বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ যুদ্ধই পালে ৰাষ্ট্ৰসংঘৰ স্বীকৃতি
ৰঙিলী বাৰ্ত্তাসেৱা- বাল্যবিবাহ, বলপূর্বক বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক সমর্থন ৰাষ্ট্ৰসংঘৰ। ২৭নৱেম্বৰ আন্তর্জাতিক বাল্য, সময়পূর্ব আৰু বলপূর্বক বিবাহ বিলুপ্তকৰণ দিৱস ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ এনে ঘোষণাৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰসংঘৰ এনে ঘোষণাক লৈ বিগত সময়ছোৱাত অসমত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযান তথা যুঁজখনক স্বীকৃতি প্রদান কৰা বুলি মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই প্রসংগত এক্স হেন্ডেলযোগে লিখিছে-আজি ৰাষ্ট্ৰসংঘয়ো সেই কথা স্বীকাৰ কৰিছে, যি কথা আমি অসমত আমাৰ বিগত কাৰ্যকালৰ পৰাই দৃঢ়তাৰে কৰি আহিছোঁ বাল্যবিবাহেই হওক বা জোৰ-জবৰদস্তিৰে কৰোৱা বিবাহ, আমাৰ সমাজত এনে অপৰাধৰ কোনো স্থান নাই। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাটো সময়ৰ দাবী। ২৭ নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় বাল্য, সময়পূৰ্ব আৰু বলপূর্বক বিবাহ বর্জন দিৱস হিচাপে কৰা ঘোষণাই এই সামাজিক ব্যাধিৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখনক আৰু অধিক শক্তিশালী কৰি তুলিছে। অসমে বিগত কেইবছৰত বাল্যবিবাহৰ বিৰুদ্ধে যি দৃঢ় আৰু নির্ভীক অভিযান চলাই আহিছে, তাৰ ফলাফল এতিয়া স্পষ্টভাবে দৃশ্যমান। বিগত কেইটামান বর্ষত বাল্যবিবাহ, বলপূর্বক বিবাহৰ বিৰুদ্ধে অসমত ১২ হাজাৰৰো অধিক গোচৰ পঞ্জীয়ন, ১১ হাজাৰৰো অধিক লোক গ্ৰেপ্তাৰ, ২০খন জিলাত বাল্যবিবাহৰ মাত্রা ৮১ শতাংশলৈ হ্রাস পাইছে, কিশোৰী গৰ্ভাৱস্থাৰ দৰে ঘটনা হ্রাস পোৱাৰ বিপৰীতে ৰাজ্যত বৃদ্ধি পাইছে মহিলাৰ উচ্চ শিক্ষাৰ নামভৰ্তিৰ হাৰ। এই পৰিসংখ্যাসমূহো কেৱল সংখ্যাৰ গণ্ডীতে আবদ্ধ কৰিব নোৱাৰি। এয়া হৈছে আমাৰ কন্যাসকলৰ অধিকাৰ সুৰক্ষিত কৰা, তেওঁলোকক শিক্ষাৰ পথলৈ ওভতাই অনা আৰু তেওঁলোকৰ ভৱিষ্যৎ অধিক সুৰক্ষিত কৰাৰ এক দৃঢ় প্রমাণ। মুখ্যমন্ত্রীয়ে লিখিছে- আশ্চর্যজনক কথা, সংযোগপূর্ণভাৱে ৰাষ্ট্ৰসংঘৰ এই ঘোষণা অহাৰ পূৰ্বেই আমি ঘোষণা কৰিছিলোঁ যে নৱেম্বৰ মাহটো বাল্যবিবাহ আৰু জোৰ-জবৰদস্তিৰে কৰোৱা বিবাহৰ বিৰুদ্ধে এক আপোচহীন অভিযানৰ মাহ হিচাপে গ্ৰহণ কৰা হ’ব। কোনো অপৰাধীকে ৰেহাই দিয়া নহ’ব আৰু আমাৰ কন্যাসকলৰ ভৱিষ্যৎ ধ্বংস কৰা প্ৰতিগৰাকী অপৰাধীক আইনৰ সন্মুখীন কৰোৱা হ’ব। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ এই যুঁজ কোনো বিচ্ছিন্ন প্রচেষ্টা নাছিল। প্রায় ৩.৫ কোটি জনসংখ্যাৰ এখন ৰাজ্যত আমি যি অপৰাধৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিলোঁ, সেয়া আচলতে সমগ্ৰ বিশ্বৰ এক গুৰুতৰ সমস্যাৰ বিৰুদ্ধে চলি থকা বৃহত্তৰ যুঁজৰেই অংশ। বাল্যবিবাহৰ বিৰুদ্ধে অসমৰ অভিযানে দেশজুৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিছিল। আজি সেই অভিযানে লাভ কৰা বিশ্বব্যাপী স্বীকৃতিৰ এই ক্ষণ আমাৰ সকলোৰে বাবে বিশেষ।
