ডিব্ৰুগড়ৰ চৰকাৰী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, স্ত্ৰী শিক্ষা বিস্তাৰৰ পথিকৃত প্ৰয়াত গৌৰীপ্ৰভা চলিহাৰ জীৱনী উন্মোচন

ডিব্ৰুগড়ৰ চৰকাৰী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, স্ত্ৰী শিক্ষা বিস্তাৰৰ পথিকৃত প্ৰয়াত গৌৰীপ্ৰভা চলিহাৰ জীৱনী উন্মোচন: পিনাকী শৰ্মাক গৌৰি প্ৰভা চলিহা শৈক্ষিক সোঁৱৰণী বঁটা 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ অগ্ৰগামী মহিলা সন্মিলনৰ  উদ্যোগত উজনি অসমত স্ত্ৰী-শিক্ষা বিস্তাৰৰ অন্যতম পথিকৃৎ ,অবিভক্ত অসমৰ প্ৰথমখন চৰকাৰী  বালিকা বিদ্যালয় ‘ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়’ৰ  প্ৰধান শিক্ষয়িত্ৰী  প্ৰয়াত   গৌৰী প্ৰভা চলিহাৰ ১২৬ সংখ্যক জন্ম-দিৱস ডিব্ৰুগড় লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত ৫ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যায়। আৰাধনা দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলন কৰে গৌৰী প্ৰভা চলিহাৰ প্ৰাক্তন ছাত্ৰী ডিব্ৰুগড় ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা লখিমী নেওগে। মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে সুগায়িকা নীলিমা বৰদলৈয়ে। সভানেত্ৰীসহ বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আহ্বান জনায় সহ সম্পাদিকা মানসী বৰুৱাই।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা জোনালী খাউণ্ডে। সভানেত্ৰীৰ আদৰণী ভাষণত আৰাধনা দত্তই  অগ্ৰগামীৰ গঠনমূলক কামৰ খতিয়ান দাঙি ধৰে আৰু  প্ৰয়াত গৌৰী প্ৰভা চলিহাৰ দৰে১৯২১ চনতে কলিকতা  বিশ্ববিদ্যালয়ৰ পৰা  বি,এ  মহলাত গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰি আশুতোষ মুখাৰ্জী স্বৰ্ণপদকৰ লগতে  বছৰটোৰ শ্ৰেষ্ঠ ছাত্ৰৰ স্বৰ্ণপদক লাভ কৰা গৌৰীপ্ৰভাৰ দৰে এগৰাকী বিদূষী নাৰী , আদৰ্শবান শিক্ষয়িত্ৰীক সমাজে পাহৰি পেলোৱাটো অতি  হতাশাজনক বুলি  অভিমত দিয়ে।অগ্ৰগামীয়ে সেয়েহে গৌৰী প্ৰভাৰ তিনিগৰাকী  নাতিনীৰ সৌজন্যত গৌৰীপ্ৰভাই শিক্ষকতা কৰি যোৱা  ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত     স্কুলখনৰ সমূহ  ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ মূল্যাংক লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক শিক্ষাব্ৰতী গৌৰী প্ৰভা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰিছে সভাৰ মূল বক্তৃতা প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা বিশিষ্ট লেখিকা ড০ ভাৰতী দত্তই। ভাষণত তেওঁ গৌৰী প্ৰভাৰ মেধা, প্ৰশাসনিক দক্ষতা  আৰু উৎকৃষ্ট শিক্ষাদান পদ্ধতিৰ কথা উল্লেখ কৰে। গৌৰি প্ৰভা চলিহাৰ চৌত্ৰিছ বছৰ জোৰা শিক্ষাদানৰ কালছোৱাত তেওঁ বহু  ভৱিষ্যতৰ আদৰ্শ গৃহিণী,আদৰ্শ ব্যক্তি আৰু সৎ নাগৰিক সৃষ্টি কৰিলে বুলি তেওঁ উল্লেখ কৰে। বিশিষ্ট অতিথি শিশু বন্ধু প্ৰসেনজিৎ কুমাৰ গোস্বামীয়ে আৰাধনা দত্তই ৰচনা কৰা “গৌৰী প্ৰভা”নামৰ গৌৰী প্ৰভা চলিহাৰ এখন চমু জীৱনী উন্মোচন কৰি গ্ৰন্থখনিক বেজবৰুৱাৰ ভাষাৰে কয় গৌৰী প্ৰভা পুথিখনি সৰু কিন্তু সোণৰ। ভৱিষ্যতৰ গৱেষক সকলক এই পুথিখনে যথেষ্ট সহায় কৰিব।এনে এখন পুথি ৰচনা কৰা বাবে তেওঁ লেখিকা আৰাধনা দত্তৰ শলাগ লয়।  ৰাধাকৃষ্ণণ জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা পিনাকি শৰ্মাক গৌৰীপ্ৰভা চলিহা সোঁৱৰণী শৈক্ষিক বঁটা/২০২৫ প্ৰদান কৰা হয়।বঁটাত আছে নগদ ধন,স্মাৰক, চাৰ্টিফিকেট আৰু কিতাপ। বঁটা গ্ৰহণ কৰি পিনাকি শৰ্মাই আনন্দ প্ৰকাশ কৰে।এই বঁটাই তেওঁক অধিক ভাল ফলাফল অৰ্জন কৰিবলৈ উৎসাহিত কৰিব বুলিও  ছাত্ৰী গৰাকীয়ে কয়।দাতাৰ পৰিয়ালৰ পৰা কাবেৰী চলিহা , ডিব্ৰুগড় লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুদক্ষিণা দাস আৰু ৰেণু  ফুকনৰ বক্তব্য আগবঢ়ায়। শলাগ জ্ঞাপন কৰে ড০ দীপাঞ্জনা দত্ত দাসে।