নীতিন নবীনৰ বৈঠকত ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা বৃদ্ধিৰ লক্ষ্যৰে ১০ দফীয়া প্রস্তাব গৃহীত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তীত ১০ টা দফাৰ সংকল্প প্রস্তাৱ গ্রহণ কৰিছে বিজেপিয়ে। ‘বন্দে মাতৰম’ প্রসংগত মহাত্মা গান্ধীৰ চিন্তাধাৰা আৰু তেওঁৰ বক্তব্যও সমগ্র দেশতে প্রচাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিজেপি দলটোৱে। শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটীৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে দলীয় কাৰ্যসূচীত তেওঁলোকে ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা স্তৱকেই গাব। তাকে লৈ বিতর্ক তুংগত উঠিছে। এই সিদ্ধান্তৰ ব্যাখ্যা দিবলৈ গৈ মহাত্মা গান্ধীৰ প্ৰসংগ টানি আনে কংগ্ৰেছে। তেওঁলোকৰ বক্তব্য যে ১৯৩৭চনত কলকাতাত কংগ্ৰেছ বর্কিং কমিটীৰ বৈঠকত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্র বসু, চৰ্দাৰ বল্লভ ভাই পেটেলসহ শীর্ষ নেতাসকলে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এইবাৰ কংগ্ৰেছক উত্তৰ দিবলৈ সেই মহাত্মা গান্ধীৰ বক্তব্যই প্ৰচাৰ কৰাৰ সিদ্ধান্ত ল’লে বিজেপিয়ে। তেওঁলোকে গ্রহণ কৰা প্ৰস্তাৱত কোৱা হৈছে যে মহাত্মা গান্ধীৰ বক্তব্য আছিল- সাম্রাজ্যবাদৰ বিৰুদ্ধে ভীষণভাবে জাতীয়তাবাদী ভাবনাক উদ্বুদ্ধ এটা শ্লোগান ‘বন্দে মাতৰম’। তেওঁৰ এই বক্তব্যক দেশজুৰি প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে। লগতে কংগ্ৰেছৰ শেহতীয়া ৰাষ্ট্ৰীয় বৰ্কিং কমিটীৰ বৈঠকত গৃহীত সিদ্ধান্তৰো নিন্দা কৰিছে বিজেপিয়ে। দলটোৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰীয় গীতৰ পূৰ্ণাংগ সংস্কৰণৰ মৰ্যাদা ৰক্ষাৰ বিষয়েও প্ৰস্তাৱ গৃহীত কৰা হৈছে। কংগ্ৰেছৰ দলীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় গীতৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তৰ আৰম্ভণিৰে পৰাই বিৰোধিতা কৰি আহিছে বিজেপিয়ে। দলটোৰ ফালৰ পৰা জনোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থত বা তোষণৰ বাবে ‘বন্দে মাতৰম’ৰ মৰ্যাদা আৰু ঐতিহ্যৰ সৈতে কোনো আপোচকে সহ্য কৰা নহ’ব। এনে অৱস্থাত ৰাষ্ট্ৰীয় গীতৰ ইতিহাস আৰু গৌৰৱময় ঐতিহ্য দেশৰ প্ৰতিটো প্রান্তলৈ লৈ যাবলৈ বিশেষ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে বিজেপি নেতৃত্বই। উল্লেখ্য যে কেইদিনমান পূর্বে নতুনকৈ সজাই তোলা হৈছিল নীতিনৰ ‘টীম’। এই টামটোক লৈয়ে শনিবাৰে বৈঠক অনুষ্ঠিত কৰিছিল তেওঁ। এই বৈঠকতে ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা বৃদ্ধিৰ লক্ষ্যৰে ১০ দফীয়া প্ৰস্তাৱ গৃহীত হয়। বৈঠকৰ শেষত এই দহদফীয়া প্ৰস্তাৱৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰি বিজেপিৰ সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে লিখে- ‘ই (বন্দে মাতৰম) কেৱল কোনো এটা ৰাজনৈতিক দলৰ বিষয় নহয়। ই দেশৰ সন্মান আৰু স্বাধীনতাৰ বাবে আত্মত্যাগ কৰা অসংখ্য দেশপ্রেমীৰ সৈতে জড়িত হৈ আছে।’ তেওঁ আৰু লিখে- ‘বন্দে মাতৰম শব্দটো এসময়ত ইমানেই শক্তিশালী আছিল যে সি এটা সাম্রাজ্যক ভয় খুৱাই দিছিল। ব্রিটিছে ইয়াক অবদমিত কৰি ৰাখিবলৈ বিচাৰিছিল। কাৰণ, ই প্ৰতিৰোধৰ চেতনাক জাগ্রত কৰিছিল। ভাৰতীয়সকলৰ ওচৰত ই স্বাধীনতা, আত্মত্যাগ আৰু দেশৰ গৌৰৱৰ মন্ত্ৰ। এই ঐতিহ্যক ভোটবেংকৰ ৰাজনীতিৰ হিচাপ-নিকাচৰ গণ্ডীত আবদ্ধ কৰি ৰাখিব পৰা নাযায়।’ এই ১০ টা দফাৰ সংকল্পৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰা, ইতিহাসৰ সঠিক তথ্য নৱপ্ৰজন্মৰ আগত দাঙি ধৰা আৰু স্বাধীনতা সংগ্ৰামৰ এই মহৎ গীতটিৰ প্ৰকৃত অৰ্থ পুনৰুজ্জীৱিত কৰা। বিজেপিয়ে প্ৰস্তাৱত বন্দে মাতৰমক ভাৰতৰ ৰাষ্ট্ৰীয় চেতনা আৰু স্বাভিমানৰ প্ৰতীক হিচাপে অভিহিত কৰিছে। এই সংকল্প কাৰ্যসূচীৰ অংশ হিচাপে বিজেপিয়ে দেশজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা সভা, যুৱ সম্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচী আয়োজনৰ সিদ্ধান্ত লৈছে। অভিযানৰ জৰিয়তে বিজেপিৰ কৰ্মকর্তাসকলে দেশৰ চুকে-কোণে বন্দে মাতৰমৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্পর্কে ৰাইজক অৱগত কৰিব।
