এনডিএৰ তৃতীয় কাৰ্যকাল প্রথম ১০০ দিনতে ২.১৯ লাখ মেট্রিকটন ধান ক্ৰয় চৰকাৰৰ

এনডিএৰ তৃতীয় কাৰ্যকাল প্রথম ১০০ দিনতে ২.১৯ লাখ মেট্রিকটন ধান ক্ৰয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কৃষকৰ প্ৰকৃত শ্ৰমৰ উচিত মূল্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰিছে।  অসমত এন ডি এৰ  তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ২.১৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰি উপকৃত কৰা হৈছে ১৭ হাজাৰৰো অধিক কৃষকক। সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাজ্য চৰকাৰে চলিত বর্ষত ১০ লাখ মেট্রিকটন ধান ক্ৰয় কৰাৰ অভিলাষী আঁচনি নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে কৃষকসকলে ন্যূনতম সমর্থিত মূল্য (এমএছপি)ৰ দ্বাৰা উপকৃত হ’ব। এই অনুসৰি এনডিএ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিনত অর্থাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনৰ ভিতৰতে খেতিয়কৰ পৰা পোনপটীয়াকৈ ২.১ লাখ মেট্রিকটন ধান ক্রয় কৰা হৈছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এই তথ্য সদৰী কৰি উল্লেখ কৰে- অসমত আমি এবছৰত ১০ লাখ মেট্রিকটন ধান ক্ৰয় কৰাৰ এক লক্ষ্য নির্ধাৰণ কৰিছিলোঁ। যাৰ ফলত আমাৰ কৃষকসকলে বর্ধিত এমএছপিৰ জৰিয়তে লাভৱান হৈছে। প্রত্যক্ষ ক্ৰয়ৰ দ্বাৰা কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে অধিক নিৰ্ভৰযোগ্য বজাৰ লাভ কৰিব আৰু মুকলি বজাৰৰ মূল্যৰ উঠা-নমাৰ বাবে কৃষকসকল লোকচানৰ সন্মুখীন হয়। মুখ্যমন্ত্রীয়ে লগতে কয়- কৃষকৰ আয় বৃদ্ধি, কৃষিৰ বিকাশ, এয়া আমাৰ সংকল্প, এয়াই সমৃদ্ধ অসমৰ পথ।