ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত পাকিস্তানৰ

Pc NDTV Sports

ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত পাকিস্তানৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা এছিয়া কাপত ভাৰতৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ।  ডুবাইত চলি থকা মহিলা এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ মেচখনত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৰ হাতত নির্লজ্জ আত্মসমর্পণ কৰে পাকিস্তানে। মেচখনত ভাৰতীয় দলটোৱে ৭ উইকেটত জয়লাভ কৰি গ্ৰুপত অপৰাজেয়ৰ ধাৰা অব্যাহত ৰাখে। ইতিমধ্যে ছেমিত স্থান নিশ্চিত কৰা ভাৰতে গ্ৰুপৰ তিনিওখন মেচতে বিজয় সাব্যস্ত কৰে। মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া মাত্র ৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি হৰমনপ্ৰীতৰ অপৰাজিত ১৮ আৰু দীপ্তি শৰ্মাৰ অপৰাজিত ১২ ৰানৰ সহায়ত ভাৰতে ৮.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অ’পেনাৰ শেফালী বার্মাই ১২, স্মৃতি মান্ধানাই ৯ আৰু প্ৰতিকা ৰাৱালে ৪ ৰান কৰি বিদায় লয়। পাকিস্তানৰ হৈ তিনিওটা উইকেট লাভ কৰে ফাতিমা ছানাই। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাটৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে ১৮.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৫ ৰানহে সংগ্ৰহ কৰে। দলটোৰ মাত্র দুগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। অ’পেনাৰদ্বয় মুনিবা আলীয়ে ১৩ আৰু শ্বাৱাল জুলফিকৰে ১৪ ৰানৰ অৱদান আগবঢ়ায়। চৰণী, প্ৰেমা আৰু দীপ্তি শৰ্মাৰ দুর্দান্ত বলিঙৰ সন্মুখত কোনো এজন পাকিস্তানী বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। ভাৰতীয় দলৰ হৈ শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাট উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰাৰ লগতে দীপ্তি শর্মাই দুটা আৰু শেফালী বার্মাই এটা উইকেট লাভ কৰে।