শ্ৰীৰামপুৰত ভাংসহ ট্রাক জব্দ

Pc India Today NE

শ্ৰীৰামপুৰত ভাংসহ ট্রাক জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ জিলাৰ বংগ সীমান্তৰ শ্ৰীৰামপুৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ২,০৩০ কেজি ভাংসহ এখন ট্রাক জব্দ কৰে। অসমৰ পৰা পশ্চিমবংগ অভিমুখী এখন বাঁহভর্তি ছচকীয়া ট্রাকত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং উদ্ধাৰ কৰে। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ইউপি-৫৪বিটি-৭৬৭৪ নম্বৰৰ বাঁহ বোজাই ছচকীয়া ট্রাকখন ৰখাই চালকক সোধা-পোছা কৰে। চালকে বাঁহৰ তলত গাঞ্জা আছে বুলি স্বীকাৰ কৰে। ট্রাকখনৰ পৰা বাঁহ নমাই লুকুৱাই অনা ২০৩ পেকেট গাঞ্জা উদ্ধাৰ কৰে। ২০৩টা পেকেটত প্রায় ২ টন ৯০ কিলোগ্রাম ১৮১ গ্রাম গাঞ্জা ট্রাকখনত সৰবৰাহ কৰা হৈছিল। ওজন কৰি গাঞ্জাৰ পেকেটসমূহ বিধিমতে জব্দ কৰা হয়।  গাঞ্জা কঢ়িয়াই অনা ট্রাকখন জব্দ কৰাৰ লগতে চালকৰ লগতে আন এজন লোকক গ্ৰেপ্তাৰ কৰে। গাড়ীখন শোণিতপুৰৰ কোনো অজ্ঞাত স্থানৰ পৰা বাঁহ বোজাই কৰি বিহাৰৰ মুজাফফৰপুৰলৈ গৈ আছিল বুলি চালকজনে আৰক্ষীৰ আগত প্রকাশ কৰে। ধৃত চালক আৰু সহ-চালকজন হৈছে ৰামলক্ষণ ৰাজভৰ আৰু মনোজ চৌহান। দুয়োৰে ঘৰ উত্তৰপ্ৰদেশৰ মউ জিলাৰ বীৰাত।