ডিব্ৰুগড় সাংস্কৃতিক মহাসভাৰ  জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ  জন্ম শতবাৰ্ষিকী উদযাপন

ডিব্ৰুগড় সাংস্কৃতিক মহাসভাৰ  জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ  জন্ম শতবাৰ্ষিকী উদযাপন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সাংস্কৃতিক মহাসভা অসমৰ জিলা সমিতিৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ মিলন নগৰত অনুষ্ঠিত  এই কাৰ্যসূচীত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট সুৰকাৰ -গীতিকাৰ প্ৰশান্ত কুমাৰ বৰদলৈয়ে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত পঞ্চমুখী বন্তি প্ৰজ্বলন কৰে ক্ৰমে  ডঃ ৰঞ্জু ভট্টাচাৰ্য , আকাশবাণীৰ অৱসৰপ্ৰাপ্ত মুৰব্বী বিষয়া লোহিত ডেকা, অভিনেতা অসীম কুমাৰ শৰ্মা, বিনোদ কুমাৰ বড়া, ভূপেন শইকীয়াই। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ঘনকান্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতাই। আৰিয়ান শেখৰ হাজৰিকাৰ দ্বাৰা গীত, অৰ্ণৱজ্যোতি কলিতা আৰু মেধাঙ্শ সমীৰ চলিহাৰ গীটাৰ, জিমি জিজ্ঞাসা বৰুৱা, প্ৰীতি দেৱ আদি শিশু শিল্পী সকলে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন নবীন -প্ৰবীন গায়ক-গায়িকাও গীতৰে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নৃত্য শিল্পী ময়ুৰাক্ষী বৰুৱাৰ নৃত্য, যোগমায়া গোস্বামীৰ কবিতা আবৃত্তিয়ে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰে। সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত দুলীয়াজান আঞ্চলিক সমিতিৰ শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত, ডিব্ৰুগড়ৰ সুৰপ্ৰিয়াসী সঙ্গীত দলৰ সমবেত সংগীতে উপস্থিত সুধাকণ্ঠৰ গুণমুগ্ধক আপ্লুত কৰে। জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ আয়োজিত সভাত সুৰজিতা সন্দিকৈ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে নিমন্ত্ৰিত বিশিষ্ট অতিথি সকলে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নৱপ্ৰজন্মৰ মাজত বিশেষকৈ শিশু সকলৰ মাজত তেখেতৰ সৃষ্টিৰাজিক গীত সমূহক আগবঢ়াই লৈ যোৱাৰ বাবে সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিক পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ হেমন্ত কুমাৰ দাস, চৰকাৰী পেন্সনাৰ সন্থাৰ ডিব্ৰুগড় শাখাৰ সভাপতি দিলীপ কুমাৰ দাসকে প্ৰমুখ্য কৰি সাংস্কৃতিক মহাসভা অসমৰ গুণমুগ্ধ সকল আয়োজিত শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।