ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৭ দিনৰ সময়সীমা
ৰঙিলী বাৰ্ত্তাসেৱা- ক্ষেত্ৰীৰ পথ দুৰ্ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে সাতজন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছতে দুর্ঘটনাটোক লৈ এখন উচ্চস্তৰীয় বৈঠক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ খানাপাৰাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়া আৰু ডিমৰীয়া সমষ্টিৰ কেইবাগৰাকীও সচেতন লোক উপস্থিত থাকে। কেইবাঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বিভিন্ন কাৰণৰ ওপৰত আলোচনা কৰা হয়। উল্লেখ্য যে দীর্ঘদিন ধৰি সোণাপুৰ-ডিমৰীয়াবাসী ৰাইজে জৰাজীৰ্ণ বাট-পথক লৈ বিভিন্ন অভিযোগ কৰি অহাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লোৱা নাছিল। আজি ইয়াক লৈ বৈঠকত প্ৰাধিকৰণৰ বিষয়াসকলক জবাবদিহি কৰে চৰকাৰে। বৈঠকৰ অন্তত সাংসদ বিজুলী কলিতা মেধিয়ে কয় যে নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আছে ৷ বহু দুৰ্ঘটনা পঞ্জীয়ন নহয় ৷ ক্ষেত্ৰীৰ ঘটনাইহে সকলোৰে চকু খোল খুৱাইছে । বেয়া ৰাস্তাৰ বাবে দৈনিক বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ মূৰ ফাটিছে, কিন্তু সেইবোৰ পোহৰলৈ নাহে । সাধাৰণ মানুহে NHAI-ৰ বিষয়ববীয়াক কেতিয়াও ঢুকি নাপায় । সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি হ’বই লাগিব । ভগ্ন ঘাইপথ মেৰামতিৰ বাবে সাত দিনৰ সময় দিয়া হৈছে। গতিকে, নিৰ্ধাৰিত সময়ৰ ভিতৰত কামখিনি সম্পূৰ্ণ হ’বই লাগিব। ৰাইজৰ দুৰৱস্থা হ’লে আমাৰ অসুবিধা হয়। ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাসে কয় যে কালিৰ ঘটনাটো যথেষ্ট মর্মান্তিক। আমি আগতেও বাট-পথবোৰৰ দুৰ্দশাৰ বিষয়ে প্ৰাধিকৰণক অৱগত কৰিছিলোঁ। ইপিনে, ভয়াৱহ দুর্ঘটনাটোৰ পাছতে কামৰূপ মহানগৰ জিলা প্রশাসনে এখন তদন্ত সমিতি গঠন কৰি দিছে। ডিমৰীয়াবাসী ৰাইজৰ দুজন প্ৰতিনিধি, ডিমৰীয়া সমজিলা আযুক্ত, ডিটিঅ’, চক্ৰ বিষয়া, ডিমৰীয়া সমজিলা আৰক্ষী অধীক্ষকক লৈ গঠন কৰা সমিতিখনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামখিনিৰ ওপৰত তদাৰক কৰি এখন প্রতিবেদন অহা ৮ ছেপ্টেম্বৰত চৰকাৰক দাখিল কৰিব বুলি সদৰী কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পালে। তেওঁ কয় যে নির্দেশ দিয়া ধৰণে কামখিনি সম্পূর্ণ হৈছে নে নাই সেয়া সমিতিখনে তদাৰক কৰিব। অহা ৩ ছেপ্টেম্বৰত ডিমৰীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত পুনৰ আন এখন বৈঠক অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ আলোচনা কৰা হ’ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়ায়ো চৰকাৰে নিৰ্দেশ দিয়া অনুসাৰে সকলো কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ভবিষ্যতে এনে দুর্ঘটনা যাতে পুনৰায় সংঘটিত নহয়, তাৰ প্ৰতি সতর্ক দৃষ্টি ৰখা হ’ব বুলি কয়।
