চীনা বিদেশ মন্ত্ৰীৰে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

Pc The Hindu

চীনা বিদেশ মন্ত্ৰীৰে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্রদেশ সন্দৰ্ভত চীনৰ স্থিতিক মুঠেও মানি নলয় ভাৰতে। দ্বিপাক্ষিক এই বিবাদৰ মাজতে সোমবাৰে বেইজিঙলৈ যাব ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। চীনা বিদেশ মন্ত্রী ওৱাং ইৰ সৈতে বিশেষ প্রতিনিধি পৰ্যায়ৰ বৈঠকত উপস্থিত থাকিব তেওঁ। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ মুখ্য আলোচনাৰ বিষয় সীমান্তৰ পৰিস্থিতি। ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে ২০০৩ চনৰ পৰা বিশেষ প্রতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈ আহিছে। ডোভালৰ এইবাৰৰ ভ্ৰমণত বিশেষ প্রতিনিধি পৰ্যায়ৰ ২৫ সংখ্যক আলোচনাত মিলিত হ’ব দুয়োখন দেশ। ঘটনাক্রমে এনে এক সময়তে এই বৈঠকখন অনুষ্ঠিত হ’বলৈ ওলাইছে, যি সময়ত অৰুণাচল প্রদেশক লৈ দিল্লী আৰু বেইজিঙৰ মাজত বিবাদ নতুনকৈ বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ বিভিন্ন এলেকাৰ ‘চীনা নামকৰণ’ক লৈ অসন্তুষ্ট দিল্লী। ভাৰতে স্পষ্ট কৰি দিছে যে সীমান্তৰ পৰিস্থিতিৰ ওপৰতে দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব। আনহাতে, অহা মাহত দিল্লীত অনুষ্ঠিত হ’ব ব্রিকছ সম্মিলন। আন্তঃৰাষ্ট্ৰীয় এই গোষ্ঠীটোৰ অন্যতম সদস্য চীন। চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙো এই সন্মিলনত উপস্থিত থকাৰ কথা। বেইজিঙে এতিয়ালৈকে নিশ্চিতভাৱে একো নজনালেও তেওঁৰ দিল্লী ভ্রমণক লৈ আশাবাদী দুয়োখন দেশ। তেনেক্ষেত্ৰত ব্ৰিকছৰ পার্শ্ব বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু জিনপিঙে সুকীয়াকৈ আলোচনাত বহাৰো সম্ভাৱনা আছে। আগন্তুক এই ব্ৰিকছ সম্মিলনৰ কেইসপ্তাহমান পূর্বে ডোভালৰ এই চীন ভ্রমণ অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। শনিবাৰে দিল্লীত অনুষ্ঠিত এখন আলোচনা-চক্ৰত ভাৰত-চীন সম্পর্কক লৈ দিল্লীৰ স্থিতি স্পষ্ট কৰি দিয়ে বিদেশ মন্ত্রী এছ জয়শংকৰে। তেওঁ জনাই দিয়ে যে সীমান্তত শান্তি আৰু স্থিতাৱস্থা বজাই ৰাখিব লাগিব। চীনৰ সৈতে সু-সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত এইটোৱেই ভাৰতৰ পূৰ্ব চৰ্ত। বিদেশ মন্ত্ৰীগৰাকীৰ ভাষাত ‘সু-সম্পর্ক বজাই ৰাখিবলৈ হ’লে সীমান্ত এলেকাত শান্তি আৰু স্থিতাৱস্থা বজাই ৰাখিব লাগিব। আমাৰ সম্পর্ক কেনে হ’ব তাক স্বাভাৱিকতে বহুখিনি স্থিৰ কৰিব দুয়োখন দেশৰ সীমান্তৰ পৰিস্থিতিয়ে।’