এক অদৃশ্য বিৰহ – নাচিমা য়াচমিন

Pc Unsplash

এক অদৃশ্য বিৰহ 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

জীৱনত কিছু  মানুহ আহে
থকাৰ প্ৰতিশ্ৰুতি নিদিয়াকৈয়ে
হৃদয়ৰ কোনো  এক গভীৰ কোণত
স্থায়ী আসন দখল কৰে।
সময় বাগৰে, দূৰত্ব বাঢ়ে,
কথাবিলাক লাহে -লাহে নীৰৱ হৈ পৰে ;
তথাপিও তেওঁলোকৰ স্মৃতি
মনৰ পৰা মচ খাই নাযায়।
কেতিয়াবা ৰাতিৰ নিস্তব্ধতাত
অজানিতে মনটোৱে  সেইজনাক বিচাৰে।
ক’বলৈ অসংখ্য কথা জমা হৈ থাকে,
কিন্তু শুনিবলৈ মানুহজন নাথাকে।
অভিমান থাকে, অপেক্ষা থাকে,
তথাপিও কোনো অভিযোগ নাথাকে।
কাৰণ কিছুমান ভালপোৱা
অধিকাৰ বিচৰাৰ বাবে নহয়,
মাথোঁ নীৰৱে মংগল কামনা কৰি
নিজৰ মাজতে জীয়াই ৰখাৰ বাবে।
কিছুমান মানুহ আহে
আমাক ভালপোৱাৰ অৰ্থ বুজাবলৈ,
আৰু আঁতৰি যায়
এক অপূৰ্ণ অনুভৱ হৃদয়ত লুকাই থৈ।
য’ত কোনো মিলনৰ আশা নাই,
তথাপিও ভালপোৱাখিনিৰ অন্ত নাই।
কাৰণ কিছুমান সম্পৰ্কৰ শেষ
বিদায়ত নহয় ;
 ই হৃদয় জুৰি বিয়পি থাকে
অনুপস্থিতিৰ মাজতো
স্মৃতি হৈ, অনুভৱ হৈ,নীৰৱ প্ৰাৰ্থনা হৈ।