ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেষ্ট পেনস্মিথ বঁটাৰে লক্ষীমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰীণিতা দেৱীয়ে
লক্ষীমপুৰ ,ৰঙিলী বাৰ্ত্তাসেৱা- লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ শ্ৰী যুত ললিত শৰ্মা আৰু শ্ৰী যুতা কুঞ্জ দেৱী গোস্বামীৰ কন্যা পৰীণিতা দেৱী এগৰাকী উদীয়মান প্ৰকৃতিপ্ৰেমী কবি। নিজৰ সৃষ্টিশীল সাহিত্যকৰ্মৰে তেওঁ ইতিমধ্যে সাহিত্যক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। সৰুৰে পৰা সাহিত্যচৰ্চা কৰি অহা প্ৰতিভাশালী পৰীণিতা দেৱীয়ে ইতিমধ্যে নিজৰ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্যপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে গ্ৰন্থবৰ্ষ ২০২৫ উপলক্ষে অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদে আগবঢ়োৱা ‘যুৱ লেখক সন্মান ‘২০২৫’লাভ কৰি তেওঁ বিশেষ স্বীকৃতি অৰ্জন কৰে।এই সন্মান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল। ইয়াৰ পাছত ২০২৬ বৰ্ষত শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা ‘সাহিত্য সুৰভি বঁটা’ লাভ কৰি পৰীণিতা দেৱীয়ে সাহিত্যক্ষেত্ৰত নিজৰ যোগ্যতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ডিজিটেল সাহিত্যিক প্ৰতিষ্ঠান ‘এইচ এছ প্ৰকাশনৰ’ উদ্যোগত ‘Pen Your Potential’ শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত ‘Best Pensmith Awards 2026’ ত পৰীণিতা দেৱীয়ে শ্ৰেষ্ঠ ১০০গৰাকী লেখকৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ প্ৰায় ১৭,৬০৩গৰাকী প্ৰতিযোগীৰ মাজত হোৱা তীব্ৰ প্ৰতিযোগিতাত নিজৰ মৌলিক আৰু মননশীল সাহিত্যসৃষ্টিৰে তেওঁ ১৬ নম্বৰ স্থান অধিকাৰ কৰিছে। তেওঁৰ লেখাত প্ৰকৃতিৰ প্ৰতি থকা গভীৰ অনুৰাগ, জীৱনবোধ আৰু সংবেদনশীল অনুভৱৰ প্ৰকাশ ঘটিছে। নিজস্ব চিন্তা, অনুভৱ আৰু সৰল অথচ অৰ্থৱহ ভাষাশৈলীৰে পাঠকৰ মনত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হোৱা পৰীণিতা দেৱীৰ এই স্বীকৃতিয়ে তেওঁৰ সাহিত্যযাত্ৰাত এক নতুন আশাৰ বাট মুকলি কৰিছে। এই সন্মানসমূহে তেওঁৰ সাহিত্যসাধনাক অধিক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতে অধিক মননশীল আৰু সৃষ্টিশীল সাহিত্য ৰচনাৰ বাবে অনুপ্ৰেৰণা যোগাইছে। তেওঁৰ এই সাফল্যত লক্ষীমপুৰ জিলাৰ লগতে বিহপুৰীয়াৰ সাহিত্যপ্ৰেমী কবি আৰু শুভাকাংক্ষীসকলে আনন্দ প্ৰকাশ কৰি উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
