উচ্চ ন্যায়ালয়ত মুখথেকেচা শ্যামকানু-সিদ্ধাৰ্থৰ

উচ্চ ন্যায়ালয়ত মুখথেকেচা শ্যামকানু-সিদ্ধাৰ্থৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা খালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। দুই অভিযুক্তৰ আবেদন নাকচ কৰিলে ন্যায়ালয়ে। শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদন আৰু সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা দুখন আবেদনৰ শুনানি হয় উচ্চ ন্যায়ালয়ত। ফাষ্টট্রেক আদালতে শ্যামকানু মহন্তৰ ওপৰত আৰোপ কৰা জুবিন হত্যাৰ গোচৰৰ ৰায়ক প্ৰত্যহ্বান জনাই কৰিছিল আবেদন। ন্যায়াধীশ মিতালি ঠাকুৰীয়াৰ আদালতে গ্ৰহণ নকৰিলে শ্যামকানু মহন্তৰ আবেদন। আনহাতে সিদ্ধাৰ্থ শৰ্মাই জব্দকৃত ফ্লেট মুকলি কৰিবলৈ উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন। লগতে ছিংগাপুৰৰ কৰণাৰ্ছ ক’ৰ্টৰ ৰিপ’ৰ্ট সংলগ্ন কৰিবলৈও আবেদন কৰিছিল সিদ্ধাৰ্থই। ন্যায়াধীশ ছামিমা জাহানৰ আদালততে নাকচ কৰে কৰ’নাৰ্ছ ক’ৰ্টৰ ৰিপোৰ্ট সংলগ্ন কৰাৰ আবেদনখন। আনহাতে জুবিন গাৰ্গ হত্যা গোচৰত আন এজন অভিযুক্ত পৰেশ বৈশ্যয়ো জামিন বিচাৰি উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত ন্যায়াধীশ প্রাঞ্জল দাসৰ আদালতে শুনানি গ্রহণ কৰে। আদালতে ট্রায়েল ক’ৰ্টৰ পৰা অহা ৰিপ’ৰ্টৰ পিছতহে এই সন্দৰ্ভত চূড়ান্ত ৰায় দিব বুলি সদৰী কৰে। অৱশ্যে ১৮ ছেপ্টেম্বৰত এই সন্দৰ্ভত পুনৰ শুনানিৰ দিন ধার্য কৰা হৈছে। ইপিনে শুকুৰবাৰে বিশেষ ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰে চিকিৎসক হিতেশ বৰুৱাই।  গোচৰটোৰ অংশ হিচাপে ৫৫টা কর্মদিনত আদালতত ১১১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্রহণ কৰা হৈছে। আৰু শুকুৰবাৰে ১১২নংগৰাকী সাক্ষীৰূপে বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাৰ সাক্ষ্য আংশিকভাবে লোৱাৰ পিছতে এই কথা সদৰী কৰিছে চৰকাৰী লোক অধিবক্তা জীয়াউল কামাৰে। তেওঁ কয় যে আমাৰ বাবে খুব সৌভাগ্যৰ কথা যে বিগত ৫৫টা কৰ্মদিনত ১১১গৰাকী সাক্ষীৰ সাক্ষ্য গ্রহণেৰে গোচৰটো যথেষ্টখিনি আগুৱাই নিবলৈ সক্ষম হৈছোঁ। আজি ডাঃ হিতেশ বৰুৱাই শিল্পীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত যথেষ্টখিনি তথ্য আদালতত দাখিল কৰিছে। ইপিনে বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই ফাষ্টট্রেক আদালতত সাক্ষ্য প্রদান কৰি কয় যে তাৎক্ষণিক চিকিৎসা পালে জুবিনক আমি জীয়াই ৰাখিব পাৰিলোঁহেঁতেন। জুবিন গাৰ্গৰ চিকিৎসাৰ সময়ত মই জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিবলৈ সকীয়াই দিছিলোঁ। ডাইভিং কৰিবলৈ মানা কৰিছিলোঁ। ইমানখিনি জনাৰ পিছতো সেই মানুহজনক পানীৰ মাজলৈ কিয় নিয়া হ’ল? একেলগে জুবিনৰ সৈতে থকা মানুহকেইজনে এই কথাবোৰ জানে। তেওঁক জানি-বুজিও পানীৰ মাজলৈ যাবলৈ দিব নালাগিছিল। তদুপৰি ছিংগাপুৰলৈ যোৱাৰ সময়ত জুবিন গাৰ্গৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে চিকিৎসকৰ দল লগত নিয়া হোৱা নাছিল। তেওঁলোকে চিকিৎসকৰ দল নিনিলেও অন্ততঃ তেওঁ সুস্থ আছেনে নাই, সেয়া যোৱাৰ পূৰ্বে মেডিকেল টেষ্ট কিয় নকৰিলে? এই প্রশ্নবোৰ মই আজি আদালতত অৱগত কৰিছোঁ।