বিগত ৫ বছৰত ৰাজ্যত অপৰাধৰ হাৰ ৬৯ শতাংশ হ্রাস
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত জনসংখ্যাৰ অনুপাতে অপৰাধৰ হাৰ হ্ৰাস পাইছে । বিশেষকৈ ২০২১ চনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। এনে প্রেক্ষাপটত বিগত ৫ বছৰত অপৰাধৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা কঠোৰ ব্যৱস্থাৰ বাবেই প্রতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৬৯ শতাংশ হ্রাস পাইছে। অপৰাধৰ বিৰুদ্ধে কোনো পৰিস্থিতিতে আপোচ নকৰাৰ স্থিতিত অটল ৰাজ্য চৰকাৰখনৰ দিনত জনসংখ্যা অনুপাতে অপৰাধৰ হাৰ হ্রাস পোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। এই কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে । গোচৰ নিষ্পত্তিত ক্ষিপ্ৰতা, অভিযোগ নামা দাখিলৰ হাৰ, সামগ্ৰিক দোষী সাব্যস্তৰ হাৰ আদিৰ তথ্যও মুখ্যমন্ত্ৰীগৰাকীয়ে দাঙি ধৰে । মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসমৰ যুঁজে সাহসী ফলাফল লাভ কৰিছে। অসম আৰক্ষীৰ নিৰন্তৰ প্রচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্রদানলৈ অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈছে ন্যায় প্ৰদানৰ ব্যৱস্থা। অপৰাধৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কোনোধৰণৰ আপোচ নহ’ব বুলিও স্পষ্ট কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই প্রকাশ কথা তথ্য অনুসৰি বৰ্তমান অসমৰ প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৬৯ শতাংশ হ্রাস পাইছে। ২০২১ চনত অপৰাধৰ হাৰ আছিল ৩৭৯.০ শতাংশ। ইয়াৰ বিপৰীতে ২০২৬ চনৰ জুলাইলৈ ৬৯ শতাংশ হ্রাস পাই ১১৬.৮ শতাংশ হয়গৈ। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰতো ক্ষিপ্রতা বাঢ়িছে। যাৰ পৰিপ্ৰেক্ষিতত তদন্তৰ বোজা কম হৈছে। তেওঁ দিয়া তথ্য অনুসৰি ২০২১ চনত ৰাজ্যত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা আছিল ১,৩৩,২৩৯টা আৰু ২০২৬ চনৰ জুলাই মাহলৈ ইয়াৰ সংখ্যা হ্রাস পায় ২৫,০১৪টা। ইফালে তদন্তৰ বাকী থকা গোচৰৰ সংখ্যা ৯৯ শতাংশ হ্রাস পোৱা বুলি মুখ্যমন্ত্রীয়ে তথ্য প্রকাশ কৰে। সেই অনুসৰি ২০২১ চনত তদন্তৰ বাকী থকা গোচৰৰ সংখ্যা আছিল ১,৩৩,২৩৯টা আৰু ২০২৬ চনৰ জুলাই মাহলৈ ই হ্রাস পায় ১০,১৩৬টালৈ। এজাহাৰৰ পৰা অভিযোগনামালৈকে সকলো পৰ্যায়তে ন্যায়ৰ প্রক্রিয়া দ্রুততৰ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সদৰী কৰে যে ২০২২ চনত অভিযোগনামা দাখিলৰ হাৰ আছিল ৩৪.৩ শতাংশ আৰু ২০২৬ চনৰ জুলাই মাহত ইয়াৰ হাৰ হয় ৮৬.৬৫ শতাংশ। অর্থাৎ ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰাজ্যত ২.৫ গুণ উন্নতি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে আৰু উল্লেখ কৰে যে ন্যায় প্ৰদানৰ ক্ষেত্ৰত অসম শক্তিশালী হৈছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনত ২০২২ চনত সামগ্রিক দোষী সাব্যস্তৰ হাৰ আছিল ৫.৫ শতাংশ আৰু ২০২৬ চনৰ জুলাইলৈ ই বৃদ্ধি হৈ ২৯.৩২ শতাংশ হৈছেগৈ। কেৱল ২০২৬ চনৰ জুলাইতে দোষী সাব্যস্তৰ হাৰ ৩৮.১০ শতাংশ হৈছে আৰু ই বৰ্তমানলৈকে পঞ্জীয়ন হোৱা সর্বোচ্চ মাহিলি হাৰ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে।
