বেলতলাত পত্নীক হত্যা কৰি কটা মুৰ ৰাখিলে ফ্রীজত

বেলতলাত পত্নীক হত্যা কৰি কটা মুৰ ৰাখিলে ফ্রীজত

ৰঙিলী বাৰ্ত্তাসেৱা-  মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ নিদৰ্শন দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ভয়ানক শিহৰণকাৰী ঘটনা। পত্নীক হত্যা কৰি ছিন্ন মুণ্ড ফ্রীজত ভৰাই থোৱাতে ক্ষান্ত নাথাকি নিজৰ পোহনীয়া কুকুৰক পত্নীৰ দেহৰ কেঁচামাংস ভক্ষণ কৰোৱাৰ চেষ্টা চলালে স্বামীয়ে।মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং উপপথৰ অঞ্জলিগৃহ নামৰ এপার্টমেন্টটোত সংঘটিত হৈছে এই ঘটনা।  যোৱা ৩ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ভয়ানক কাণ্ড। কিন্তু সোমবাৰে নিশাহে ঘটনাটো পোহৰলৈ আহে। নৃশংস হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকী হৈছে ৰিয়া ওৰফে মনীষা তালুকদাৰ। ৰক্তপিপাসু বৰ্বৰ স্বামীজন হৈছে ৰামানুজ গোস্বামী ওৰফে বাবা। উল্লেখ্য যে দীর্ঘদিনীয়া প্ৰেমৰ অন্তত বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰত নাৰেংগীৰ এটা মন্দিৰত বিবাহপাশত আবদ্ধ হৈছিল ধুবুৰীৰ গৌৰীপুৰৰ তৰুণ কুমাৰ গোস্বামী আৰু অঞ্জলি শৰ্মাৰ পুত্ৰ ৰামানুজ গোস্বামী আৰু ৰিয়া ওৰফে মনীষা তালুকদাৰে। ড্রাগ আসক্ত হৈ পানীখাইতীৰ এটা নিচামুক্তি কেন্দ্রত চিকিৎসাধীন হৈ থকা ৰামানুজ গোস্বামীৰ সৈতে সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে পৰিচয় ঘটিছিল ৰিয়া ওৰফে মনীষা তালুকদাৰৰ। প্ৰথম অৱস্থাত বন্ধুত্ব আছিল যদিও দিন যোৱাৰ লগে লগে এই সম্পর্ক প্রেমলৈ পৰিণত হয়। তাৰ পাছতে দুয়োজনে বিবাহপাশত আবদ্ধ হয়। প্রথমাৱস্থাত দুয়োৰে সম্পৰ্ক মধুৰ আছিল যদিও দিন যোৱাৰ লগে লগে সম্পৰ্কত ঘুণে ধৰিবলৈ ধৰে। উল্লেখ্য যে অসমৰ এগৰাকী আঞ্চলিকতাবাদী নেতা তথা প্রাক্তন মুখ্যমন্ত্ৰীৰ পত্নীৰ কনিষ্ঠ ভাতৃৰ পুত্ৰ আছিল ৰামানুজ গোস্বামী। গৌৰীপুৰ চহৰৰ ১০নং ৱাৰ্ডৰ বাসিন্দা ৰামানুজ গোস্বামী অত্যধিক ড্ৰাগছ আসক্তিৰ বাবে অভিভাৱকে গুৱাহাটীৰ বেলতলাৰ ফ্লেটত ৰাখিছিল। নুনমাটিৰ মঠঘৰীয়াৰ বাসিন্দা ৰিয়া ওৰফে মনীষা তালুকদাৰৰ পিতৃ-মাতৃ সৰুতেই ঢুকাইছিল। একমাত্র ককায়েক গণেশ তালুকদাৰৰ সৈতে মঠঘৰীয়াত থকা ৰিয়াই পৰৱৰ্তী সময়ত ফাঁচীবজাৰৰ এখন ব্যৱসায়িক প্রতিষ্ঠানত ছেলছমেনৰূপে কৰ্মৰত হৈছিল। কিন্তু বিগত দুমাহ পূর্বে চিটা কৰ্মাৰ নাম প্ৰতিষ্ঠানখনৰ পৰা চাকৰি বাদ দি আন এখন ব্যৱসায়িক প্রতিষ্ঠানত নিযুক্তি লাভ কৰিছিল।