ৰিয়া হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েচনৰ বাবে ফ্লেটলৈ লৈ অনা হৈছে ৰামানুজনক
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বেলতলাৰ ৰিয়া তালুকদাৰৰ হত্যাকাণ্ডৰ এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৰিয়া তালুকদাৰৰ ঘাতক ৰামানুজ গোস্বামীক লগত লৈ হাতীগাঁও আৰক্ষীয়ে বুধবাৰে ৰামানুজৰ ফ্লেটত ৰিয়া হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েচন কৰে। চিন ৰিক্ৰিয়েচনৰ সময়তে আৰক্ষীয়ে ৰামানুজৰ ফ্লেটৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্রী জব্দ কৰে। আৰক্ষীয়ে ফ্লেটৰ পৰা ৰিয়াৰ কটা মূৰ ৰখা ফ্ৰীজটো জব্দ কৰাৰ লগতে মজিয়াত পৰি থকা তেজৰ ঢেঁকুৰাৰ নমুনাও সংগ্ৰহ কৰে। তদন্তৰ বাবে এই নমুনাসমূহ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। হত্যাকাণ্ড সংঘটিত হোৱা দিনা ৰামানুজে পিন্ধা কাপোৰযোৰো আৰক্ষীয়ে জব্দ কৰিছে। জব্দ কৰা সামগ্ৰী আৰু সংগ্ৰহ কৰা নমুনাসমূহ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব পাৰে।চিন ৰিক্রিয়েচন আৰু ফৰেনছিক তদন্তৰ জৰিয়তে হত্যাকাণ্ডৰ সৈতে জড়িত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইফালে তদন্তকাৰী হাতীগাঁও আৰক্ষীয়ে লাভ কৰিছে ৰিয়া তালুকদাৰ হত্যাৰ পিছতে চৰ্চালৈ অহা ‘চুগাৰ ডেডী’ৰ পৰিচয়। সূত্র অনুসৰি, ‘চুগাৰ ডেডী’ৰ গুৱাহাটীৰ ফাঁচীবজাৰত ব্যৱসায় আছে। হত্যাকাণ্ডৰ তদন্তৰ স্বাৰ্থত ‘চুগাৰ ডেডী’ক সোধা-পোছাৰ বাবে আৰক্ষীয়ে তলব কৰাৰ সম্ভাৱনাও আছে। সূত্র অনুসৰি, ৰামানুজক জে’ললৈ প্ৰেৰণ কৰাৰ পিছত ‘চুগাৰ ডেডী’ক তলব কৰি সোধা-পোছা কৰিব পাৰে তদন্তকাৰী আৰক্ষীয়ে। অৱশ্যে, ‘চুগাৰ ডেডী’ৰ বিৰুদ্ধে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কোনো নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। উল্লেখ্য যে গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত দেওবাৰে নিশা উদ্ধাৰ হৈ ছিল ৰিয়া তালুকদাৰৰ মৃতদেহ। ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাত থকা নিজা ফ্লেটৰ পৰাই আৰক্ষীয়ে ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰিছিল। দেওবাৰে নিশাই হত্যাকাণ্ডৰ অভিযুক্ত ৰিয়াৰ স্বামী ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
