পুষ্টিহীনতা দূৰীকৰণ আৰু পোষণ মাহ – দ্বীপেন বৰুৱা

Pc Unsplash

(নৱম ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২৬ উপলক্ষে)

পুষ্টিহীনতা দূৰীকৰণ আৰু পোষণ মাহ

দ্বীপেন বৰুৱা

এটি শিশুৱে মাতৃৰ গৰ্ভত থিতাপি লোৱাৰ পৰা প্ৰায় দুবছৰ বয়সলৈকে লাভ কৰা পুষ্টি আৰু যত্নই তাৰ শাৰীৰিক বৃদ্ধি, মগজুৰ বিকাশ, শিকাৰ ক্ষমতা আৰু ভৱিষ্যৎ কৰ্মদক্ষতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়৷ ঠিক একেদৰে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পুষ্টিৰ অৱস্থাই মাতৃৰ স্বাস্থ্যৰ লগতে নৱজাতকৰ সুস্থতা আৰু পৰৱৰ্তী জীৱনৰ ভেটি নিৰ্ধাৰণ কৰে৷ কিন্তু পৰিতাপৰ কথা এয়ে যে ভাৰতত খাদ্য-সুৰক্ষা আৰু জনসাধাৰণৰ খাদ্য লাভৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হোৱা সত্ত্বেও পুষ্টিহীনতা এতিয়াও এক গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যা হৈ আছে৷ বহু পৰিয়ালত খাদ্যৰ পৰিমাণৰ তুলনাত খাদ্যৰ গুণগত মান আৰু বৈচিত্ৰ্যৰ ক্ষেত্ৰত তাৰতম্য দেখা যায়৷ চাউল বা অন্যান্য শস্যকেন্দ্ৰিক খাদ্যৰ প্ৰাধান্য, পৰ্যাপ্ত দাইল-জাতীয় খাদ্য, কণী, গাখীৰ, বাদাম, বীজ, শাক-পাচলি আৰু ফলমূলৰ অভাৱ, ৰক্তহীনতা আদি সমস্যাই এই প্ৰত্যাহ্বানক অধিক জটিল কৰি তুলিছে৷ এই পৰিস্থিতিত পুষ্টিক কেৱল এক ব্যক্তিগত বিষয় হিচাপে গণ্য নকৰি সমাজ আৰু চৰকাৰৰ যৌথ দায়িত্ব হিচাপে আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ সেই উদ্দেশ্যে ২০১৮ চনৰ ৮ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা পোষণ অভিযানে (POSHAN Abhiyaan) দেশৰ পুষ্টি-চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পোষণ মাহে এই বৃহৎ অভিযানক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আহিছে৷

২০২৬ বৰ্ষত ৰাষ্ট্ৰীয় পোষণ মাহে নৱম বৰ্ষত উপনীত হৈছে৷ প্ৰতি বৰ্ষতেই পোষণ মাহৰ এক নিৰ্দিষ্ট বিষয়বস্তু থাকে৷ এই বৰ্ষৰ মূল বিষয়বস্তু হ’ল- “আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব” (Hamari Anganwadi, Hamari Jimmedari)৷ এই শ্লোগানৰ মাজতে এইবাৰৰ পোষণ মাহৰ মূল দৰ্শন নিহিত হৈ আছে৷ অৰ্থাৎ অংগনৱাড়ী কেন্দ্ৰ কেৱল চৰকাৰী সেৱা প্ৰদানৰ স্থান নহয়; ই এখন গাঁও বা এলেকাৰ শিশু, মাতৃ আৰু পৰিয়ালৰ পুষ্টি, যত্ন, শিক্ষা আৰু সুস্থ ভৱিষ্যতৰ কেন্দ্ৰবিন্দু৷ সেয়ে অংগনৱাড়ী কেন্দ্ৰৰ মান উন্নত কৰা আৰু তাৰ সেৱাৰ প্ৰতি নজৰ ৰখাটো কেৱল চৰকাৰ বা অংগনৱাড়ী কৰ্মীৰ দায়িত্ব নহয়, সমাজৰো দায়িত্ব আছে৷

পুষ্টি হৈছে এক বহুমাত্ৰিক বিষয়৷ খাদ্যৰ সৈতে স্বাস্থ্য, মাতৃৰ পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, শিশুৰ যত্ন, দুগ্ধপান, পৰিপূৰক আহাৰ, ৰক্তহীনতা প্ৰতিৰোধ, টিকাকৰণ, প্ৰাথমিক স্বাস্থ্যসেৱা, শিক্ষা আৰু সামাজিক-আৰ্থিক পৰিস্থিতি আদি সকলো বিষয় পৰস্পৰৰ সৈতে সম্পৰ্কিত৷ এই আন্তঃসম্পৰ্কক স্বীকাৰ কৰি পোষণ অভিযানত বিভিন্ন মন্ত্ৰ্যালয় তথা বিভাগৰ মাজত সমন্বয় স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকললৈ পুষ্টি আৰু অন্যান্য সেৱা আগবঢ়োৱাৰ লগতে পৰিয়াল আৰু সমাজৰ মাজত পুষ্টি সম্পৰ্কীয় সচেতনতা বৃদ্ধি কৰাও এই অভিযানৰ অন্যতম উদ্দেশ্য৷ পোষণ মাহে এই উদ্দেশ্যক এক জন-আন্দোলনৰ ৰূপ দিয়াৰ সুযোগ সৃষ্টি কৰে৷ এই সময়ছোৱাত ৰন্ধন প্ৰদৰ্শনী, পোষণ মেলা, স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় আলোচনা, শিশুৰ বৃদ্ধি নিৰীক্ষণ, পৰামৰ্শদান, স্থানীয় খাদ্যৰ প্ৰদৰ্শন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰাৰম্ভিক শিশুযত্নৰ দৰে নানান কাৰ্যসূচীৰ জৰিয়তে পুষ্টিক সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়৷

ভাৰতৰ পুষ্টিৰ অৱস্থা বুজিবলৈ ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষা (NFHS)-ৰ তথ্য অতি গুৰুত্বপূৰ্ণ৷ পঞ্চম NFHS (২০১৯–২১)-ৰ তথ্য অনুসৰি, পাঁচ বছৰৰ তলৰ শিশুৰ প্ৰায় ৩৫.৫ শতাংশ বয়সৰ তুলনাত উচ্চতা কম (Stunted), ১৯.৩ শতাংশ উচ্চতাৰ তুলনাত ওজন কম (Wasted) আৰু ৩২.১ শতাংশ বয়সৰ তুলনাত ওজন কম (Underweight)৷ ষষ্ঠ NFHS-ৰ তথ্য অনুসৰি এই হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে৷ বয়সৰ তুলনাত উচ্চতা কম থকা শিশুৰ হাৰ ২৯.৩ শতাংশ, উচ্চতাৰ তুলনাত ওজন কম থকা শিশুৰ হাৰ ১৯.০ শতাংশ আৰু বয়সৰ তুলনাত ওজন কম থকা শিশুৰ হাৰ ৩১.৮ শতাংশলৈ হ্ৰাস পাইছে৷ তথাপি, দেশৰ সামগ্ৰিক পুষ্টিৰ পৰিস্থিতি এতিয়াও সন্তোষজনক বুলি ক’ব নোৱাৰি৷ বিশেষকৈ মহিলাসকলৰ মাজত ৰক্তহীনতা এক গুৰুতৰ সমস্যা হিচাপে দেখা দিছে৷ পঞ্চম NFHS-ৰ তথ্য অনুসৰি, ১৫-৪৯ বছৰ বয়সৰ প্ৰায় ৫৭ শতাংশ মহিলা ৰক্তহীনতাত ভুগিছিল৷ পাঁচ বছৰৰ তলৰ শিশুসকলৰ মাজতো ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট৷ অৱশ্যে ৰাজ্যভেদে পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ হাৰত যথেষ্ট তাৰতম্য দেখা যায়৷ পুষ্টিহীনতাৰ ফলত শিশুৰ শাৰীৰিক বৃদ্ধি আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে৷ একেদৰে, ৰক্তহীনতাত ভোগা মহিলাসকলে গৰ্ভধাৰণ আৰু সন্তান জন্মৰ সময়ত বিভিন্ন স্বাস্থ্যজনিত জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ সেয়েহে পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ অধিক ব্যাপক আৰু সুসংগঠিত কৰাটো অতি প্ৰয়োজনীয়৷

প্ৰতি বৰ্ষৰ দৰে এইবৰ্ষতো পোষণ মাহ উদযাপন কৰিবলৈ মূল বিষয়বস্তুৰ লগতে কিছু আনুষংগিক বিষয়ো নিৰ্ধাৰণ কৰা হৈছে৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে নিৰ্দ্ধাৰণ কৰা এই বৰ্ষৰ পোষণ মাহৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰটিন (Dietary Diversity and Adequate Protein)৷ আমাৰ জ্ঞাত যে কেৱল ভাত, ৰুটি আদি শস্যজাতীয় খাদ্যই সকলো প্ৰয়োজনীয় পুষ্টি যোগান ধৰিব নোৱাৰে৷ শিশুৰ বৃদ্ধি, পেশী গঠন আৰু শৰীৰৰ বিভিন্ন জৈৱিক কাৰ্যৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন৷ একেদৰে ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু অন্যান্য মাইক্ৰ’নিউট্ৰিয়েণ্টৰ বাবে বিভিন্ন খাদ্যৰ প্ৰয়োজন হয়৷ সেয়ে দৈনন্দিন খাদ্য তালিকাত মিলেট, দাইল আৰু অন্যান্য দাইলজাতীয় খাদ্য, শাক-পাচলি, ফলমূল, বাদাম আৰু বীজ, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে কণী আৰু অন্যান্য প্ৰাণীজ প্ৰ’টিন অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে৷ এই উদ্দেশ্যে অংগনৱাড়ী কেন্দ্ৰত স্বাস্থ্যকৰ আৰু বৈচিত্ৰ্যময় খাদ্য প্ৰস্তুতিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব পাৰি৷ ইয়াৰ বিশেষত্ব এয়ে যে ব্যয়বহুল বা বিদেশী খাদ্যৰ পৰিৱৰ্তে স্থানীয়ভাৱে সহজে উপলব্ধ আৰু সুলভ খাদ্য ব্যৱহাৰ কৰা৷ লগতে পোষণ বাগিছাত (Poshan Vatika) উৎপাদিত শাক-পাচলি আৰু স্থানীয় ঋতুভিত্তিক খাদ্যকো এই ক্ষেত্ৰত অধিক গুৰুত্ব দিব পাৰি৷

পোষণ মাহ, ২০২৬ৰ দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় হৈছে অংগনবাড়ী কেন্দ্ৰসমূহত গৰমকৈ ৰন্ধা সতেজ আহাৰ (Fresh Hot Cooked Meals)৷ অংগনৱাড়ী কেন্দ্ৰৰ পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ জৰিয়তে যোগ্য শিশু আৰু আন হিতাধিকাৰীসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰা হয়৷ কিন্তু আহাৰ দিয়াটোৱেই শেষ কথা নহয়৷ আহাৰ সতেজ, পৰিষ্কাৰ-পৰিচ্ছন্ন, পুষ্টিকৰ আৰু বৈচিত্ৰ্যময় হোৱাটোও অতি প্ৰয়োজনীয়৷ এই ক্ষেত্ৰত সপ্তাহভিত্তিক খাদ্য তালিকাৰ পৰিৱৰ্তন (Weekly Menu Rotation) কৰাটো বিশেষ গুৰুত্বপূৰ্ণ৷ প্ৰতিদিনে একে ধৰণৰ খাদ্যৰ পৰিৱৰ্তে বেলেগ-বেলেগ দিনত মিলেট, দাইল, ঋতুভিত্তিক শাক-পাচলি আৰু অন্যান্য স্থানীয় খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিলে খাদ্যৰ বৈচিত্ৰ্য বৃদ্ধি পায়৷ অংগনৱাড়ী কেন্দ্ৰত গৰমকৈ ৰন্ধা আহাৰ প্ৰদৰ্শন কৰি অভিভাৱক, পঞ্চায়ত, আত্ম-সহায়ক গোট আৰু অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতি (Anganwadi Management Committee)ৰ সদস্যসকলক জড়িত কৰিব পাৰি৷ ইয়াৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰত শিশুৱে পোৱা স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্যৰ ধাৰণা পৰিয়ালসমূহেও নিজৰ ঘৰতে অনুসৰণ কৰিব পাৰিব৷

এইবাৰৰ মূল বিষয়বস্তুৰ সৈতে সৰ্বাধিক সামঞ্জস্য থকা বিষয়টো হৈছে সমাজৰ মালিকীস্বত্ব আৰু দায়বদ্ধতা (Community Ownership and Accountability)৷ অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতি গঠন কৰাৰ ব্যৱস্থাই অংগনৱাড়ী সেৱাত সামাজিক অংশগ্ৰহণ আৰু মালিকীস্বত্বৰ এক সুযোগ সৃষ্টি কৰিছে৷ অংগনৱাড়ী মুখ্য সেৱিকাসকলৰ নেতৃত্বত গঠিত এই সমিতিসমূহে পুষ্টি সেৱাৰ পৰ্যালোচনা, জনসচেতনতা, হিতাধিকাৰীসকলৰ অংশগ্ৰহণ আৰু সেৱাৰ মান উন্নত কৰাত সহায় কৰিব পাৰে৷ এই পোষণ মাহৰ সময়ছোৱাত প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰত সমিতিৰ সদস্যসকলৰ অন্ততঃ এখন বৈঠক অনুষ্ঠিত কৰি সমিতিসমূহক সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াৰ সৈতে পুষ্টিকৰ খাদ্য তালিকাৰ প্ৰদৰ্শনো অত্যন্ত গুৰুত্বপূৰ্ণ৷ এনেদৰে অংগনৱাড়ী কেন্দ্ৰত দিনভিত্তিক খাদ্য তালিকা স্পষ্টভাৱে প্ৰদৰ্শিত হ’লে অভিভাৱক আৰু স্থানীয় ৰাইজে ইয়াৰ সবিশেষ জানিব পাৰিব৷

পোষণ মাহ, ২০২৬ৰ চতুৰ্থ বিষয়টো হ’ল “পুষ্টি আৰু শিশুৰ মগজুৰ বিকাশ” (Nutrition and Early Stimulation for Childhood Development)৷ আমি জানো যে জীৱনৰ প্ৰথম ১,০০০ দিন, অৰ্থাৎ গৰ্ভধাৰণৰ পৰা শিশুৰ প্ৰায় দুবছৰ বয়সলৈকে মগজু আৰু শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এই সময়ছোৱাত পৰ্যাপ্ত পুষ্টি, মাতৃৰ যত্ন, দুগ্ধপান, উপযুক্ত পৰিপূৰক আহাৰ, স্বাস্থ্যসেৱা আৰু সংবেদনশীল যত্নই শিশুৰ বিকাশ আৰু ভৱিষ্যতৰ ভেটি গঢ়ি তোলে৷ সংশোধিত গৃহ পৰিদৰ্শন সূচীৰ জৰিয়তে ০-৩ বছৰ বয়সৰ শিশুৰ ৩৪টা বিকাশৰ স্তৰৰ ওপৰত আধাৰিত পৰামৰ্শ আৰু অনুসৰণ অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে৷ অংগনৱাড়ী কৰ্মীসকলে গৃহ পৰিদৰ্শনৰ সময়ত শিশুৰ খাদ্যাভ্যাস, যত্ন, ভাষা বিকাশ, খেল-ধেমালি, যোগাযোগ আৰু প্ৰাৰম্ভিক উদ্দীপনাৰ বিষয়ে অভিভাৱকসকলক উপযুক্ত পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ ইয়াৰ উপৰিও, নৱচেতনা আৰু আধাৰশীলাৰ দৰে শিশুৰ প্ৰাক-প্ৰাথমিক যতন আৰু শিক্ষাৰ পাঠ্যক্ৰমৰ জৰিয়তে বয়স-উপযোগী শিক্ষা, সামগ্ৰিক বিকাশ আৰু বিদ্যালয়লৈ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোও এই প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অংশ৷

এইবাৰৰ পোষণ মাহৰ আন এক বিশেষ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা (PMMVY) আৰু মাতৃৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা৷ ইতিমধ্যে দহ বছৰ সম্পূৰ্ণ হোৱা কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনিৰ জৰিয়তে মাতৃৰ স্বাস্থ্য আৰু পুষ্টি আচৰণক উৎসাহিত কৰাৰ লগতে যোগ্য হিতাধিকাৰীলৈ আৰ্থিক সহায় আগবঢ়োৱা হয়৷ চৰকাৰৰ ই এক গুৰুত্বপূৰ্ণ মাতৃত্বকালীন সুবিধা কাৰ্যসূচী(Maternity Benefit Programme)৷ গৰ্ভৱতী মহিলাৰ বাবে সময়মতে গৰ্ভকালীন স্বাস্থ্য পৰীক্ষা কৰা, পৰ্যাপ্ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, স্বাস্থ্যকৰ অভ্যাস বজাই ৰখা আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷ এই পদক্ষেপসমূহে মাতৃ আৰু গৰ্ভস্থ শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাত সহায় কৰে৷ সেয়ে এইবৰ্ষৰ পোষণ মাহত এই আঁচনিৰ ১০০ শতাংশ সংপৃক্তকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে যাতে কোনো যোগ্য মহিলা আঁচনিখনৰ সুবিধাৰ পৰা বাদ নপৰে৷ তদুপৰি আঁচনিখনৰ যোগ্যতাৰ মাপকাঠী, উপলব্ধ সুবিধা, কিস্তিৰ ধৰণ আৰু আবেদন কৰাৰ পদ্ধতি সম্পৰ্কে মহিলাসকলক সহজ ভাষাত অৱগত কৰাটোও অত্যন্ত প্ৰয়োজনীয়৷

পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজখন দীৰ্ঘম্যাদী৷ এটা শিশুৰ অপুষ্টি এদিনতে সৃষ্টি নহয় আৰু ইয়াক এটা মাহৰ ভিতৰতে সম্পূৰ্ণৰূপে দূৰ কৰাটোও সম্ভৱ নহয়৷ কিন্তু সঠিক বাৰ্তা, সময়োপযোগী সেৱা আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণ ধাৰাবাহিকভাৱে নিশ্চিত কৰিব পাৰিলে ইতিবাচক পৰিৱৰ্তন সম্ভৱ৷ পোষণ মাহে সমাজৰ বিভিন্ন স্তৰৰ লোকক একত্ৰিত কৰি একে সময়তে পুষ্টি, স্বাস্থ্য, শিশুৰ যত্ন আৰু সচেতনতাৰ দৰে একাধিক ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে৷ অসমৰ দৰে ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰ্যময় ৰাজ্যত পোষণ অভিযানৰ সফলতাৰ বাবে স্থানীয় খাদ্য, স্থানীয় জ্ঞান আৰু স্থানীয় সমাধানক বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন৷ কিয়নো অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব খাদ্যাভ্যাস আৰু খাদ্য-সংস্কৃতি আছে যিবোৰক পুষ্টি-সচেতনতা আৰু পুষ্টিকৰ খাদ্যৰ প্ৰচাৰত ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি৷ তদুপৰি, অসমৰ বানপীড়িত আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগপ্ৰৱণ অঞ্চলসমূহত পুষ্টি আৰু স্বাস্থ্য সেৱাৰ ধাৰাবাহিকতা বজাই ৰখাটো এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান৷ এনে পৰিস্থিতিত দুৰ্যোগৰ পূৰ্বেই প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ, সেৱা প্ৰদানকাৰীসকলৰ মাজত সমন্বয় বৃদ্ধি আৰু স্থানীয় সম্প্ৰদায়ৰ সক্ৰিয় সহযোগিতা নিশ্চিত কৰাটো অতি জৰুৰী৷

এটা অংগনৱাড়ী কেন্দ্ৰ ভাল হ’বলৈ কেৱল অংগনৱাড়ী কৰ্মীৰ আন্তৰিকতাই যথেষ্ট নহয়৷ অভিভাৱকে শিশুক নিয়মীয়াকৈ কেন্দ্ৰলৈ পঠিয়াব লাগিব৷ মাতৃসকলে পুষ্টিকৰ খাদ্য আৰু শিশুৰ যত্নৰ বিষয়ে জানিব লাগিব৷ স্থানীয় গাওঁ পঞ্চায়তসমূহে প্ৰয়োজনীয় সহায় কৰিব লাগিব৷ অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিয়ে নিজ-নিজ কেন্দ্ৰৰ সেৱাসমূহ পৰ্যবেক্ষণ কৰিব লাগিব৷ স্বাস্থ্যকৰ্মীয়ে অংগনৱাড়ী কৰ্মীৰ সৈতে সমন্বয় কৰিব লাগিব আৰু সমাজে কেন্দ্ৰটোক নিজৰ অনুষ্ঠান হিচাপে গ্ৰহণ কৰিব লাগিব৷ এগৰাকী মাতৃয়ে যদি নিজৰ শিশুৰ ওজন আৰু বিকাশৰ বিষয়ে সচেতন হয়, এগৰাকী পিতৃয়ে যদি শিশুৰ খাদ্যত প্ৰ’টিন আৰু বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা বুজি পায়, এখন গাঁওসভাই যদি অংগনৱাড়ী কেন্দ্ৰৰ সেৱাৰ মানৰ ওপৰত আলোচনা কৰে আৰু এটা অংগনৱাড়ী কেন্দ্ৰত যদি শিশুৰ বাবে পুষ্টিকৰ আহাৰৰ সৈতে খেল আৰু শিক্ষাৰ পৰিৱেশ গঢ়ি উঠে, তেতিয়াহে পোষণ মাহৰ লক্ষ্য আৰু উদ্দেশ্যই বাস্তৱ ৰূপ লাভ কৰিব৷৷

(ঠিকনাঃ- জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, সোণাৰি, চৰাইদেউ জিলা, ফোনঃ ৯৪৩৫৪২৭৩৭৪)