অনুগল্পঃ
শূণ্য
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
নিশামণিৰ সুখৰ সংসাৰ।দুটি মৰম লগা নোদোকা -নোদোক ল’ৰা-ছোৱালী।তাইৰ প্ৰতিটো খোজতে সাহস দিয়া মৰমেৰে আৱৰি ৰখা স্বামী জিতেন।বৰ হোজা মানুহ জন।মাকহেন শাহু।গোহালিত গৰু।ভঁৰালত বছৰেকৰ ধান।চৰকাৰী চাকৰি নহ’লেও,অভাৱ একোৰে নাই।হাঁহি ধেমালিৰে সিহঁতৰ জীৱন ভৰি থাকে।
কিন্তু, নিমিষতে সকলো নিঃশেষ।বলিয়া বানে উটোৱাই লৈ গ’ল নিশামণিৰ সৰ্বস্ব।এতিয়া সকলো শূণ্য ,নিস্তব্দ। অকল বাচি ৰ’ল তাই।বুকুত একুৰা জীয়া জুই।যি কুৰা জুইৰ তাপে জীয়াই জীয়াই পুৰিব।।
