ক্ষেত্ৰীৰ  দুর্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ক্ষেত্ৰীৰ  দুর্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে ক্ষেত্ৰীৰ দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। পৰিদৰ্শন কৰাৰ সময়তে ক্ষেত্ৰীৰ তেতেলীয়াত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া সংঘটিত শোকাৱহ পথ দুর্ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিব বুলি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে তদন্তত দোষী সাব্যস্ত হোৱা ব্যক্তিক আইনৰ আওতালৈ অনা হ’ব। ইফালে, দুৰ্ঘটনাত নিহত হোৱা ৭ গৰাকী ব্যক্তিৰ নিকটাত্মীক ৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰে। আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আহত লোকসকলৰ চিকিৎসা সম্পূর্ণ বিনামূলীয়াকৈ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ছাৰ্ভিচ পথৰ ভগ্ন অংশবোৰৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। উল্লেখ্য যে কালি সন্ধিয়া ক্ষেত্ৰীৰ তেতেলীয়াত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন ট্রেভেলাৰ আৰু বিপৰীত দিশৰপৰা যোৱা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৭গৰাকী লোক নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক আহত হৈছিল। দুর্ঘটনাস্থলী পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় ঘাইপথটোত থকা গাঁত আৰু পথটো ভালদৰে চোৱাচিতা নকৰাৰ পৰিণতিতে দুর্ঘটনাটো সংঘটিত হোৱাৰ কথা আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে সাধাৰণতে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঠিকাদাৰক দায়িত্ব দিয়ে আৰু এইক্ষেত্ৰত ঠিকাদাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰা নাছিল। এই সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষই পথটো শীঘ্ৰে মেৰামতি কৰাৰ আশ্বাস দিয়া বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনেধৰণৰ দুৰ্ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ মেৰামতি নকৰাকৈ টোল সংগ্ৰহ কৰি থকা বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ পৰা যিমান টোল সংগ্ৰহ কৰে, তাতকৈ বেছি পুঁজিৰ প্ৰকল্প অসমক দিছে। সেয়া কাজিৰঙাৰ এলিভেটেড কৰিড’ৰেই হওক, নুমলীগড়-গহপুৰ নদী সুৰংগই হওক বা শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বিষয়টোৱেই হওক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিশ্চিতভাৱে পথ মেৰামতিত গুৰুত্ব দিয়া উচিত। ৰাইজে এইক্ষেত্রত যি সিদ্ধান্ত গ্রহণ কৰে, চৰকাৰে সেই সিদ্ধান্তমতেই থাকিব। দুর্ঘটনাস্থলী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ড° তপন দাস, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, জিলা আযুক্ত প্ৰমুখ্যে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই সংগ দিয়ে।