গুৱাহাটীত মন্ত্ৰী অতুল বৰা-মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিন ধৰি অস্থিৰ হৈ আছে অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল । যোৱা ১৯ আগষ্টত শ্বিলঙত অসমৰ গাড়ী আৰু পৰ্যটকৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিবাদত অসম-মেঘালয় সীমান্তৱৰ্তী খানাপাৰা আৰু যোৰাবাটত অসমৰ টেক্সি চালক সন্থা, পৰিবহণ সন্থা আৰু বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইফালে খাচি ছাত্র সন্থা (কেএছইউ)ৰ প্ৰতিবাদে সৃষ্টি কৰা অসম-মেঘালয় সংঘাতে উদ্ভৱ কৰা পৰিস্থিতি চম্ভালিবলৈ অৱশেষত তিনি দিনৰ পাছত সদলবলে অসমলৈ আহিল মেঘালয় চৰকাৰ। মেঘালয়ৰ উপ-মুখ্যমন্ত্রী স্নিয়াৱভালং ধৰৰ নেতৃত্বত অহা এটা প্রতিনিধি দলৰ সৈতে অসম চৰকাৰৰ বৈঠকত গ্রহণ কৰা হ’ল এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি মেঘালয়ত প্ৰতিবাদৰ নামত কেএছইউৱে ক্ষতিসাধন কৰা বাহনসমূহৰ ক্ষতিপূৰণ প্ৰদান কৰিব চুবুৰীয়া ৰাজ্যখনে। ইয়াৰ বাবে মেঘালয়ৰ মুখ্য সচিবক ক্ষয়-ক্ষতিৰ খতিয়ান ল’বলৈও নির্দেশ দিয়া হয়। তদুপৰি মেঘালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ লগতে দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ এছআইটি গঠনৰো সিদ্ধান্ত লোৱা হয় দুয়োখন ৰাজ্যৰ উচ্চস্তৰীয় বৈঠকত। মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকৰ অন্তত প্রকাশ কৰা অনুসৰি হিংসাত্মক ঘটনাত জড়িত ৫ অভিযুক্তক চিনাক্ত কৰাৰ লগতে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে এই সন্দৰ্ভত ১৫খন এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ পূৰ্বে শনিবাৰে পুৱাৰ ভাগত প্ৰতিবাদৰ মাজতে মেঘালয়ৰ প্ৰতিনিধি দলে কইনাধৰাস্থিত অতিথিশালাত উপস্থিত হৈ উচ্চস্তৰীয় বৈঠকখনত ভাগ লয়। মেঘালয়ৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে উপ-মুখ্যমন্ত্রী এছ ধৰে আৰু ৰাজ্যখনৰ মুখ্য সচিব ড° ছাকিল পি আহমেদে। আনহাতে অসম চৰকাৰৰ নেতৃত্ব দিয়ে মন্ত্রী অতুল বৰাই। মন্ত্ৰী বৰাক সংগ দিয়ে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, বিশেষ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (বিশেষ শাখা) হীৰেন চন্দ্ৰ নাথ, আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং, গুৱাহাটী আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্ত, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশ দীপ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্র, কামৰূপ জিলাৰ আযুক্ত স্বপ্নীল পাল, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব মৃদুল কুমাৰ দাসৰ লগতে আন কেইবাজনো জ্যেষ্ঠ বিষয়াই। তিনি ঘণ্টাজোৰা এই বৈঠকত ১৯ আগষ্টত শ্বিলঙত অসমৰ পঞ্জীভুক্ত বাহনসমূহক লৈ সংঘটিত হোৱা দুর্ভাগ্যজনক ঘটনাৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে পথ অৱৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচী সন্দর্ভত বিস্তৃতভাৱে আলোচনা হয়। এই আলোচনাকালতে দুয়োখন ৰাজ্যৰ স্বাভাৱিক পৰিস্থিতি অতি শীঘ্ৰে ঘূৰাই অনাৰ লগতে জনসাধাৰণ আৰু বাহনসমূহৰ নিৰাপত্তা তথা বাধাহীন চলাচল সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যৌথ মত প্রকাশ কৰে। আলোচনাৰ অন্তত মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্রী এছ ধৰে যৌথ সংবাদ মেলৰ জৰিয়তে সমগ্ৰ ঘটনা সন্দৰ্ভত উল্লেখ কৰে যে মেঘালয়ৰ ঘটনাক লৈ ইতিমধ্যে ১৫খন এজাহাৰ দাখিল কৰা হৈছে আৰু ঘটনাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। কেএছইউৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকক মেঘালয় মেইন্টেনেঞ্চ অৱ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। উক্ত ঘটনাৰ সৈতে জড়িত ৫জন মুখ ঢকা ব্যক্তিক চিনাক্ত কৰা হৈছে। আনহাতে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হ’ব। ১৯ আগষ্টত কেএছইউৰ আক্ৰমণত ৫৪খন বাহন ক্ষতিগ্রস্ত হোৱাৰ কথা স্বীকাৰ কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে ইতিমধ্যে ৩,৭৭০ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে। আনহাতে মেঘালয়ত পূর্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্রী আৰু বাহনসমূহৰ ভিতৰত প্ৰায় ৪০০-৫০০ বাহন আছে উমিয়াম হ্রদ অঞ্চলত। এই বাহনসমূহকো সুৰক্ষিতভাৱে অসমলৈ প্ৰেৰণ কৰা হ’ব। অহা ৪৮ ঘণ্টাৰ ভিতৰত সকলোধৰণৰ বাহনক সুৰক্ষিতভাবে অসমলৈ ওভতাই পঠিওৱা হ’ব আৰু অসমলৈ উভতি আহিবলৈ বিচৰা প্ৰতিজন পর্যটক বা বাহনক নিৰাপদ এছক’ৰ্ট প্ৰদান কৰা হ’ব। এই বৈঠকতে দুয়োখন ৰাজ্যই দুগৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এক যৌথ সুৰক্ষা ব্যৱস্থা গঢ়াৰো সিদ্ধান্ত গ্রহণ কৰে। এই অনুসৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক এগৰাকী আৰু মেঘালয়ৰ মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত এক যৌথ সমন্বয় ব্যৱস্থা আৰু নির্দিষ্ট হেল্পলাইন স্থাপন কৰা হ’ব। এই হেল্পলাইন নম্বৰটো হ’ব-৯১৮১০১৪৮৮৮, ০৩৬১ ২৩৮১৫১১। ইয়াৰ উপৰি পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত এই সমন্বয় ব্যৱস্থা অব্যাহত থাকিব। একে সময়তে আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপোৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ আযুক্ত দুগৰাকীৰ নেতৃত্বত দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পর্যায়ত যৌথ সমিতি গঠন হ’ব। বৈঠক সন্দৰ্ভত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়- অসমৰ বাহনসমূহৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক লৈ মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰিছে আৰু এনে ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। ইতিমধ্যে প্রায় ৪ হাজাৰখন বাহন নিৰাপদে অসমলৈ আহিবলৈ সক্ষম হৈছে আৰু শ্বিলঙলৈ যোৱা ১৭৫ গৰাকী লোকে আৰক্ষীৰ সহায় বিচাৰিছে। ইফালে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰে যে শ্বিলঙত অসমৰ লোকক আক্ৰমণৰ সময়ত যিসকল আঘাতপ্রাপ্ত হৈছে, তেওঁলোকৰ চিকিৎসাৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে বহন কৰিব। একেসময়তে ক্ষতিগ্রস্ত বাহনসমূহৰো ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।
