাবাদী ধৰ্মৰ ভেটি
তেওঁৰ সপোন আছিল এটা নতুন যুগ এখন নতুন সমাজ গঢ়াৰ,
যাৰ মূলমন্ত্ৰ আছিল “মানৱতাবাদ”
কিন্তু!
তেওঁ আজি অনন্ত মহাসাগৰৰ বুকুত
যুগনিদ্ৰাত বিলিন ।
তেওঁ আহিব আকৌ,
সৃষ্টি কৰিব নতুন সমাজ নতুন যুগ………….।