একেদিনাই গুৱাহাটীত ভয়াৱহ ভূমিস্খলনত প্রাণ গ’ল ৪জনৰ

একেদিনাই গুৱাহাটীত ভয়াৱহ ভূমিস্খলনত প্রাণ গ’ল ৪জনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ  দুটাকৈ পৃথক পৃথক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই ভূমিস্খলনত একেটা পৰিয়ালৰ তিনিজন সদস্যকে ধৰি চাৰিজন লোকৰ শোকাৱহ মৃত্যু ঘটে। ভূমিস্খলনৰ প্ৰথমটো ঘটনা সংঘটিত হয় ২নং মঠঘৰীয়া নিজৰাপাৰ অঞ্চলত। পুৱাৰে পৰা হোৱা বৰষুণত ২নং মঠঘৰীয়া নিজৰাপাৰ অঞ্চলৰ পাহাৰৰ ওপৰত থকা নগেন ৰাজবংশী নামৰ ব্যক্তিজনৰ বাসগৃহ সোমবাৰে পুৱা প্রায় ৮.৩০ বজাত পাহাৰৰ মাটি খহি সমগ্র বাসগৃহটো সম্পূৰ্ণৰূপে পুতি পেলায় আৰু তাৰ পৰিণতিত নগেন ৰাজবংশী, তেওঁৰ পত্নী চুনু ৰাজবংশী আৰু জীয়ৰী মীনা ৰাজবংশীৰ মৃত্যু ঘটে। অৱশ্যে ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁলোকৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক জীৱন্তে উদ্ধাৰ কৰা হয়। স্থানীয় লোকে মাটিৰ তলৰ পৰা প্ৰায় ডেৰ-দুই ঘণ্টাৰ পাছত মৃতদেহকেইটা উদ্ধাৰ কৰে। ভূমিস্খলনৰ ভয়াৱহতা ইমানেই বেছি আছিল যে পাহাৰৰ ওপৰৰ পৰা গছসহ খহি অহা মাটিয়ে সমগ্র বাসগৃহটো ধ্বংস্তূপত পৰিণত কৰি পুতি পেলায়। প্রায় ৫-৬ ফুট মাটি খান্দিহে স্থানীয় লোকে তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰিবলগা হয়। জানিব পৰা মতে, ঘটনাৰ সময়ত নগেন ৰাজবংশী তেওঁৰ পত্নী আৰু জীয়ৰীৰ সৈতে একেটা কোঠাত শুই থকাৰ বিপৰীতে আন এটা কোঠাত শুই আছিল পুত্ৰ বিপ্লৱ ৰাজবংশী। ঘটনাৰ পিছতে মাটিৰ তলৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তাৰ পাছতে তেওঁলোকৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হয়। এই হৃদয়বিদাৰক ঘটনাৰ বিৱৰণী দি সৌভাগ্যক্রমে ৰক্ষা পৰা পুত্ৰ বিপ্লৱ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত কয়- মই এখন বিছনাত শুই আছিলোঁ আৰু মোৰ মা-দেউতা আৰু ভন্টী আন এখন বিছনাত আছিল। পুৱা প্রায় ৬ বজাত মই টোপনিৰ পৰা সাৰ পাওঁ যদিও মই আকৌ শুলো। কিছুসময়ৰ পিছত মই মাটিখিনি লৰি উঠা যেন পালোঁ। ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকন আৰু স্থানীয় বিধায়ক ড° তপন দাসসহ বহু বিষয়া ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হৈ বিধায়ক ড° তপন দাসে কয় যে চৰকাৰে ক্ষতিগ্রস্ত পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান কৰিব। পাহাৰৰ ওপৰত অতি বিপজ্জনক অৱস্থাত বসবাস কৰা লোকসকলক তললৈ নমাই আনি তলৰ সমতল ভূমিত থকা মেলাৰ বিকল্প ব্যৱস্থা কৰাৰ কথাও সদৰী কৰে বিধায়কগৰাকীয়ে। আনহাতে সাতগাঁৱৰ তালতলাতো নেৰানেপেৰা বৰষুণৰ বাবে আন এক ভূমিস্খলন সংঘটিত হয়। এই ঘটনাত পাহাৰৰ পৰা শিল খহি পৰাত এগৰাকী বৃদ্ধাৰ প্ৰাণবায়ু উৰি যায়। মৃত বৃদ্ধাগৰাকীৰ নাম পি সুমিত্রা বুলি জানিব পৰা গৈছে। অৱশ্যে ঘৰটোৰ ভিতৰত থকা আন চাৰিগৰাকী সদস্যই কথমপি ৰক্ষা পৰে। উল্লেখ্য যে ২নং মঠঘৰীয়াত সংঘটিত ভূমিস্খলনৰ ঘটনাত তিনিগৰাকী একেটা পৰিয়ালৰ সদস্যৰ মৃত্যু হোৱাৰ পাছত জিলা প্রশাসনে এই অঞ্চলৰ ৫টা পৰিয়ালক স্থানান্তৰ কৰিছে। এই ৫টা পৰিয়ালক ২নং মঠঘৰীয়া লক্ষী মন্দিৰ ৰাজহুৱা সভাগৃহত আশ্রয় শিবিৰ পাতি প্রশাসনে অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিছে। স্থানান্তৰ কৰা পৰিয়ালকেইটা হৈছে- যতীন ৰাজবংশী, যোগেন নাথ, হৰেন ৰয়, মতি বৰুৱা আৰু বাবু ৰয়। যতীন ৰাজবংশী হৈছে দুর্ঘটনাত নিহত নগেন ৰাজবংশীৰ ভাতৃ।