সমাজকৰ্মী পদ্মধৰ শইকীয়ালৈ “আলোক সন্ধ্যা সন্মান-২০২৬” প্ৰদান

সমাজকৰ্মী পদ্মধৰ শইকীয়ালৈ “আলোক সন্ধ্যা সন্মান-২০২৬” প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ‘জীৱনৰ ৰামধেনু সাহিত্য মঞ্চ, অসম’ৰ উদ্যোগত মাজুলীৰ ভলুকাগুৰি গাঁৱৰ নামঘৰত আনুষ্ঠানিকভাৱে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত পদ্মধৰ শইকীয়াদেৱক সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে “আলোক সন্ধ্যা সন্মান-২০২৬” প্ৰদান কৰা হয়। আবেলি অনুষ্ঠিত এই বিশেষ সন্মান প্ৰদান অনুষ্ঠানত গাঁৱৰ ৰাইজৰ লগতে সাহিত্য মঞ্চৰ ভালেসংখ্যক বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমাজহিতৈষী কাৰ্যসূচী, শিক্ষা আৰু আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত শ্ৰীযুত শইকীয়াই বুলি উল্লেখ কৰে ‘জীৱনৰ ৰামধেনু সাহিত্য মঞ্চ, অসম’ৰ বিষয়ববীয়াসকলে। সন্মান গ্ৰহণ কৰি শ্ৰীযুত পদ্মধৰ শইকীয়াদেৱে নিজৰ অনুভূতি প্ৰকাশ কৰি কয় যে, এই মৰম আৰু সন্মানে তেওঁক ভৱিষ্যতেও সমাজৰ কুশল আৰু কল্যাণৰ বাবে কাম কৰি যাবলৈ অধিক উৎসাহিত কৰিব। আয়োজক ‘জীৱনৰ ৰামধেনু সাহিত্য মঞ্চ, অসম’ৰ বিষয়ববীয়াসকলে শইকীয়াদেৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।