নেপালৰ জলপ্রলয়ত অসমৰ ১২জন লোক সন্ধানহীন

Pc India Today

নেপালৰ জলপ্রলয়ত অসমৰ ১২জন লোক সন্ধানহীন

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালত সৃষ্টি হোৱা প্রলয়ংকৰী বানত সন্ধানহীন হৈ আছে অসমৰ ১২জন লোক। সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয়, এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ৷ মুখ্যমন্ত্ৰী শৰ্মাই নেপালত সন্ধানহীন অসমৰ লোককেইজনৰ সবিশেষ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷মুখ্যমন্ত্রীয়ে প্রকাশ কৰা এই ১২জন লোকৰ ভিতৰত আছে-কাৰ্বি আংলং জিলাৰ ডকমোকাৰ ঋতুপর্ণ ব্রহ্ম, মন্ত্রী বসুমতাৰী, সোণেশ্বৰ নাৰ্জাৰী, গোলাঘাট জিলাৰ জয়পুখুৰীৰ ৰাহুল দৈমাৰী, হোজাই জিলাৰ ডবকাৰ শতদল নাথ, কামৰূপ মহানগৰ জিলাৰ ৰুক্মিণীগাঁৱৰ পংকজ নেওগ, নলবাৰী জিলাৰ অৰৰাৰ পংকজ বৰ্মন, সমৰ বেজবৰুৱা আৰু অৰুণ মহন্ত, কামৰূপ মহানগৰ জিলাৰ লংকেশ্বৰৰ ড° দীপালী সৰকাৰ, মানস কুমাৰ ঘোষ আৰু নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ড° তীর্থ চলিহা। সন্ধানহীন হৈ থকা এই আটাইকেইজনৰ নাম আজি আনুষ্ঠানিকভাৱে প্রকাশ হৈছে যদিও আৰু অধিক লোক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এটা পোষ্ট কৰি নেপালত আবদ্ধ হৈ থকা ৰাজ্যৰ প্ৰতিজন লোককে নিজ ভূমিলৈ ঘূৰাই অনা হ’ব বুলি ঘোষণা কৰিছিল ৷ আবদ্ধ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি তেওঁ উল্লেখ কৰিছিল ৷