প্ৰতাৰণা – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

প্ৰতাৰণা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

মই বিচাৰোঁ হেজাৰ উশাহৰ মাজত লুকাই থকা
মোৰ সেই মৃত, নিস্প্ৰাণ উশাহটোক।
সমুদ্ৰৰ এই নীলাবোৰত,
কিংবা জোনাকৰ শুভ্ৰ জোনাকী আভাত
কিবা জানো সঁচাকৈ বিচাৰি পাম?
উষ্ম উদ্গীৰণৰ তপ্ত লাভা
মোৰ ৰক্তাক্ত হৃদয়ত বৈ আহে
দিনে-নিশাই।
শেৱালি কিংবা বকুলৰ সুবাসেও যেন
জুৰাব পৰা নাই মোৰ আত্মাৰ তপ্ত মৰুৰ উন্মাদনা।
নয়নত মাথোঁ ভাঁহি উঠে প্ৰতাৰণাৰ মায়াজাল,
ক্ৰোধৰ অগ্নিবৰ্ষাই ধল হৈ আগচি ধৰি
নিস্তব্ধ কৰি পেলায় মোৰ মন-ফাগুন।
তথাপিও, কিয় আজি এই নিস্প্ৰাণ হৃদয়ে
কেৱল তোমাৰ নামতেই উশাহ ল’ব খোজে?
এই বাস্তৱ জীৱনত এতিয়া
কেৱল উত্তবিহীন প্ৰশ্নবোৰে
জীবন্ত দলিল হৈ হাহাকাৰ কৰে।