তিনিবছৰীয়া ডিপ্ল’মা পলিটেকনিক পাঠ্যক্ৰম : নামভৰ্তিৰ যোগ্যতা আৰু কেৰিয়াৰৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী
অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম এক গুৰুত্বপূৰ্ণ শিক্ষাৰ পথ। এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী প্ৰশিক্ষণ আৰু বাস্তৱ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায়। বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ পাছতেই অভিযান্ত্ৰিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত আগবাঢ়িব বিচৰা শিক্ষাৰ্থীৰ বাবে পলিটেকনিক শিক্ষা এক উল্লেখযোগ্য বিকল্প।
তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত কেৱল চাকৰিৰ সুযোগেই নহয়, উচ্চ শিক্ষা, এপ্ৰেণ্টিছশ্বিপ, দক্ষতা বিকাশ, চৰকাৰী নিযুক্তি আৰু স্ব-নিয়োজনৰ দৰে বিভিন্ন পথ শিক্ষাৰ্থীৰ সন্মুখত মুকলি হয়। কিন্তু এই শিক্ষাৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে নামভৰ্তিৰ যোগ্যতা, বয়স, আবাসিক অৱস্থা, বিশেষ কোটা আৰু উপলব্ধ পলিটেকনিকসমূহৰ বিষয়ে সঠিক ধাৰণা থকাটো অত্যন্ত প্ৰয়োজনীয়।
তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলে যোগ্য কৰ্তৃপক্ষই জাননী প্ৰকাশ কৰাৰ সময়ত নিৰ্ধাৰিত অনলাইন প’ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগে। সেয়েহে আগ্ৰহী শিক্ষাৰ্থীসকলে নামভৰ্তি সম্পৰ্কীয় জাননী, সময়সীমা আৰু অন্যান্য নিৰ্দেশনাসমূহ নিয়মিতভাৱে অনুসৰণ কৰা উচিত।
নামভৰ্তিৰ মূল শিক্ষাগত যোগ্যতা হ’ল হাইস্কুল শিক্ষান্ত বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হোৱা। প্ৰাৰ্থীয়ে গণিত আৰু বিজ্ঞান বিষয় দুটা বাধ্যতামূলক বিষয় হিচাপে অধ্যয়ন কৰি একেটা পৰীক্ষাৰ সুযোগতে উত্তীৰ্ণ হ’ব লাগে। বিজ্ঞান আৰু গণিত বিষয়ত গ্ৰেছ মাৰ্কৰ ভিত্তিত যোগ্যতা লাভ কৰা প্ৰাৰ্থীক এই ক্ষেত্ৰত বিবেচনা কৰা নহয়। তদুপৰি, প্ৰাৰ্থীয়ে তত্ত্বীয় আৰু ব্যৱহাৰিক পৰীক্ষা অথবা অভ্যন্তৰীণ মূল্যায়নৰ ক্ষেত্ৰতো পৃথকভাৱে উত্তীৰ্ণ হ’ব লাগিব।
গণিত আৰু বিজ্ঞান বিষয়ৰ গড় নম্বৰৰ ক্ষেত্ৰত বিভিন্ন শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ভিন্ন ন্যূনতম মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণ, OBC আৰু MOBC-NCL শ্ৰেণীৰ প্ৰাৰ্থীয়ে গণিত আৰু বিজ্ঞানত গড়ে কমেও ৪০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অনুসূচিত জাতি (SC) শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে এই ন্যূনতম গড় নম্বৰ ৩৫ শতাংশ আৰু অনুসূচিত জনজাতি (ST) শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩৩ শতাংশ। বিশেষভাৱে সক্ষম ব্যক্তি (PwD)ৰ ক্ষেত্ৰত প্ৰয়োজনীয় শতাংশ তেওঁৰ বা তেওঁৰ মূল শ্ৰেণী অনুসৰি নিৰ্ধাৰিত হয়।নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং (NIOS)ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত কিছুমান বিশেষ ব্যৱস্থা আছে। এই ব’ৰ্ডৰ শিক্ষাৰ্থীৰ বাবে বিজ্ঞানৰ সলনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিষয়টো বিবেচনা কৰিব পাৰি। একেদৰে, প্ৰযোজ্য ক্ষেত্ৰত সামাজিক বিজ্ঞানৰ সলনি অধিক নম্বৰ পোৱা আন কোনো বিষয় বিবেচনা কৰা হ’ব পাৰে।কাউন্সিল ফৰ দা ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেচনছ (ICSE) ব’ৰ্ডৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত সামাজিক বিজ্ঞানৰ সলনি ইতিহাস আৰু নাগৰিক বিজ্ঞান অথবা ভূগোল বিষয়ৰ নম্বৰ বিবেচনা কৰিব পাৰি।এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিয়ম হ’ল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ্থীক নামভৰ্তিৰ অনুমতি দিয়া নহয়। সেয়েহে ডিপ্ল’মা পাঠ্যক্ৰমত আবেদন কৰাৰ আগতে শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত সকলো বিষয়ত প্ৰয়োজনীয় নিয়ম অনুসৰি সফলভাৱে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
নামভৰ্তি বৰ্ষৰ ৩১ ডিচেম্বৰত প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৬ বছৰ হ’ব লাগে। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কোনো সৰ্বোচ্চ বয়সসীমা নিৰ্ধাৰণ কৰা হোৱা নাই। ফলত নিৰ্ধাৰিত শিক্ষাগত আৰু অন্যান্য যোগ্যতা পূৰণ কৰা বিভিন্ন বয়সৰ প্ৰাৰ্থীয়ে নামভৰ্তিৰ সুযোগ লাভ কৰিব পাৰে।
শাৰীৰিক আৰু মানসিক সক্ষমতা
ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থী শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’ব লাগিব। নামভৰ্তিৰ সময়ত নিৰ্ধাৰিত নিয়ম অনুসৰি পঞ্জীয়নভুক্ত চিকিৎসকৰ পৰা স্বাস্থ্য বা শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব পাৰে। সেয়েহে শিক্ষাৰ্থীসকলে নামভৰ্তিৰ সময়ত প্ৰয়োজন হ’ব পৰা চিকিৎসা-সম্পৰ্কীয় নথিপত্ৰ আগতীয়াকৈ সাজু কৰি ৰখা উচিত।
আবাসিক যোগ্যতাও নামভৰ্তিৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ চৰ্ত। প্ৰাৰ্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। কাউন্সেলিঙৰ সময়ত প্ৰাৰ্থীয়ে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (PRC) দাখিল কৰিব লাগে। যদি কোনো প্ৰাৰ্থীয়ে প্ৰয়োজনীয় PRC দাখিল কৰিব নোৱাৰে, তেন্তে তেওঁৰ আসন বাতিল হ’ব পাৰে। আনকি অধ্যয়নৰ যিকোনো পৰ্যায়ত প্ৰাৰ্থীৰ আবাসিক যোগ্যতা বা দাখিল কৰা নথিপত্ৰ অবৈধ বুলি প্ৰমাণিত হ’লে তেওঁৰ আসন বাতিল কৰাৰ ব্যৱস্থা থাকিব পাৰে। সেয়েহে আবেদন কৰাৰ পূৰ্বে বৈধ PRCসহ সকলো প্ৰয়োজনীয় নথিপত্ৰ সঠিকভাৱে সংগ্ৰহ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়।
ক্ৰীড়া ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীৰ বাবে ক্ৰীড়া কোটাৰ অধীনত নামভৰ্তিৰ সুযোগ আছে। এই কোটাৰ বাবে বিবেচিত হ’বলৈ প্ৰাৰ্থী অসম অলিম্পিক সন্থা, ৰাজ্যিক ক্ৰীড়া সন্থা অথবা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা ৰাজ্যিক ক্ৰীড়া, ৰাজ্যিক চেম্পিয়নশ্বিপ বা প্ৰতিযোগিতাত পদক বিজয়ী হ’ব লাগিব।
ক্ৰীড়া কোটাৰ অধীনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত সাধাৰণতে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ অগ্ৰাধিকাৰৰ ক্ৰম অনুসৰণ কৰা হয়। প্ৰাৰ্থীয়ে লাভ কৰা পদকসমূহ আবেদন বা নামভৰ্তিৰ সময়ৰ পূৰ্বৱৰ্তী তিনি বছৰৰ ভিতৰত লাভ কৰা হ’ব লাগে। সেয়েহে এই কোটাৰ অধীনত আবেদন কৰিব বিচৰা শিক্ষাৰ্থীসকলে নিজৰ ক্ৰীড়া-সম্পৰ্কীয় সাফল্য আৰু প্ৰমাণপত্ৰসমূহ নিৰ্ধাৰিত নিয়ম অনুসৰি সঠিকভাৱে সাজু কৰি ৰাখিব লাগে।
নেচনেল কেডেট কৰ্পছ (NCC) কোটাৰ অধীনত প্ৰাৰ্থী বাছনি NCC পৰীক্ষাৰ প্ৰমাণপত্ৰ আৰু লাভ কৰা গ্ৰেডৰ ভিত্তিত মেধাৰ ক্ৰম অনুসৰি কৰা হয়। এই প্ৰমাণপত্ৰসমূহ NCCৰ কমাণ্ডিং অফিচাৰ অথবা তাতকৈ উচ্চ পৰ্যায়ৰ অনুমোদিত কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত হ’ব লাগিব। NCC কোটাৰ মেধাৰ ক্ৰমত সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰে ‘C’ প্ৰমাণপত্ৰত ‘A’ গ্ৰেড লাভ কৰা প্ৰাৰ্থীয়ে। ইয়াক ৰেংক-I হিচাপে গণ্য কৰা হয়। ‘C’ প্ৰমাণপত্ৰত ‘B’ গ্ৰেড লাভ কৰাসকলক ৰেংক-II আৰু ‘C’ প্ৰমাণপত্ৰত ‘C’ গ্ৰেড লাভ কৰাসকলক ৰেংক-III হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত ‘B’ প্ৰমাণপত্ৰত ‘A’ গ্ৰেড লাভ কৰাসকলক ৰেংক-IV, ‘B’ প্ৰমাণপত্ৰত ‘B’ গ্ৰেড লাভ কৰাসকলক ৰেংক-V আৰু ‘B’ প্ৰমাণপত্ৰত ‘C’ গ্ৰেড লাভ কৰাসকলক ৰেংক-VI হিচাপে বিবেচনা কৰা হয়।
আনহাতে, ‘A’ প্ৰমাণপত্ৰত ‘A’ গ্ৰেড লাভ কৰাসকলক ৰেংক-VII, ‘A’ প্ৰমাণপত্ৰত ‘B’ গ্ৰেড লাভ কৰাসকলক ৰেংক-VIII আৰু ‘A’ প্ৰমাণপত্ৰত ‘C’ গ্ৰেড লাভ কৰাসকলক ৰেংক-IX হিচাপে গণ্য কৰা হয়। অৰ্থাৎ, উচ্চ পৰ্যায়ৰ NCC প্ৰমাণপত্ৰ আৰু উন্নত গ্ৰেড লাভ কৰা প্ৰাৰ্থীয়ে এই কোটাৰ অধীনত অধিক অগ্ৰাধিকাৰ লাভ কৰে।
অসমৰ বিভিন্ন অঞ্চলত পলিটেকনিকসমূহ স্থাপন কৰা হৈছে, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ অঞ্চলৰ ওচৰতে বা পছন্দৰ প্ৰতিষ্ঠানত কাৰিকৰী শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। এই শিক্ষানুষ্ঠানসমূহে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন শাখাত ডিপ্ল’মা শিক্ষা প্ৰদান কৰি দক্ষ কাৰিকৰী মানৱ সম্পদ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমত থকা পলিটেকনিক কেইখন হ’ল : ১। অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী,২। গাৰ্লছ পলিটেকনিক, গুৱাহাটী,৩। বঙাইগাঁও পলিটেকনিক,৪। শিলচৰ পলিটেকনিক, ৫। নগাঁও পলিটেকনিক,৬। প্ৰিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, যোৰহাট, ৭। ডিব্ৰুগড় পলিটেকনিক,৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট,৯। অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী,১০। ডিফু পলিটেকনিক, ডিফু,১১। বাক্সা পলিটেকনিক,১২। বৰপেটা পলিটেকনিক,১৩। ধেমাজি পলিটেকনিক,১৪। কৰিমগঞ্জ পলিটেকনিক,১৫। লখিমপুৰ পলিটেকনিক,১৬। গোলাঘাট পলিটেকনিক,১৭। গোৱালপাৰা পলিটেকনিক,১৮। নলবাৰী পলিটেকনিক,১৯। কামৰূপ পলিটেকনিক,২০। শিৱসাগৰ পলিটেকনিক,২১। শোণিতপুৰ পলিটেকনিক,২২। তিনিচুকীয়া পলিটেকনিক,২৩। মৰিগাঁও পলিটেকনিক,২৪। ওদালগুৰি পলিটেকনিক,২৫। হাইলাকান্দি পলিটেকনিক,২৬। চিৰাং পলিটেকনিক । এই পলিটেকনিকসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ শাখাত কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতৰ কৰ্মজীৱনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে।
তিনি বছৰীয়া অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীসকলৰ সন্মুখত কেৰিয়াৰ গঢ়াৰ বিভিন্ন পথ মুকলি হয়। ডিপ্ল’মা শিক্ষাই তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী প্ৰশিক্ষণ আৰু উদ্যোগভিত্তিক অভিজ্ঞতাৰ এক শক্তিশালী ভিত্তি গঢ়ি তোলে। ফলত ডিপ্লমাধাৰীসকলে নিজৰ বিশেষ বিষয় অনুসৰি চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান, বিভিন্ন উদ্যোগ, সেৱা খণ্ড, উৎপাদন ক্ষেত্ৰ আৰু কাৰিকৰী সংস্থাত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। তলত বিভিন্ন পাঠ্যক্ৰমৰ কেৰিয়াৰৰ সুযোগসমূহ চমুকৈ উল্লেখ কৰা হৈছে।
চিভিল ইঞ্জিনিয়াৰিং :চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰীসকলে নিৰ্মাণ প্ৰতিষ্ঠান, আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প, চৰকাৰী বিভাগ, পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰু ৰিয়েল-এষ্টেট খণ্ডত কাম কৰাৰ সুযোগ লাভ কৰে। ছাইট ছুপাৰভাইজাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, চাৰ্ভেয়াৰ, পৰিমাণ নিৰ্ধাৰণ সহায়ক, গুণগত নিয়ন্ত্ৰণ সহায়ক আৰু কম্পিউটাৰ-সহায়িত নক্সা প্ৰস্তুতকাৰী হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।
মেকানিকেল ইঞ্জিনিয়াৰিং:মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰীসকলৰ বাবে উৎপাদন, যন্ত্ৰপাতি, ৰক্ষণাবেক্ষণ, অটোম’বাইল, শক্তি, তেল আৰু গেছ, লগতে বিভিন্ন উৎপাদন উদ্যোগত সুযোগ থাকে। তেওঁলোকে মেকানিকেল টেকনিচিয়ান, উৎপাদন ছুপাৰভাইজাৰ, ৰক্ষণাবেক্ষণ টেকনিচিয়ান, গুণগত নিয়ন্ত্ৰণ পৰিদৰ্শক, নক্সা প্ৰস্তুতকাৰী আৰু কৰ্মশালা ছুপাৰভাইজাৰ হিচাপে কাম কৰিব পাৰে।
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং:বিদ্যুৎ উৎপাদন, সঞ্চালন আৰু বিতৰণ, বৈদ্যুতিক সঁজুলি, উদ্যোগ আৰু বিভিন্ন সেৱা খণ্ডত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰীসকলৰ কৰ্মসংস্থাপনৰ সুযোগ আছে। ইলেক্ট্ৰিকেল টেকনিচিয়ান, ৰক্ষণাবেক্ষণ টেকনিচিয়ান, পৰীক্ষণ টেকনিচিয়ান আৰু ছুপাৰভাইজাৰ হিচাপে কাম কৰিব পাৰে।
কম্পিউটাৰ ইঞ্জিনিয়াৰিং:কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰীসকলে কম্পিউটাৰ হাৰ্ডৱেৰ, নেটৱৰ্কিং, তথ্য-প্ৰযুক্তি সহায়তা, ৱেব ডেভেলপমেণ্ট আৰু ছিষ্টেম সহায়তাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰে। প্ৰগ্ৰামিং, নেটৱৰ্কিং, চাইবাৰ সুৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক ক্ষেত্ৰত অতিৰিক্ত দক্ষতা আহৰণ কৰিলে কেৰিয়াৰৰ সুযোগ অধিক বৃদ্ধি পায়।
ইনষ্ট্ৰুমেণ্টেচন টেকন’লজী:এই বিষয়ৰ ডিপ্লমাধাৰীসকলে যন্ত্ৰ নিয়ন্ত্ৰণ, পৰিমাপ আৰু স্বয়ংক্ৰিয়কৰণৰ সৈতে জড়িত ক্ষেত্ৰত কাম কৰিব পাৰে। ইনষ্ট্ৰুমেণ্ট টেকনিচিয়ান, কেলিব্ৰেচন টেকনিচিয়ান, প্ৰক্ৰিয়া নিয়ন্ত্ৰণ টেকনিচিয়ান আৰু অটোমেচন টেকনিচিয়ান হিচাপে তেল আৰু গেছ, বিদ্যুৎ, ৰাসায়নিক, ঔষধ আৰু উৎপাদন উদ্যোগত সুযোগ লাভ কৰিব পাৰে।
কেমিকেল ইঞ্জিনিয়াৰিং:ৰাসায়নিক উদ্যোগ, পেট্ৰ’লিয়াম, ঔষধ, সাৰ আৰু অন্যান্য প্ৰক্ৰিয়াভিত্তিক উদ্যোগত এই বিষয়ৰ ডিপ্লমাধাৰীসকলৰ সুযোগ আছে। তেওঁলোকে প্ৰক্ৰিয়া টেকনিচিয়ান, প্লাণ্ট অপাৰেটৰ, উৎপাদন ছুপাৰভাইজাৰ, গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান আৰু সুৰক্ষা সহায়ক হিচাপে কাম কৰিব পাৰে।
টেক্সটাইল টেকন’লজী:টেক্সটাইল উদ্যোগত উৎপাদন, কাপোৰ প্ৰস্তুতকৰণ, প্ৰক্ৰিয়াকৰণ, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষণৰ সৈতে জড়িত বিভিন্ন পদত কাম কৰাৰ সুযোগ থাকে। টেক্সটাইল উৎপাদন ছুপাৰভাইজাৰ, গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান, প্ৰচেছিং টেকনিচিয়ান আৰু টেক্সটাইল পৰীক্ষণ সহায়ক হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।
এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং:কৃষি যন্ত্ৰপাতি, জলসিঞ্চন, কৃষি-প্ৰযুক্তি আৰু কৃষিভিত্তিক উদ্যোগৰ সৈতে জড়িত ক্ষেত্ৰত এই বিষয়ৰ ডিপ্লমাধাৰীসকলৰ সুযোগ আছে। কৃষি যন্ত্ৰপাতি টেকনিচিয়ান, জলসিঞ্চন টেকনিচিয়ান, কৃষি সঁজুলি ছুপাৰভাইজাৰ আৰু কৃষি-প্ৰযুক্তি সহায়ক হিচাপে কাম কৰিব পাৰে।
আৰ্কিটেকচাৰেল এছিষ্টেণ্টশ্বিপ: স্থাপত্য প্ৰতিষ্ঠান, নিৰ্মাণ কোম্পানী আৰু অভ্যন্তৰীণ সজ্জা প্ৰতিষ্ঠানত আৰ্কিটেকচাৰেল এছিষ্টেণ্ট, কম্পিউটাৰ-সহায়িত নক্সা প্ৰস্তুতকাৰী, ত্ৰিমাত্ৰিক দৃশ্যায়ন সহায়ক আৰু ছাইট ছুপাৰভাইজাৰ হিচাপে কাম কৰাৰ সুযোগ থাকে।
টেক্সটাইল ডিজাইন :কাপোৰৰ নক্সা, ৰং, আৰ্হি আৰু ডিজাইনৰ সৈতে জড়িত ক্ষেত্ৰত টেক্সটাইল ডিজাইনৰ ডিপ্লমাধাৰীসকলে কেৰিয়াৰ গঢ়িব পাৰে। টেক্সটাইল ডিজাইনাৰ, ফেব্ৰিক ডিজাইনাৰ, কম্পিউটাৰ-সহায়িত ডিজাইনাৰ আৰু ডিজাইন সহায়ক হিচাপে কাম কৰাৰ সুযোগ থাকে।
ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং: ইলেক্ট্ৰনিক্স, যোগাযোগ আৰু টেলিকমিউনিকেচন খণ্ডত এই বিষয়ৰ ডিপ্লমাধাৰীসকলৰ বিভিন্ন সুযোগ আছে। ইলেক্ট্ৰনিক্স টেকনিচিয়ান, টেলিকম টেকনিচিয়ান, নেটৱৰ্ক সহায়ক, ৰক্ষণাবেক্ষণ টেকনিচিয়ান আৰু সেৱা অভিযন্তা হিচাপে কাম কৰিব পাৰে।
মেকানিকেল (অটোম’বাইল) ইঞ্জিনিয়াৰিং: অটোম’বাইল নিৰ্মাণ আৰু সেৱা খণ্ডত এই বিষয়ৰ ডিপ্লমাধাৰীসকলৰ যথেষ্ট সুযোগ আছে। অটোম’বাইল সেৱা টেকনিচিয়ান, ৱৰ্কশ্বপ ছুপাৰভাইজাৰ, যানবাহন ৰক্ষণাবেক্ষণ টেকনিচিয়ান, গুণগত পৰিদৰ্শক আৰু সেৱা পৰামৰ্শদাতা হিচাপে কাম কৰিব পাৰে।
বায়’মেডিকেল ইঞ্জিনিয়াৰিং :চিকিৎসালয়, ডায়েগনষ্টিক কেন্দ্ৰ আৰু চিকিৎসা সঁজুলি-সম্পৰ্কীয় প্ৰতিষ্ঠানত বায়’মেডিকেল সঁজুলিৰ ৰক্ষণাবেক্ষণ আৰু সেৱাৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ থাকে। বায়’মেডিকেল সঁজুলি টেকনিচিয়ান, চিকিৎসা সঁজুলি ৰক্ষণাবেক্ষণ টেকনিচিয়ান আৰু সেৱা অভিযন্তা হিচাপে কাম কৰিব পাৰে।
প্ৰিণ্টিং টেকন’লজী :মুদ্ৰণ প্ৰতিষ্ঠান, প্ৰকাশন সংস্থা, পেকেজিং উদ্যোগ আৰু সংবাদপত্ৰ প্ৰতিষ্ঠানত প্ৰিণ্টিং টেকনিচিয়ান, প্ৰি-প্ৰেছ টেকনিচিয়ান, প্ৰেছ অপাৰেটৰ, উৎপাদন ছুপাৰভাইজাৰ আৰু গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান হিচাপে কাম কৰাৰ সুযোগ থাকে।
ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং : উৎপাদন উদ্যোগত এই বিষয়ৰ ডিপ্লমাধাৰীসকলে উৎপাদন ছুপাৰভাইজাৰ, গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান, ঔদ্যোগিক অভিযান্ত্ৰিক সহায়ক, উৎপাদন পৰিকল্পনা সহায়ক আৰু কাৰ্য-ব্যৱস্থাপনা ছুপাৰভাইজাৰ হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।
ফেশ্বন টেকন’লজী :ফেশ্বন আৰু পোছাক উদ্যোগত ফেশ্বন সহায়ক, উৎপাদন সমন্বয়ক, ফেশ্বন ডিজাইন সহায়ক, মার্চেণ্ডাইজিং সহায়ক আৰু পোছাক উৎপাদন খণ্ডৰ বিভিন্ন কাৰিকৰী পদত কাম কৰাৰ সুযোগ থাকে।
গাৰ্মেণ্ট টেকন’লজী :গাৰ্মেণ্ট উৎপাদন উদ্যোগত উৎপাদন ছুপাৰভাইজাৰ, পেটাৰ্ণ-মেকিং সহায়ক, গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান, মার্চেণ্ডাইজিং সহায়ক আৰু উৎপাদন পৰিকল্পনাৰ সৈতে জড়িত কাম কৰাৰ সুযোগ থাকে।
মেডিকেল ইলেক্ট্ৰনিক্স : চিকিৎসা সঁজুলিৰ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক ব্যৱস্থাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এই বিষয়ৰ ডিপ্লমাধাৰীসকলৰ সুযোগ আছে। চিকিৎসালয়, ডায়েগনষ্টিক কেন্দ্ৰ আৰু চিকিৎসা সঁজুলি-সম্পৰ্কীয় প্ৰতিষ্ঠানত মেডিকেল ইলেক্ট্ৰনিক্স টেকনিচিয়ান, সঁজুলি ৰক্ষণাবেক্ষণ টেকনিচিয়ান আৰু সেৱা অভিযন্তা হিচাপে কাম কৰিব পাৰে।
ফুড প্ৰচেছিং টেকন’লজী : খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, দুগ্ধ উদ্যোগ, পানীয় উদ্যোগ আৰু খাদ্য পেকেজিং খণ্ডত এই বিষয়ৰ ডিপ্লমাধাৰীসকলে বিভিন্ন সুযোগ লাভ কৰিব পাৰে। খাদ্য প্ৰক্ৰিয়াকৰণ টেকনিচিয়ান, উৎপাদন ছুপাৰভাইজাৰ, গুণগত নিয়ন্ত্ৰণ টেকনিচিয়ান আৰু পেকেজিং টেকনিচিয়ান হিচাপে কাম কৰিব পাৰে।
মাইনিং ইঞ্জিনিয়াৰিং : খনি উদ্যোগ আৰু খনিজ সম্পদ অনুসন্ধান তথা আহৰণৰ সৈতে জড়িত প্ৰতিষ্ঠানত মাইনিং টেকনিচিয়ান, মাইন ছুপাৰভাইজাৰ, চাৰ্ভে সহায়ক আৰু সুৰক্ষা সহায়ক হিচাপে কৰ্মসংস্থাপনৰ সুযোগ থাকে।
কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং : কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰীসকলে প্ৰগ্ৰামিং, ৱেব ডেভেলপমেণ্ট, নেটৱৰ্কিং, তথ্য-প্ৰযুক্তি সেৱা, ছিষ্টেম সহায়তা আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰে। ছফ্টৱেৰ সহায়ক, ৱেব ডেভেলপাৰ, প্ৰগ্ৰামিং সহায়ক, নেটৱৰ্ক টেকনিচিয়ান আৰু ছিষ্টেম সহায়তা কৰ্মী হিচাপে কাম কৰাৰ সুযোগ থাকে।
উচ্চ শিক্ষাৰ সুযোগ
তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীসকলৰ সন্মুখত উচ্চ শিক্ষাৰ পথো মুকলি থাকে। যোগ্য শিক্ষাৰ্থীসকলে প্ৰচলিত নিয়ম আৰু সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ নীতি অনুসৰি বি.টেক. বা বি.ই. পাঠ্যক্ৰমত লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ ডিপ্ল’মা শাখাৰ সৈতে সামঞ্জস্য থকা অন্যান্য স্নাতক, বিশেষীকৃত কাৰিকৰী আৰু দক্ষতাভিত্তিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সুযোগ থাকে। উচ্চ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ বিষয়ত অধিক গভীৰ জ্ঞান লাভ কৰাৰ লগতে ভৱিষ্যতে উচ্চ পৰ্যায়ৰ কাৰিকৰী, ব্যৱস্থাপনা আৰু বিশেষজ্ঞতাভিত্তিক ক্ষেত্ৰত আগবাঢ়িব পাৰে।
ডিপ্ল’মা সম্পূৰ্ণ কৰাৰ পাছত এপ্ৰেণ্টিছশ্বিপ এক অত্যন্ত গুৰুত্বপূৰ্ণ পথ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে উদ্যোগ বা প্ৰতিষ্ঠানত বাস্তৱ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতা লাভ কৰিব পাৰে। পাঠ্যক্ৰমত শিকা তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান বাস্তৱ পৰিস্থিতিত প্ৰয়োগ কৰাৰ সুযোগ পোৱাৰ লগতে ভৱিষ্যতৰ চাকৰিৰ বাবে প্ৰয়োজনীয় দক্ষতা বৃদ্ধি হয়। ইয়াৰ উপৰিও আধুনিক প্ৰযুক্তি, কম্পিউটাৰ-সহায়িত নক্সা, অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা, তথ্য-প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি, গুণগত নিয়ন্ত্ৰণ, সুৰক্ষা আৰু উদ্যোগভিত্তিক অন্যান্য দক্ষতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰি।
ডিপ্ল’মাধাৰীসকলে বিভিন্ন চৰকাৰী বিভাগ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থাৰ কাৰিকৰী পদত নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে। সংশ্লিষ্ট নিয়োগকাৰী সংস্থাই নিৰ্ধাৰণ কৰা যোগ্যতা আৰু নিযুক্তি প্ৰক্ৰিয়া অনুসৰি বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰে।
বেচৰকাৰী খণ্ডতো নিৰ্মাণ, উৎপাদন, অটোম’বাইল, তথ্য-প্ৰযুক্তি, শক্তি, টেলিকমিউনিকেচন, খাদ্য প্ৰক্ৰিয়াকৰণ, চিকিৎসা সঁজুলি, টেক্সটাইল আৰু অন্যান্য উদ্যোগত দক্ষ ডিপ্লমাধাৰীসকলৰ প্ৰয়োজন থাকে। নিজৰ বিষয়ৰ সৈতে সামঞ্জস্য থকা আধুনিক দক্ষতা আৰু বাস্তৱ অভিজ্ঞতা বৃদ্ধি কৰিব পাৰিলে কৰ্মসংস্থাপনৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।
কাৰিকৰী ডিপ্ল’মা লাভ কৰাৰ পাছত শিক্ষাৰ্থীয়ে নিজা ব্যৱসায় বা সেৱাভিত্তিক উদ্যোগো আৰম্ভ কৰিব পাৰে। উদাহৰণস্বৰূপে, কম্পিউটাৰ সেৱা, নক্সা আৰু ডিজাইন সেৱা, বৈদ্যুতিক বা ইলেক্ট্ৰনিক্স সেৱা, অটোম’বাইল মেৰামতি, কৃষি যন্ত্ৰপাতি সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, গাৰ্মেণ্ট বা ডিজাইনভিত্তিক উদ্যোগ আদি ক্ষেত্ৰত নিজৰ দক্ষতা অনুসৰি স্ব-নিয়োজনৰ পথ বাছনি কৰিব পাৰে। অৱশ্যে স্ব-নিয়োজনৰ ক্ষেত্ৰত কেৱল কাৰিকৰী জ্ঞানেই যথেষ্ট নহয়; ব্যৱসায়িক পৰিকল্পনা, আৰ্থিক ব্যৱস্থাপনা, বজাৰ সম্পৰ্কে জ্ঞান আৰু গ্ৰাহক সেৱাৰ দক্ষতাও প্ৰয়োজনীয়।
ডিপ্ল’মা সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীৰ সন্মুখত কেৱল চাকৰিৰ পথেই নহয়; উচ্চ শিক্ষা, এপ্ৰেণ্টিছশ্বিপ, দক্ষতা বিকাশ, চৰকাৰী আৰু বেচৰকাৰী কৰ্মসংস্থানৰ লগতে স্ব-নিয়োজনৰো বিভিন্ন সুযোগ থাকে। সেয়েহে শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ, দক্ষতা, অধ্যয়নৰ বিষয় আৰু ভৱিষ্যৎ লক্ষ্য অনুসৰি সঠিক পথ বাছনি কৰা উচিত। নিয়মিতভাৱে নতুন জ্ঞান আৰু দক্ষতা আহৰণ কৰি আধুনিক প্ৰযুক্তিৰ সৈতে খাপ খুৱাই চলিব পাৰিলে তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰমৰ জৰিয়তে এক সফল, দক্ষ আৰু সম্ভাৱনাময় কেৰিয়াৰ গঢ়ি তোলা সম্ভৱ। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।
