জুবিন গাৰ্গ: বিশ্বৰ ‘হামিং কিং’ আৰু প্ৰতিজন প্ৰকৃত অসমীয়াৰ অন্তৰৰ চিৰন্তন স্পন্দন
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
“কেৱল এটা নাম নহয়, জুবিন গাৰ্গ আছিল অসমীয়া প্ৰাণৰ গভীৰতম অনুভৱ, এক বিশাল সত্তা আৰু যুগজয়ী পৰিচয়।”
১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে সুদূৰ ছিংগাপুৰৰ পৰা অহা চৰম শোকাবহ খবৰটোৱে সমগ্ৰ বিশ্বৰ সংগীত প্ৰেমীক জোকাৰি গৈছিল। সেইদিনা সকলোৰে চকু সেমেকি উঠিছিল আৰু অসমীয়া সংগীত আকাশৰ এটা সোণালী যুগৰ অৱসান ঘটিছিল। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা শাৰীৰিকভাৱে গুচি গ’লেও, তেওঁ প্ৰতিজন প্ৰকৃত অসমীয়াৰ অন্তৰত আজিও গভীৰভাৱে জীয়াই আছে। তেওঁ যদি আৰু অন্ততঃ ১০ টা বছৰ আমাৰ মাজত জীয়াই থাকিলহেঁতেন, তেন্তে অসমীয়া সংগীত আৰু সংস্কৃতিৰ দিশটোৱে বিশ্বৰ দৰবাৰত আৰু বহুদূৰ অগ্ৰগতি লাভ কৰিলেহেঁতেন।
বিশ্বৰ ‘হামিং কিং’ আৰু সুৰৰ যাদু
গুগল তথা সমগ্ৰ বিশ্বৰ সংগীত জগতত জুবিন গাৰ্গক আদৰৰে ‘হামিং কিং’ (Humming King) হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁৰ কণ্ঠৰ সেই যাদুকৰী গুণগুণনি আৰু সুৰৰ মূৰ্চ্ছনাই পলকতে সকলোকে মোহিত কৰিব পাৰিছিল। বিভিন্ন ভাষাত ৪০,০০০ তকৈও অধিক গীত গাই তেওঁ এক অনন্য বিশ্ব অভিলেখ গঢ়ি থৈ গৈছে। তেওঁৰ গীতৰ কথাই আবাল-বৃদ্ধ-বনিতা সকলোৰে প্ৰাণত গভীৰ আৱেগ আৰু অনুভৱৰ সৃষ্টি কৰিছিল। সমগ্ৰ অসমবাসীৰ বাবে তেওঁ আছিল “হাৰ্টথ্ৰব” (Heartthrob) আৰু হিয়াৰ আমঠু। তেওঁৰ অন্তিম পৰিকল্পনা আৰু অনন্য সৃষ্টিৰে নিৰ্মিত ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনে অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসত এক অনবদ্য আৰু কালজয়ী অভিলেখ সৃষ্টি কৰি থৈ গ’ল।
প্ৰকৃতি, মানৱতা আৰু জন্মভূমিৰ প্ৰেম:
জুবিন গাৰ্গৰ উদাৰ মন আৰু প্ৰকৃতিৰ প্ৰতি থকা মৰমে প্ৰমাণ কৰিছিল যে তেওঁ আছিল ঈশ্বৰ প্ৰদত্ত অপূৰ্ব গুণৰাজিৰে ধন্য এজন মহান ব্যক্তি। চৰাই-চিৰিকতি, জীৱ-জন্তু আৰু প্ৰকৃতিৰ সৈতে মনৰ ভাব বিনিময় কৰিব পৰা এক আচৰিত আত্মিক শক্তি তেওঁৰ আছিল। বলিউডৰ বিশাল মঞ্চ আৰু ধন-দৌলতৰ মোহ ত্যাগ কৰি তেওঁ কেৱল জন্মভূমিৰ সাহিত্য, কলা আৰু সংস্কৃতিৰ গুৰি ধৰাৰ নিৰন্তৰ প্ৰয়াস কৰিছিল। ধন টকা পইচাৰ প্ৰতি তেওঁৰ কোনো দিনে লোভ বা মায়া নাছিল; বৰঞ্চ তেওঁ এটি যন্ত্ৰৰ দৰে অহৰহ কেৱল অসমীয়া সংগীত ক্ষেত্ৰৰ উত্তৰণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। খেলৰ প্ৰতি মানুহক প্ৰেৰণা দিয়া ,দুখীয়া-নিছলাক সহায় কৰা, ঘৰ দিয়া ,গছ সংৰক্ষণ কৰা ,প্ৰাকৃতিক দুৰ্যোগত সাহায্য কৰা ,ৰোগীৰ শুশ্ৰূষা কৰা আদি সামাজিক দায়বদ্ধতাৰ বাবেই সমাজৰ প্ৰতিগৰাকী মানুহে তেওঁক একেবাৰে আপোন বুলি ভাবিছিল। জাতি-ধৰ্মৰ ঊৰ্ধ্বত উঠি এখন সমন্বয়ৰ অসম গঢ়াৰ সপোন তেওঁ দেখিছিল।
ভৱিষ্যত প্ৰজন্ম আৰু জুবিনৰ আদৰ্শ:
জুবিন গাৰ্গ একেধাৰে আছিল এজন শ্ৰেষ্ঠ গায়ক, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক আৰু সংগীতজ্ঞ। তেওঁ গীত আৰু সুৰৰ মাধ্যমেৰে সমাজলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই আনিব জানিছিল। আজি তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁ দি যোৱা বিশাল সৃষ্টিৰাজি আমাৰ হাতত আছে। যদি আমাৰ ভৱিষ্যত প্ৰজন্মই জুবিন গাৰ্গৰ এই মহান আদৰ্শক শিৰত লৈ আগবাঢ়ি যায়, তেন্তে অসমীয়া সংগীত আৰু চলচ্চিত্ৰ উদ্যোগে এক নতুন মাত্ৰা লাভ কৰিব।
তেওঁৰ সেই সুললিত কণ্ঠ আৰু মৰ্মস্পৰ্শী গীতৰ কথাৰ মাজত তেওঁ আমাৰ মাজত চিৰদিন জীয়াই থাকিব। আজিয়ো আমি বুকুত হাত দি অতি গৌৰৱেৰে ক’ব পাৰোঁ— “আমি জুবিন যুগৰ মানুহ।”
জয় জুবিন দা!
