তোমালৈ – মেৰী বৰদলৈ

Pc StockCake

তোমালৈ

 মেৰী বৰদলৈ, নগাঁও,ফুলগুৰি

এইয়া চোৱা
তোমালৈ বুলি এটি কবিতা..

তুমি হয়তো নাজানাই
তুমি যে মোৰ
উকা হৃদয়ৰ এমুঠি সান্তনা,
তুমি মোৰ
প্ৰতি সময়ৰ
সাহস আৰু প্ৰেৰণা৷

তুমি হয়তো নাজানাই
মোৰ নিসংগ দুচকুৰ
তুমিয়েই এসন্ধ্যা
তিৰবিৰ বৰ্ণিল জোনাক,
তুমি যে মোৰ
মনৰ আকাশৰ
এখৰাহি সপোন নীলিমা৷

তুমি হয়তো নাজানাই
তোমাতেই যে মোৰ
সৰ্ব্বোচ্চ উৎসৰ্গা
মান অভিমান
ইত্যাদি…. ইত্যাদি…. ইত্যাদি…
তুমিয়েই মোৰ
প্ৰতিদিনৰ অপেক্ষা
নকৰিবা কাহানিও
সেই ভালপোৱাৰ উপহাস…!