ৰক্তাক্ত সুৰুযৰ গান
টোলন তাছা
চিকনি বৰহোলা,নগাঁও
ৰক্তাক্ত সুৰুজে আজি কঢ়িয়াই আনিছে
মুক্তিৰ এক আলোকোজ্জ্বল প্ৰভাত,
বতাহত ভাহিছে স্বাধীনতাৰ অমিয়া সুৰ
মুখৰিত হৈছে জন্মভূমিৰ জয়গানৰ মাত।
কণ্ঠত আছিল অসীম সাহসৰ অগ্নিবাণী,
বুকুত জ্বলিছিল দেশপ্ৰেমৰ শিখা—
“তোমালোকে তেজ দিয়া, মই দিম স্বাধীনতা”।
শত্ৰুৰ ভেটি কঁপাই তুলিছিল দেশপ্ৰেমৰ ভাৱনাই
দেশবাসীৰ হিয়াত বৈছিল স্বাধীনতাৰ নৈ খৰস্ৰোতা।
সহজ নাছিল সংগ্ৰামী সেই বিজয়ী যাত্ৰা
কন্টকময় সেই পথ হৈছিল শ্বহীদৰ তেজেৰে সিক্ত।
হাঁহি হাঁহি ফাঁচিকাঠত ওলমা
কত বীৰৰ আত্মবলিদানৰ অৰ্ঘত,
আমাৰ জননী জন্মভূমি হৈছিল এসময়ত ধন্য ।
আজি নীলিম আকাশত উৰিছে
স্বাধীনতাৰ চেতনা জগোৱা জাতীয় পতাকা।
শত-সহস্ৰ শ্বহীদৰ স্মৃতিক শ্ৰদ্ধা জনাই
তেজৰ মূল্যৰে কিনা এই স্বাধীনতাৰ বন্তিগছি,
ৰাখিব লাগিব আমিয়ে চিৰদিনলৈ নিৰ্বিঘ্নে জ্বলাই।
