অটল পণ – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

অটল পণ

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

অসমৰ বতৰ গৰম বৰ।
মনৰ খবৰ অলস বৰ॥
কৰম বৰ ধৰম বৰ।
সফল হওক অটল পণ॥

সৱৰ হওক মন নদন বদন।
ৰহন গগন মগন মন॥
অমৰ হওক নৰ গণ।
ৰতন যতন ধৰন বৰন॥

চলন গমন ৰওক গহন।
পৱন চৰণ মৰণ অভয়॥
নমন নয়ন কমল অক্ষয়।
ভয় চৰ নহয় অভয় হয়॥
যম নগৰ ৰব অঘটন॥

(টোকা: এই কবিতাটিত কোনো ধৰণৰ কাৰ-চিহ্ন যেনে আ-কাৰ, ই-কাৰ আদি ব্যৱহাৰ নকৰাকৈ কেৱল ব্যঞ্জনবৰ্ণৰ স্বাভাৱিক উচ্চাৰণ প্ৰয়োগ কৰা হৈছে।)