আমাৰ অলক্ষিতে হোৱা হৃদৰোগ – হেৰম্ব নাথ

Pc Unsplash

আমাৰ অলক্ষিতে হোৱা হৃদৰোগ 

হেৰম্ব নাথ

বৰ্তমান সময়ত হৃদৰোগ এটা সাধাৰণ ৰোগত পৰিণত হৈছে। যেন জ্বৰ-কাঁহ, গ্ৰহণীহে। যি কি নহওক, হৃদৰোগ বাৰু কেনেধৰণৰ সৰু-সুৰা তথা সাধাৰণ কথাত হয়? যিবোৰ কাৰক হয়তো প্ৰাত্যহিক জীৱনৰ লগত জড়িত। কেৱল আমি লক্ষ্য নকৰোঁ। সেইবোৰেই হ’ল যন্ত্ৰ সৰ্বস্ব আধুনিক যুগ-কালৰ এক অনিমন্ত্ৰিত অতিথি। যেনে ধৰক— আপুনি ক’ৰবালৈ গৈ আছে, সেয়া যেনিবা আপোনাৰ কৰ্মক্ষেত্ৰ। ৰাস্তাৰে গৈ থাকোঁতে ক’ৰবাত নহয় ক’ৰবাত ট্ৰেফিক জাম পাইছে। তাৰ মাজত আপুনি সোমাই পৰিছে, সোমাইটো পৰিবই; যিহেতু গাড়ীৰ সংখ্যা অসীম। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে কিছুমানে আপোনাক অভাৰটেক্ কৰি যাব বিচাৰিছে বা তেনেকুৱা কৰিবলৈ উদগ্ৰীৱ। এনে এটা সময়-সন্ধিক্ষণত আপোনাৰ খঙ নুঠিবনে? নিশ্চয় উঠিব। এই মূহুৰ্ততে আপোনাৰ সংযমৰ পৰীক্ষা ল’ব বিবেকখনে। মানে ধৈৰ্যৰ পৰীক্ষা। আপুনি তেনেকুৱা এটা সংকটৰ সময়ত গাড়ীৰ পৰা ওলাই আহিবও নোৱাৰে। কি কৰিব এতিয়া? এটাই উত্তৰ: আপুনি ধৈৰ্য ধৰিব লাগিব। যাৰ কোনো বিকল্প নাই। অন্যথা আপুনি শাৰী ভংগ কৰিব লাগিব যাৰ ফলত এখন কাজিয়া হ’ব। তাৰ আগতে যেনিবা নানানটা প্ৰশ্ন-তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হ’ব। এতিয়া একান্তই কাম্য কথা-কাৰ্যটো হ’ল: আপুনি কাজিয়া তথা কোনো বিতৰ্কত লিপ্ত নোহোৱাকৈ গন্তব্যস্থান অভিমুখে ৰাওনা হোৱা। বুকুৰ মাজত সোমাই থকা আলফুল হৃদযন্ত্ৰটো(Heart)ক সুৰক্ষা প্ৰদান কৰাটোৱেই আপোনাৰ একমাত্ৰ লক্ষ্য বুলি বিবেচিত হোৱা উচিত। কিয়নো, আপুনি যিমানেই খঙ বা বিৰক্তি-বিতৃষ্ণা অনুভৱ কৰিব সিমানেই আপুনি কষ্ট পাব শাৰীৰিক-মানসিকভাবে! মাত্ৰাধিক হাৰত বৃদ্ধি পাব হৃদযন্ত্ৰৰ ধপধপনি।

আজিৰ যুগত সকলোৱে মানুহেই কম-বেছি পৰিমাণে ব্যস্ত। সেইবুলি আইন ভংগ কৰিব, সেয়া কদাপি হ’ব নোৱাৰে। অনুচিত। কোনোবাই(শিক্ষিত?)শাৰী ভংগ কৰি আপোনাক অতিক্ৰম কৰিলেইবা আপুনি কিয় বাৰু কাজিয়া কৰিব! “দূৰ হওঁক দূৰ্গতি নহওঁক” বুলি অসমীয়াত এষাৰ কথা আছে। মহা মহা মণীষিয়েও এনে কথা-আপ্তবাক্য জীৱন পথত আওৰাই গৈছে প্ৰত্যয়েৰে; আনহাতে, কিছুমান মানুহ স্বভাৱ তথা জন্মগতভাবেই অধৈৰ্য-অসহনশীল। যিটো আনুবংশিক(Genetical)প্ৰকৃতি বুলি ক’লেও কটুক্তি কৰা নহয়। সাধাৰণতে সেইবোৰ মানুহক আপুনি-মই চিধা কৰিব নোৱাৰোঁ। আইন-নীতি-নিয়ম(Traffic Rule)ভংগ কৰি সেই শ্ৰেণীৰ মানুহে অন্য এক আসুৰিক আনন্দ লাভ কৰে, নি:সংকোচে প্ৰতিপন্ন কৰিব বিচাৰে নিজকে এজন বিশেষ ব্যক্তি বুলি।

ক’ৰবাত দুখ পালে ইচ্-আচ্ কৰা তেজ-মঙহৰ কোমল শৰীৰটোৱে কাৰোবাৰ লগত হাই-কাজিয়া কৰিলে শৰীৰ-মন উভয়ে যে ক্ষতিগ্ৰস্ত সেয়া ধূৰূপ। এয়া আমাৰ অলক্ষিতে হোৱা হৃদযন্ত্ৰৰ ক্ষতি। মানৱ শৰীৰত থকা আলফুল হৃদযন্ত্ৰটো শিলেৰে নিৰ্মিত নহয় যে খঙ-ৰাগ, হাই-কাজিয়া কৰিলে হৃদযন্ত্ৰটোৱে কষ্ট অনুভৱ নকৰিব। যেতিয়া আপুনি কাজিয়াত লিপ্ত হ’ব অনৰ্থক খঙ-ৰাগ-অহংকাৰত বলিয়া হৈ তেতিয়া মন কৰিব আপোনাৰ হৃদস্পন্দন(Heart Rate)অভাবনীয় হাৰত বাঢ়ি গৈছে। দৰাচলতে, খঙ কৰিলেই হৃদযন্ত্ৰৰ স্পন্দন বাঢ়ি যায় হিচাপতকৈ। ইফালে আকৌ আপুনি কাজিয়াত লিপ্ত হৈছে! অন্ততঃ এখোজ পিছুৱাই এবাৰলৈ হ’লেও ভাবি চাওঁকচোন হৃদযন্ত্ৰৰ স্পন্দন কেনেধৰণে, কিয় আৰু কিমান গতিত বাঢ়িবলৈ ধৰিছে?! তেনেকুৱা এটা সংকটকালীন(Critical)সময়ত হৃদযন্ত্ৰটোৰ কথা চিন্তা কৰি আপুনি নিজক নিয়ন্ত্ৰণ কৰিব লাগিব। এয়াই হ’ল মানুহ আৰু পশুৰ মাজত থকা বিভেদ আৰু মনুষ্যত্বৰ চৰম পৰীক্ষা। এই পৰীক্ষাত আপুনি সফলতাৰে উত্তীৰ্ণ হোৱাটো নিতান্তই বাঞ্চনীয়। অৱধাৰিত। অন্যথা নিজেই নিজৰ বিপদ মাতি অনাৰ দৰে হ’ব। যি বিপদে হয়তো আপোনাক মৃত্যুমুখত ঠেলি দিব পাৰে। থোৰতে ক’বলৈ গ’লে:

(১)খঙ কৰিলে ৰক্তচাপ(Blood Pressure)হঠাতে বৃদ্ধি পায়, ফলত হৃদযন্ত্ৰই অধিক জোৰে কাম কৰিবলগীয়া হয়।

 ‌(২)হৃদস্পন্দনৰ গতি(Heart Rate)বৃদ্ধি পায়, অৰ্থাৎ হৃদযন্ত্ৰ দ্ৰুতগতিত স্পন্দিত হয়।

 (৩)ষ্ট্ৰেছ হ’ৰম’ন (যেনে Adrenaline)বৃদ্ধি পায়, যিয়ে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰে।

(৪)অনিয়মিত হৃদস্পন্দন(Arrhythmia) হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে।

(৫)হাৰ্ট এটেক(Heartattack)(বিশেষকৈ আগতেই হৃদৰোগ থকা ব্যক্তিৰ ক্ষেত্ৰত)হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

(৬)দীৰ্ঘদিন ধৰি সঘনাই খঙ কৰি থাকিলে উচ্চ ৰক্তচাপ(High Blood Pressure)হ’ব পাৰে।

(৭)হৃদৰোগ হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে।

(৮)ষ্ট্ৰ’ক(Stroke)হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

পুনশ্চঃ  জীৱন পথত ওপৰত উল্লেখিত কাৰণ কিছুমানত যে মানুহ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে, সেয়া Universal Truth বুলি ধৰি লওক। আজিয়েই। এতিয়াই।

শেষত, মোৰ বিনম্ৰ অনুৰোধ: হে জীৱশ্ৰেষ্ঠ মানৱ! ধৈৰ্য-সহনশীলতাক জীৱন ৰক্ষাৰ অমোঘ মন্ত্ৰ বুলি সাৰোগত কৰক একাগ্ৰ চিত্তে। একেলগে দুয়োকে স্থান দিয়ক অৱচেতন মনৰ একোণত, যাৰ ফল সময়ত নিজেই ভোগ কৰিব পাৰিব। উপভোগ্য হৈ উঠিব জীৱনৰ প্ৰতিটো মুহূৰ্ত।

ওঁ সৰ্বে ভবন্তু সুখিন: