ভাদ মাহত হৰি নামৰ ধ্বনিয়ে হৃদয়ত বিলাই ঈশ্বৰৰ প্ৰশাস্তি
নমিতা দাস,শুৱালকুছি
শাওঁণ মাহৰ সংক্ৰান্তিৰ পিছৰ দিনাৰ পৰা ভাদ মাহ আৰম্ভ হয়। ভাদ মাহলৈকে কৃষক সকলে ক্ষুধা নিবাৰণৰ বাবে পথাৰত সোনালী শৌচ সিচাত ব্যস্ত থাকে । কাৰণ আহিনৰ আগমনে পথাৰ সেউজ কৰি তোলে। এই পবিত্ৰ ভাদ মাহতেই –
কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ ।
শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ।।
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেবৰ ।
কমল লোচন চাৰু অৰুণ অধৰ ।।
ভাদ মাহত আমাৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণৰ জন্ম মাহ ৰূপে জনা যায়। শ্ৰীকৃষ্ণ অৱতাৰ সমুহ মহাপূৰুষ দুয়ো জনা গুৰুৰ পুঠি সমুহত বিতংকৈ ঘোষা, বৰগীত, অংকীয়া নাট আদিত পুঙ্খানুপুঙ্খ বৰ্ণনা পোৱা যায়। এই মাহতেই মহাপূৰুষ দুয়ো জনা গুৰুৰো তিৰোভাৱ তিথি পালন কৰা হয়।
বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহৰ ব্যস্ততাই নাম ঘৰ সমুহত প্ৰতিদিনে গৈ হৰি কীৰ্তন কৰাৰ বাবে সময়ৰ অভাৱ বা বিভিন্ন কাৰণত সকলোৱে নামঘৰলৈ যাবলৈ সুবিধা হয়। গতিকে ভাদ মাহতে প্ৰতিটো নামঘৰত হৰিৰ নামেৰে মুখৰিত হৈ প্ৰতিটো নামঘৰে বৈকুণ্ঠ ধামলৈ পৰিনত হয়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰী কৃষ্ণৰ লীলা সমুহ অংকীয় নাট ,বৰগীত, – ভাওনাৰে ভক্তগনক আকৰ্ষণৰ কাৰণে বিভিন্ন ঠাইত নামঘৰ স্থাপন কৰি মানৱ সমাজলৈ উপদেশ আদৰ্শৰে জ্ঞানৰ অমৃত ভাণ্ডাৰ প্ৰদান কৰি থৈ গৈছে। যাৰ দ্ধাৰা মানৱ সমাজে জীৱনৰ প্ৰয়োজনীয় সকলো জ্ঞান তত্ব আহৰণৰ লগতে ধৰ্ম অৰ্থ কাম লোভৰ তত্ব ঈশ্বৰৰ ঐশ্বৰিক সত্তা সম্পৰ্কে জনাৰ উদ্দেশ্যে প্ৰতিটো নামঘৰতে একোজনকৈ নামঘৰীয়াক নামঘৰৰ দায়িত্ব দি এঠাইৰ পৰা তেওঁ আন এঠাইলৈ ৰাওনা হৈছিল। ক্ৰমে এই নামঘৰ সমুহৰে পৰা পোনতে ভক্তগনে ঠাই ভেদে অন্য ঠাইতো নামঘৰ স্থাপন কৰি দুজনা গুৰুই প্ৰবৰ্তন কৰা গীত- মাত তত্ব সমুহেৰে সকলো নামঘৰ মুখৰিত কৰে।
ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰত বৰিষ ।
ভগৱান শ্ৰীকৃষ্ণৰ পদৰেণুত ধন্য হোৱা কথা ইতিহাসত পোৱা যায়। অসমবাসী লোক সকলে ভাদ মাহটো পবিত্ৰ মাহ হিচাপে গন্য কৰে । প্ৰতিজন লোকে ভাদ মাহত নাম ঘৰত শৰাই আগবঢ়াই এদিনৰ বাৱে হলেওঁ নাম কীৰ্তন কৰি নাম ঘৰত মুৰ দোৱাই আহে। সেয়ে কোনো সন্তান ভাদ মাহত জন্ম হলে লক্ষ্মী অহা বুলি লোক বিশ্বাস আছে । কথাতে কয় ” তিনি ভাদুৱা যাৰ সোনৰ নাঙল তাৰ”।
সেই ভাদ মাহতে শ্ৰী কৃষ্ণৰ জন্ম উৎসৱ আৰু পিছৰ দিনা নান্দো উৎসৱ পাতি নাম প্ৰসংগৰ লগতে ভাওনা কৰি আইমাতৃৰ লগতে বাপ-বান্ধৱ সৰু লৰা ছোৱালী আটাইয়ে আহি ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু অৱতাৰৰ ওপৰত ভক্তিৰস নিগৰাই। ভাদ মাহতেই মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি পালনৰ উদ্দেশ্যে নাম ঘৰত হৰি ধ্বনিৰে মুখৰিত হৈ পৰে। সেই সুযোগতে অসমীয়া সমাজত চহকী কৰি তোলা লোক বাদ্য সমুহ ন সিকাৰু সকলকো গুৰুজনাৰ অনবদ্য সৃষ্টিৰ খোল, তাল, বৰগীত আদিকে ধৰি তেখেতৰ কলা, সংস্কৃতি সমুহ অসমীয়া সমাজত চহকী কৰি যোৱা উদ্দেশ্যে নামঘৰ সমুহত শিকাই প্ৰদৰ্শণ কৰা হয় । ভাদ মাহৰ নামঘৰ সমুহত প্ৰতি দিনে মুখৰিত হৈ পৰা হৰিধ্বনিয়ে মনলৈ কঢ়িয়াই ভক্তিৰসৰ অনাবিল আনন্দৰ ।
মুঠতে অসমীয়া সমাজ জীৱনত ভাদ মাহ হৈছে পবিত্ৰ মাহ ।আমাৰ উপাস্য দেৱতা বিশ্ব-ব্ৰহ্মাদৰ স্ৰষ্ঠা ভগৱান শ্ৰীকৃষ্ণৰ লগতে অসমীয়া কৃষ্টি সংস্কৃতিৰ শ্ৰষ্টা অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজখন সজাই বৈষ্ণৱ ধৰ্ম আৰু সমাজখনক একত্ৰিত কৰি নামকীৰ্ত্তনেৰে পবিত্ৰ কৰি ভাষা, সাহিত্য সংস্কৃতিৰে বৰ পেৰা সজাই লৈ অসমীয়া সমাজ জীৱনলৈ কঢ়িয়াই আনিলে ভকতিৰ অমিয়া ৰস । শ্ৰী মন্তশংকৰ দেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ সৃষ্টিৰাজিয়ে অসমবাসিক ঈশ্বৰৰ অবতাৰ সমুহেৰে যোগে যোগে সমাজ জীৱনলৈ কঢ়িয়াই সুখ শান্তি আৰু সম্প্ৰিতিৰ কথা ।
