মেঘালয়লৈ নাযায় পেট্ৰ’ল-ডিজেল-গেছৰ টেংকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ৰ উদণ্ড খাচি দুর্বৃত্তৰ আক্ৰমণৰ বিৰুদ্ধে শনিবাৰেও উত্তপ্ত হৈ পৰে যোৰাবাট। মুখেৰে যিমানেই প্রতিশ্রুতি নিদিয়ক কিয়, অসমৰ চালকৰ নিৰাপত্তাক লৈ মেঘালয় চৰকাৰে লিখিত প্রতিশ্রুতি দিয়াৰ পিছতহে প্রতিবাদ স্থগিত ৰখাৰ সকীয়নি দিয়ে চালক সন্থাই। অসমৰ যাত্ৰীক প্রতিবাৰেই বিনা কাৰণত আক্ৰমণ কৰা মেঘালয়ৰ বিৰুদ্ধে চালক সন্থাই অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে মেঘালয়লৈ ইন্ধন সৰবৰাহো বন্ধ ৰাখিছে নর্থ-ইষ্ট পেট্র’লিয়াম মজদুৰ ইউনিয়নে। আলোচনা সম্পূর্ণ নোহোৱালৈকে কোনো কাৰণতে ইন্ধনৰ টেংকাৰ লোড কৰা নহয় বুলি হুংকাৰ দিছে ইউনিয়নে। মেঘালয়ত শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ পাছত চৰকাৰখনৰ ব্যৰ্থতাক তীব্ৰ ভাষাৰে গৰিহণা দি ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত মেঘালয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে। সেইবাবেই ইন্ধনৰ সৰবৰাহ বন্ধ ৰখা হৈছে। মেঘালয় প্রশাসনে কেইবাজনো দুর্বৃত্তক গ্ৰেপ্তাৰ কৰিছে যদিও বর্তমানো পৰিস্থিতি নিয়ন্ত্রণ কৰিব পৰা নাই। আমি ইন্ধন কঢ়িয়াবলৈ সাজু আছোঁ, কিন্তু পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হ’ব লাগিব। আজি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া এদিনতে হোৱা নাই। বাৰম্বাৰ এনে পৰিস্থিতি হৈ আহিছে। চৰকাৰে পূৰ্বৰে পৰা ব্যৱস্থা গ্রহণ কৰিলে হয়তো এনে অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন। আমি নিজ চকুৰে দেখিছোঁ চৰকাৰী পক্ষৰ মানুহ সম্মুখত থকাৰ পাছতো গুণ্ডামি চলি আছিল। তেওঁলোকে ব্যৱস্থা গ্রহণ কৰাটো দূৰৰে কথা, ন্যূনতমো পদক্ষেপো হাতত নল’লে। এনে অৱস্থাত কি সাহসত ইন্ধনভর্তি গাড়ী মেঘালয়লৈ প্ৰেৰণ কৰিম? অকল লিখিত প্রতিশ্রুতি দিলেই নহ’ব, চৰকাৰে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰিলেহে ইন্ধনৰ গাড়ী প্ৰেৰণ কৰিব পৰা যাব। ইপিনে মেঘালয়ত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নুমলীগড় শোধনাগাৰ শাখাৰ নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়ৰ পঞ্জীয়নকৃত বাহনত ইন্ধন সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। এক বৈঠকযোগে এনআৰএলস্থিত ইউনিয়নখনে অসমৰ পৰা মেঘালয়লৈ যোৱা পেট্র’ল-ডিজেল আৰু এলপিজি কঢ়িয়াই নিয়া বাহনৰ লোডিং-আনলোডিং কাৰ্যও স্থগিত ৰাখে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাহন, চালক আৰু পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰালৈকে অনির্দিষ্টকাললৈকে এই স্থগিতাদেশ অব্যাহত থাকিব বুলি ইউনিয়নে সদৰী কৰিছে। ইপিনে মেঘালয়লৈ অসমৰ পৰা ইন্ধন সৰবৰাহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত তীব্র ইন্ধন সংকটৰ সৃষ্টি হৈছে। শ্বিলঙৰ কেইবাটাও পেট্র’লপাম্পত বাহনৰ দীঘলীয়া লানি দেখা গৈছে। বহু পেট্র’লপাম্পত ইন্ধন দিব নোৱাৰি কৰ্মচাৰীৰ সৈতে গ্ৰাহকৰ তীব্র বাক-বিতণ্ডাও সৃষ্টি হয়। একেদৰে ৰন্ধন গেছৰো তীব্ৰ নাটনিয়ে ৰাজ্যখনত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে। অসমৰ পৰ্যটকক বিনা কাৰণত একাংশ দুর্বৃত্তই চলোৱা আক্ৰমণৰ ফলতে ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজে ফল ভুগিবলগীয়া হৈছে বুলি বহু লোকে সামাজিক মাধ্যমত মন্তব্য কৰিছে। কিন্তু পৰিস্থিতি যিয়েই নহওক কিয়, মেঘালয় চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা নিদিয়া পর্যন্ত ইন্ধন সৰবৰাহ কোনো কাৰণতে আৰম্ভ নকৰাৰ সিদ্ধান্তত অটল হৈ আছে নর্থ-ইষ্ট পেট্র’লিয়াম মজদুৰ ইউনিয়ন। আনহাতে তৃতীয়দিনাও যোৰাবাটত পুৱাৰে পৰা কেব চালক সন্থাৰ লগতে স্থানীয় ৰাইজে মেঘালয়ৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰতিবাদী কার্যসূচী অধিক উত্তপ্ত হৈ পৰিছে। ৰাইজে মেঘালয়ৰ পৰা অহা সকলো বাহনক অসমত প্রবেশত বাধা দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ৰছী টানি দি প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। উল্লেখ্য যে মেঘালয়ৰ সৈতে চলি থকা তিক্ততাপূর্ণ পৰিস্থিতিৰ মাজতে শনিবাৰে কইনাধৰালৈ আলোচনাৰ বাবে অহা মেঘালয়ৰ উপ-মুখ্যমন্ত্রী, মুখ্য সচিবৰ বাহনেও ৰাইজৰ প্ৰতিবাদৰ সম্মুখীন হ’বলগীয়া হয়। অসম আৰক্ষীৰ সহযোগত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ বাহন অসমত প্রবেশ কৰিবলৈ সক্ষম হ’লেও প্রতিবাদকাৰীসকলে ৰাজ্যখনৰ মুখ্য সচিবৰ গাড়ী এক প্ৰকাৰ আগচি ধৰি কিছু সময়লৈকে আবদ্ধ কৰি ৰাখে। অৱশ্যে অসম আৰক্ষীৰ হস্তক্ষেপত গাড়ীখন যাবলৈ দিয়া হয়।
