ক্ষেত্ৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি

ক্ষেত্ৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ষেত্ৰীত সংঘটিত ৰাজ্য কঁপাই যোৱা শোকাবহ দুর্ঘটনাটোত মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা গাঁতৰ বাবে দেওবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। ৩০-৪০ যাত্রী কঢ়িয়াই  নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-01HC-0716 নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰখনে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতত পৰাৰ ফলত এটা টায়াৰ ফাটি গৈছিল। ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশে গৈ এখন মালবাহী ট্ৰাকত খুন্দা মাৰে ট্ৰেভেলাৰখনে। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ট্ৰেভেলাৰখন প্ৰায় চুচূৰ্মৈ হৈ পৰে। দুৰ্ঘটনাৰ পিছতে বহুসময় ধৰি ভিতৰত আৱদ্ধ হৈ পৰে যাত্ৰীসকল। পৰৱৰ্তী সময়ত এক্সকেভেটৰৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাত পিছতে কেইবাজনো যাত্ৰী আহত হয়। গুৰুতৰভাৱে আহত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতৰ লগতে ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। এই দুর্ঘটনাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা ৭লৈ বৃদ্ধি হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিহতসকলৰ ভিতৰত ট্রেভেলাৰখনৰ চালক জাগীৰোড ভোমোৰাগুৰিৰ গোপাল দাস, হেণ্ডিমেন ক্ষেত্রী কাঁহিকুছিৰ চৌফিকুল আলী , সোণাপুৰ কপালকাটাৰ ইনচান আলী, মৰিগাঁও লাহৰীঘাটৰ অনিমা ডেকা বৰদলৈ, উলুবাৰীৰ ইদ্রিছ আলী। ইপিনে, জাগীৰোডৰ সাপ্তাহিক দেওবৰীয়া বজাৰত পাচলি বিক্ৰী কৰি ক্ষেত্ৰীৰ নিজ ঘৰলৈ অভিশপ্ত ট্রেভেলাৰখনেৰে উভতি আহোঁতেই মৃত্যু হয় জ্যোতিকা ৰংহাঙৰ। আনহাতে জাগীৰোড নখোলাৰ ইলেক্ট্রিচিয়ান প্রশান্ত তালুকদাৰে কামৰ বাবে ট্রেভেলাৰখনত জাগীৰোডৰপৰা গুৱাহাটীলৈ গৈ আছিল। উল্লেখ্য যে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই কালিৰ এই শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়। খানাপাৰাৰ পৰা জাগীৰোডলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোত প্রকান্দ প্রকান্দ গাঁত, এফালে এজাক বৰষুণ দিলেই পথৰ ওপৰত কৃত্রিম বান সৃষ্টি হোৱাৰ ফলতে দৈনিক সংঘটিত হৈছে ভয়াৱহ পথ দুর্ঘটনা। যাৰ ফলত বহু লোক নিহত আৰু আহত হ’বলগীয়া হৈছে। এইক্ষেত্ৰত ৰাইজে টোল কৰ দি আহিছে যদিও পথসমূহৰ কোনো মেৰামতি নকৰে। পথসমূহৰ মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে বহু দিন ধৰি দাবী কৰি অহাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰে। যাৰ ফলত মৰণফান্দত পৰিণত হৈছে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ।