জ্ঞানৰ পোহৰেৰে জীৱন গঢ়া শিক্ষাগুৰু
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
“গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰঃ।
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰীগুৰুৱে নমঃ॥”
পিতৃ-মাতৃৰ পাছতেই গুৰুৰ স্থান। গুৰুক এডাল মমবাতিৰ লগত তুলনা কৰা হয়,যিয়ে নিজেই জ্বলি শেষ হৈ আনক পোহৰ দিয়ে। অৰ্থাৎ শিষ্যসকলক জীৱন পথৰ সন্ধান দিয়ে,চৰিত্ৰ গঠনত সহায় কৰে। পিতৃ ঋণ,মাতৃ ঋণ যেনেদৰে কেতিয়াও পৰিশোধ কৰিব নোৱাৰি,ঠিক তেনেদৰেই গুৰুৰ ঋণ পৰিশোধ কৰাটো সম্ভৱ নহয়।
শিক্ষাগুৰুসকলৰ অৱদানৰ বাবে সন্মান জনোৱাৰ এটা বিশেষ দিন শিক্ষক দিৱস। এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো ৫ ছেপ্তেম্বৰত প্ৰতি বছৰে ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত সৰ্বেপল্লী ৰাধাকৃষ্ণণে জন্মগ্ৰহণ কৰিছিল। তেখেতে ৫ ছেপ্তেম্বৰত কেতিয়াও জন্মদিন হিচাপে পালন কৰাটো বিচৰা নাছিল। ছাত্ৰ-ছাত্ৰীসকলক জন্মদিনটো শিক্ষক দিৱস হিচাপেহে পালন কৰিবলৈ কৈছিল। সেয়েহে ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰৰ পৰা এই দিৱসটোক শিক্ষক দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্ৰপতি,উপ ৰাষ্ট্ৰপতি পদত নিযুক্ত আছিল যদিও নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল।
শিক্ষক দিৱস দিনটোতেই গুৰু আৰু শিষ্যৰ মধুৰ মিলন ঘটে। এনে নহয় যে আমি এই বিশেষ দিনটোতে গুৰুক সন্মান জনাম ।গুৰুক আমি সদায় সন্মান জনোৱাটো উচিত। গুৰুৱে আমাক কেতিয়াও বিপথে পৰিচালিত হ’বলৈ নিশিকায়, সৎ পথেৰে আগুৱাই যাবৰ বাবেই শিক্ষাদান কৰে।কোনোজন গুৰুৱে খঙেৰে আৰু কোনোজনে মৰমেৰে বুজনি দিয়ে। কিন্তু তেখেতসকলৰ অৱদান অমূল্য।
প্ৰতিখন দেশতে শিক্ষক দিৱস পালন কৰা দিনটো সুকীয়া। গুৰুৰ জ্ঞান শ্ৰেণীকোঠাতে আৱদ্ধ নহয়,তেওঁলোক শিষ্যৰ পথপ্ৰদৰ্শক। পাঠ্যপুথিৰ শিক্ষাৰ লগতে গুৰুৱে মূল্যবোধ,নৈতিকতা আৰু জীৱন দক্ষতাও প্ৰদান কৰে।এজন ভাল শিক্ষাগুৰু হৈছে পৰামৰ্শদাতা,নিৰ্দেশক,আৰু অনুপ্ৰেৰণাৰ উৎস। যি শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে।শিক্ষাগুৰুসকল সমাজৰ আদৰ্শ। যিয়ে নেকি কোনো স্বাৰ্থ নথকাকৈ শিক্ষাৰ্থীসকলক একোজন ভাল মানুহ হোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰে। সততা আৰু নিষ্ঠাৰে শিক্ষাদান কৰি সামাজিক উন্নতি সাধন কৰে। শিক্ষাগুৰুসকল হৈছে সমাজৰ আধাৰশিলা।
শিক্ষাগুৰু আৰু শিক্ষাৰ্থী একেডাল জৰীৰে বান্ধ খায় আছে। ইজন আনজনৰ পৰিপূৰক। গুৰু আৰু শিক্ষাৰ্থীৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ। ই বিশ্বাস,সন্মান আৰু যোগাযোগৰ ওপৰত নিৰ্মিত। গুৰুৱে শিক্ষাদান কৰিলেই নহ’ব শিক্ষাৰ্থীয়ে বিষয়টোৰ ওপৰত মনোযোগ দি সঁহাৰি জনালেহে গুৰু আৰু শিক্ষাৰ্থী সমানেই লাভাম্বিত হ’ব।শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ শক্তিশালী বান্ধোন এক সফল শৈক্ষিক যাত্ৰাৰ বাবে অত্যাৱশ্যকীয়। শিক্ষাগুৰুক শিক্ষাৰ্থীসকলে প্ৰতিদিনে সন্মান জনায় যদিও গুৰুক সন্মান জনোৱাৰ বিশেষ মঞ্চ প্ৰদান কৰে শিক্ষক দিৱসটোৱে। উক্ত দিনটোত শিক্ষাগুৰুসকলক প্ৰশংসা কৰাৰ উপৰিও বিশেষ সভা,সাংস্কৃতিক কাৰ্যসূচীৰে উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। শিক্ষাগুৰুৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলেও অন্তৰত বিশেষ স্থান দখল কৰাজন ভগৱানতকৈ কোনোগুণে কম নহয় ।
