যোৰাবাটত অব্যাহত থকা প্ৰতিবাদ সাময়িকভাবে প্রত্যাহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম-মেঘালয় সীমান্তৰ যোৰাবাটত কেব আৰু টেক্সি চালকসকলে চলাই থকা প্ৰতিবাদ মন্ত্ৰী অতুল বৰাৰ আশ্বাসৰ পিছত সাময়িকভাৱে স্থগিত ৰখা হয়। মেঘালয় চৰকাৰৰ প্ৰতিশ্ৰুতিসমূহ মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰী চালকসকলক অৱগত কৰাৰ লগতে শান্তি বৰাই ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে, কেব চালকৰ প্ৰতিবাদত তৃতীয়দিনাও উত্তপ্ত হৈ পৰে যোৰাবাট। মেঘালয়ৰ মুখ্য সচিব, উপ-মুখ্যমন্ত্রীকো অসমত প্ৰৱেশত বাধা প্রদান কৰি সন্মুখতে গ’ বেক ধ্বনি দিয়ে কেব চালকসকলে। এনে উত্তপ্ত পৰিৱেশৰ সময়তে শনিবাৰে সন্ধিয়া যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয় মন্ত্রী অতুল বৰাৰ লগতে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত। প্রতিবাদস্থলীত উপস্থিত হৈ মন্ত্রী অতুল বৰাই কয়-মেঘালয়ত যি ঘটনা হ’ল সেয়া বৰ দুৰ্ভাগ্যজনক। এই ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ওপৰতো নজৰ ৰখা হ’ব। আজি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ লগত গুৱাহাটীত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ লগত আলোচনা কৰা হৈছে। আলোচনাত এটা সিদ্ধান্ত গ্রহণ কৰা হৈছে যে সিদিনা অসমৰ চালকৰ লগতে পৰ্যটকৰ ওপৰত যিসকল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে তেওঁলোকক চিনাক্ত কৰি উচিত শাস্তি বিহা হ’ব বুলি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা দিছে। পৰৱৰ্তী সময়ত যাতে এনেকুৱা ঘটনা আৰু নহয় তাৰ ওপৰটো গুৰুত্ব দিয়া হ’ব। তদুপৰি ৪৮ ঘণ্টাৰ ভিতৰত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহখিনি নিৰাপদে যাতে অসমলৈ আহিব পাৰে তাৰো ব্যৱস্থা গ্রহণ কৰিব মেঘালয় চৰকাৰে। মন্ত্রী অতুল বৰাই প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ প্রত্যাহাৰৰ বাবে অহ্বান জনায়। তেওঁ কয়- আমি ইয়াত প্রতিবাদ কৰি থাকিলে তেওঁলোকেও তাত বেলেগে বেলেগে ধৰণে কাম কৰি থাকিব আৰু এটা অশান্ত পৰিৱেশৰ সৃষ্টি হ’ব। সেয়েহে এনে প্রতিবাদ আজিৰে পৰা যাতে কেব চালকসকলে নকৰে। ইপিনে ক্ষতিগ্রস্ত হোৱা বাহনসমূহৰ ক্ষতিপূৰণ দিয়াৰ বিষয়টোৰ ওপৰতো আলোচনা কৰা হৈছে বুলি মন্ত্রী অতুল বৰাই কয়। মন্ত্ৰীগৰাকীৰ অনুৰোধমৰ্মে প্রতিবাদকাৰীসকলে সাময়িকভাবে প্রতিবাদ প্ৰত্যাহাৰ কৰে।
