বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বাবে এক গৌৰৱৰ খবৰ। বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে আগবাঢ়িছে প্ৰায় ছশ বছৰ ধৰি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰে। দেশৰ ৭৩টা সম্ভাব্য স্থানৰ ভিতৰত এইবাৰ অন্যতম হিচাপে ভাৰতৰ তৰফৰ পৰা ইউনেস্ক’ক আনুষ্ঠানিকভাৱে ৰংপুৰ-শিৱসাগৰৰো মনোনয়ন দাখিল কৰা হৈছে। উল্লেখ্য যে এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আৰু গোলা ঘৰৰ লগতে শিৱদৌলকে ধৰি সকলো আহোম যুগৰ দেৱালয় আৰু পুখুৰীক সামৰি প্রায় ৫০০ ঐতিহাসিক থলীক সামৰি বিশ্ব ঐতিহ্যক্ষেত্র হ’বলৈ গৈ আছে শিৱসাগৰ। সামাজিক মাধ্যমযোগে এই খবৰ জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে, অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন৷ প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে এখোজ আগবাঢ়িছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অনন্য স্থাপত্য কাৰু-কৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই গৌৰৱ। ২০২৪ চনত চৰাইদেউৰ মৈদামে লাভ কৰা বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পাছত ৰংপুৰ–শিৱসাগৰক লৈ এই পদক্ষেপে আহোম সভ্যতাৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত আৰু অধিক উজলাই তুলিব।চৰাইদেউত আহোম ৰাজবংশৰ স্মৃতি, শিৱসাগৰত তেওঁলোকৰ শাসনৰ গৌৰৱ– দুয়ো মিলি সমৃদ্ধ কৰি আহিছে অসমৰ আহোম ইতিহাসৰ মহাগাথা। অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।