জুবিন দা বিহীন ছেপ্টেম্বৰ : বিষাদৰ বুকুত এটি অমৰ সুৰ – উৰিশ্মা নাথ

জুবিন দা বিহীন ছেপ্টেম্বৰ : বিষাদৰ বুকুত এটি অমৰ সুৰ

 উৰিশ্মা নাথ , গৰুখুটি (দৰং) 
স্নাতকোত্তৰ ডিগ্ৰী (অসমীয়া বিভাগ)

ছেপ্টেম্বৰ মাহ আহিছে। কেলেণ্ডাৰৰ পাতত আকৌ এটা নতুন মাহৰ নাম, আকাশত শৰৎ অহাৰ আগজাননী, বতাহত কহুঁৱাৰ কোমল সুবাস। প্ৰকৃতিয়েও যেন আগৰ দৰেই ঋতুৰ বৰ্ণমালা সজাইছে। কিন্তু আমাৰ বাবে এই ছেপ্টেম্বৰ মাহটো আগৰ সেই ছেপ্টেম্বৰ মাহৰ দৰে নহয়। এইবাৰ ছেপ্টেম্বৰ আহিছে জুবিন দা বিহীন। কেতিয়াবা কোনোবা এজন মানুহ আমাৰ জীৱনৰ ইমান গভীৰতালৈ সোমাই যায় যে তেওঁৰ অনুপস্থিতিয়েও উপস্থিতিৰ দৰে আমাক অনবৰতে স্পৰ্শ কৰি থাকে। তেওঁ নাথাকিলেও তেওঁৰ মাতটো শুনা যায়, তেওঁৰ হাঁহিটো মনত বাজি থাকে, তেওঁ গোৱা গীতৰ প্ৰতিটো শব্দ বুকুৰ কোনোবা এটা নিৰ্জন কোণত গৈ বাজি থাকে। জুবিন দা তেনে এজন মানুহ আছিল। আমাৰ বাবে তেখেত কেৱল এজন শিল্পীয়েই নহয়, আমাৰ বহুজনৰ শৈশৱ, কৈশোৰ, প্ৰেম, বিৰহ, আনন্দ আৰু নীৰৱ কান্দোনৰ এক অবিচ্ছেদ্য সংগী আছিল তেওঁ। ছেপ্টেম্বৰৰ এই মেঘময় পুৱাবোৰত কেতিয়াবা অজানিতে তেওঁৰ গান এটা বাজি উঠে। গানটোৰ সুৰ আগৰ দৰেই, শব্দবোৰো একেই; মাথোঁ সুৰৰ মাজত এতিয়া কিবা এটা হেৰাই যোৱাৰ কৰুণ প্ৰতিধ্বনি শুনা যায়। যি কণ্ঠই এদিন আমাৰ নিসংগতাক সংগ দিছিল, আজি সেই একে কণ্ঠই আমাৰ বুকুত তেওঁৰ অনুপস্থিতিৰ শূন্যতা আৰু অধিক গভীৰ কৰি তোলে। জীৱনটো সঁচাকৈয়ে বৰ আচৰিত। আমি ভাবিছিলোঁ, জুবিন দা সদায় থাকিব। হয়তো মঞ্চত উঠিব, গীত গাব, কেতিয়াবা হাঁহি হাঁহি কিবা এটা ক’ব আৰু আমি দূৰৰ পৰাই তেওঁৰ মাতত নিজৰ আপোন ঘৰখন বিচাৰি পাম। কিন্তু সময়ৰ কিছুমান সিদ্ধান্তৰ আগত মানুহ বৰ অসহায়। কিছুমান বিদায় ইমান আকস্মিক হয় যে মনটোৱে তাক মানি ল’বলৈ বহুদিন সময় লয়। এতিয়াও বাটেৰে গৈ থাকোঁতে কেতিয়াবা ভাবোঁ, এইখনেই সেই পৃথিৱীনে ? যিখন পৃথিৱীত জুবিন দা আৰু নাই ? আকাশখন কিয় এতিয়াও ইমান একেই ? বতাহজাক কিয় এতিয়াও একেদৰেই বলি আছে ? নদীখন কিয় আগৰ দৰেই শান্ত-সমাহিত মনেৰে বৈ গৈছে ? হয়তো পৃথিৱীৰ নিয়ম এনেকুৱাই। কোনোবা এজনৰ বাবে সময় কেতিয়াও থমকি নৰয়। কিন্তু মানুহৰ মনৰ ভিতৰত কিছুমান মুহূৰ্ত সঁচাকৈয়ে থমকি ৰয়। জুবিন দাৰ বিদায়ৰ সেই মুহূৰ্তটোও আমাৰ বহুজনৰ মনত তেনেকৈয়ে খোপনি পুতি ৰৈ গ’ল এটা অসম্পূৰ্ণ গীতৰ দৰে, যাৰ শেষৰ কলিটো আৰু কেতিয়াও শুনিবলৈ নাপাম। তেওঁক আমি কেৱল তেওঁৰ গানতেই বিচাৰি নাপাওঁ। বিহুৰ ঢোলত, বৰষুণৰ টোপালত, সন্ধিয়াৰ নিৰ্জনতাত, প্ৰেমিকৰ চকুত, বিৰহীৰ উশাহত, অসমৰ মাটিৰ গোন্ধত এই সৰ্বত্ৰতে যেন তেওঁৰ সুৰৰ একো একোটা কণা মিহলি হৈ আছে। জুবিন দাই আমাক শিকাই থৈ গ’ল যে গান কেৱল কাণেৰে শুনা বস্তু নহয়; গান হৃদয়েৰে জীয়াই ৰখা বস্তু। সেইবাবেই হয়তো তেওঁ নথকাৰ পিছতো তেওঁৰ গানবোৰ আজিও মৰি যোৱা নাই। বৰং প্ৰতিটো গীত এতিয়া একো একোটা স্মৃতি, একো একোটা নীৰৱ আলিংগন। এই ছেপ্টেম্বৰ মাহটো সেয়ে আমাৰ বাবে কেৱল ঋতু সলনিৰ মাহ নহয়। এয়া স্মৃতিৰ মাহ। এয়া অসমৰ এক মূল্যৱান সম্পদ হেৰুওৱাৰ মাহ। এয়া চকুৰ কোণত লুকুৱাই ৰখা অশ্ৰুৰ মাহ। জুবিন দা, আপুনি আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই। কিন্তু আপোনাৰ সুৰ আছে। আপোনাৰ গীত আছে। আপোনাৰ কণ্ঠৰ উম আছে আৰু আছে লাখ লাখ মানুহৰ হৃদয়ত আপোনাৰ বাবে ৰৈ যোৱা এক অকথিত ভালপোৱা। হয়তো মানুহ এদিন আঁতৰি যায়, কিন্তু তেওঁ দি যোৱা অনুভৱবোৰ কেতিয়াও আঁতৰি নাযায়। কিছুমান মানুহ শৰীৰেৰে বিদায় লোৱাৰ পাছতো স্মৃতিৰ পৃষ্ঠাত আজীৱন জীয়াই থাকে। কিছুমান কণ্ঠ নীৰৱ হৈ পৰাৰ পাছতো সময়ৰ বুকুত যুগ যুগ ধৰি বাজি থাকে। আপুনিও তেনে এজন, যাৰ অস্তিত্ব কেৱল এটি নাম নহয়, এটি অনুভৱ; কেৱল এটি কণ্ঠ নহয়, অসমৰ আকাশে-বতাহে মিহলি হৈ যোৱা এক সুৰ। আকাশত আকৌ শৰৎ নামিব। কহুঁৱাই বতাহত মূৰ দোৱাই হাঁহিব। নদী নিজৰ চিৰন্তন সোঁতত বৈ থাকিব। ঋতু সলনি হ’ব, দিনবোৰ পাৰ হৈ যাব, জীৱনেও নিজৰ গতিত আগুৱাই যাব। মাথোঁ কোনোবা এটা নিৰ্জন সন্ধিয়াত, হঠাৎ যেতিয়া আপোনাৰ এটি গান নীৰৱতাক ভেদি বাজি উঠিব, তেতিয়া আমি হয়তো অলপ সময়ৰ বাবে হ’লেও চকু মুদি মনে মনে ক’ম, “জুবিন দা, আপুনি ক’লৈকো যোৱা নাই। আপুনি আমাৰ ওচৰত গান হৈ, আমাৰ স্মৃতিৰ প্ৰতিটো কোণত জীয়াই আছে। ব্ৰহ্মপুত্ৰৰ সোঁতৰ দৰে আমাৰ অনুভৱৰ মাজেৰে নিৰন্তৰে বৈ আছে। আপুনি অসমৰ আকাশত, অসমৰ মাটিত আৰু অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত আজি, কাইলৈ আৰু আজীৱন এটি অমৰ সুৰ হৈ বাজি থাকিব।”