তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগত কেৰিয়াৰৰ সম্ভাৱনা
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী
বিশ্বৰ অৰ্থনীতি, ঔদ্যোগিক বিকাশ আৰু আধুনিক জীৱনযাত্ৰাৰ অন্যতম মূল ভেটি হৈছে শক্তি। এই শক্তিৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে তেল আৰু প্ৰাকৃতিক গেছৰ ভূমিকা এতিয়াও উল্লেখযোগ্য। পৰিবহণ, বিদ্যুৎ উৎপাদন, পেট্ৰ’কেমিকেল, সাৰ, ঔষধ, বিমান, জাহাজ , ঘৰুৱা ইন্ধন আদি দৰে বহুতো ক্ষেত্ৰ এই উদ্যোগৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। ভাৰতৰ দৰে দ্ৰুতগতিত উন্নয়নশীল দেশত শক্তিৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে এই খণ্ডত দক্ষ কাৰিকৰী কৰ্মীৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে।
তেল আৰু গেছ উদ্যোগ বুলি ক’লে সাধাৰণতে পেট্ৰলিয়াম বা ৰাসায়নিক অভিযন্তাৰ কথা মনলৈ আহে। কিন্তু এই বিশাল উদ্যোগটো সফলভাৱে চলাই নিবলৈ অভিযন্তাৰ লগতে বিভিন্ন কাৰিকৰী আৰু দক্ষ কৰ্মীৰ প্ৰয়োজন হয়। অপাৰেটৰ, ৰক্ষণাবেক্ষণ টেকনিচিয়ান, ৱেল্ডাৰ, পাইপ ফিটাৰ, ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ান, সুৰক্ষা কৰ্মী, গুণগত মান পৰীক্ষক, লেবৰেটৰী টেকনিচিয়ান আদি বহুতো পেছাই এই উদ্যোগৰ সৈতে জড়িত। সেয়েহে আই টি আই, পলিটেকনিক ডিপ্লমা, এপ্ৰেণ্টিছশ্বিপ অথবা দক্ষতাভিত্তিক প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতীৰ বাবে এই খণ্ডত যথেষ্ট কেৰিয়াৰ সম্ভাৱনা আছে।
তেল আৰু গেছ উদ্যোগক সাধাৰণতে আপষ্ট্ৰিম, মিডষ্ট্ৰিম আৰু ডাউনষ্ট্ৰিম—এই তিনিটা পৰ্যায়ত ভাগ কৰা হয়। আপষ্ট্ৰিম খণ্ডত তেল আৰু গেছৰ অন্বেষণ, ভূতাত্ত্বিক জৰীপ , ড্ৰিলিং আদি কাম সম্পন্ন হয়। মিডষ্ট্ৰিম খণ্ডত পাইপলাইন, ষ্ট’ৰেজ সুবিধা , এল এন জি টাৰ্মিনেলৰ জৰিয়তে তেল আৰু গেছৰ পৰিবহণ আৰু সংৰক্ষণ কৰা হয়। আনহাতে ডাউনষ্ট্ৰিম খণ্ডত শোধনাগাৰ, পেট্ৰলিয়াম সামগ্ৰী উৎপাদন, পেট্ৰ’কেমিকেল, বিপণন , বিতৰণ আদি অন্তৰ্ভুক্ত। এই তিনিওটা পৰ্যায়তে বিভিন্ন স্তৰৰ দক্ষ কাৰিকৰী কৰ্মীৰ প্ৰয়োজন হয়।
আপষ্ট্ৰিম খণ্ডত ৰিগ টেকনিচিয়ান, ডেৰিকমেন, ফ্ল’ৰহেণ্ড , ৰাউষ্টাবাউট আদি পদত কাম কৰাৰ সুযোগ আছে। তেওঁলোকে ড্ৰিলিং সঁজুলি পৰিচালনাত সহায় কৰা, পাইপ আৰু সামগ্ৰী চম্ভলা, যন্ত্ৰপাতিৰ ৰক্ষণাবেক্ষণ আৰু ৰিগত দৈনন্দিন কাৰ্য সম্পাদনত সহযোগিতা কৰাৰ দৰে দায়িত্ব পালন কৰে।
তেল আৰু গেছৰ নিৰাপদ পৰিবহণৰ বাবে পাইপলাইন টেকনিচিয়ানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পাইপলাইন স্থাপন, ভালভ আৰু নিয়ন্ত্ৰণ সঁজুলিৰ ৰক্ষণাবেক্ষণ, লিক চিনাক্তকৰণ, ক্ষয় পৰ্যবেক্ষণ , মেৰামতি আদি তেওঁলোকৰ প্ৰধান কাম। ভাৰতৰ বিভিন্ন অঞ্চলত চিটি গেছ বিতৰণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলতো গেছ পাইপলাইন আৰু বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত দক্ষ কৰ্মীৰ বাবে নতুন সুযোগ সৃষ্টি হৈছে।
শোধনাগাৰত খাৰুৱা তেলক পেট্ৰ’ল, ডিজেল, বিমান ইন্ধন, এল পি জি ,লুব্ৰিকেণ্ট আদি বিভিন্ন সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়।ৰিফাইনেৰী প্ৰচেছ টেকনিচিয়ানসকলে উৎপাদন প্ৰক্ৰিয়া নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত সহায় কৰে। প্ৰক্ৰিয়া নিয়ন্ত্ৰণ, যন্ত্ৰপাতি, স্বয়ংক্ৰিয়কৰণ আৰু ঔদ্যোগিক সঁজুলিৰ মৌলিক জ্ঞান এই ক্ষেত্ৰত বিশেষ সহায়ক।
ইয়াৰ সমান্তৰালভাৱে যান্ত্ৰিক, বৈদ্যুতিক , ইনষ্ট্ৰুমেণ্টেচন ৰক্ষণাবেক্ষণ টেকনিচিয়ান আদিৰো যথেষ্ট চাহিদা আছে। যান্ত্ৰিক টেকনিচিয়ানে পাম্প, কম্প্ৰেছাৰ, টাৰ্বাইন, হিট এক্সচেঞ্জাৰ,ভালভ আদি যন্ত্ৰপাতি পৰীক্ষা আৰু ৰক্ষণাবেক্ষণ কৰে। বৈদ্যুতিক টেকনিচিয়ানে মটৰ, ট্ৰেন্সফৰ্মাৰ, চুইচগিয়াৰ আৰু শক্তি বিতৰণ ব্যৱস্থা চম্ভালে। ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ানে চেন্সৰ, ফ্ল’মিটাৰ, চাপ ট্ৰেন্সমিটাৰ, পিএলচি, ডিচিএছ আৰু নিয়ন্ত্ৰণ ভালভ পৰীক্ষা, মানাংকন আৰু ৰক্ষণাবেক্ষণ কৰে। উদ্যোগসমূহত স্বয়ংক্ৰিয়কৰণ বৃদ্ধি পোৱাৰ লগে লগে এই দক্ষতাসমূহৰ গুৰুত্বও বৃদ্ধি পাইছে।
তেল আৰু গেছ উদ্যোগত বৃহৎ পাইপলাইন, ষ্ট’ৰেজ টেংক, চাপৰ পাত্ৰ, প্ৰচেছ প্লাণ্ট আৰু অন্যান্য ঔদ্যোগিক গাঁথনি নিৰ্মাণত ৱেল্ডাৰ আৰু পাইপ ফিটাৰৰ প্ৰয়োজন হয়। টিআইজি, এমআইজি, এছএমএডব্লিউ, এফচিএডব্লিউ ,ছাবমাৰ্জড আৰ্ক ৱেল্ডিঙ আদি প্ৰযুক্তিত দক্ষতা থাকিলে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সুযোগ লাভ কৰিব পাৰি। পাইপ ফিটাৰসকলে পাইপিং ব্যৱস্থাৰ মাপ নিৰ্ধাৰণ, সংযোজন, স্থাপন আৰু পৰীক্ষাৰ কাম কৰে।
ইয়াৰ উপৰি বয়লাৰ অপাৰেটৰ, কম্প্ৰেছাৰ টেকনিচিয়ান, পাম্প টেকনিচিয়ান, ষ্ট’ৰেজ টেংক টেকনিচিয়ান, টাৰ্মিনেল অপাৰেচন টেকনিচিয়ান আৰু এল এন জি প্লাণ্ট টেকনিচিয়ান আদি পেছাতো কৰ্মসংস্থাপনৰ সুযোগ আছে। এল এন জি আৰু চি এন জি ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰ সম্প্ৰসাৰিত হোৱাৰ লগে লগে এই দক্ষতাসমূহৰ চাহিদাও বৃদ্ধি পাব পাৰে।
তেল আৰু গেছ উদ্যোগত স্বাস্থ্য, সুৰক্ষা আৰু পৰিৱেশৰ গুৰুত্ব সৰ্বাধিক। দাহ্য সামগ্ৰী, উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ সৈতে কাম কৰিবলগীয়া হোৱা বাবে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। স্বাস্থ্য, সুৰক্ষা আৰু পৰিৱেশ টেকনিচিয়ান আৰু ফায়াৰ এণ্ড ছেফটি টেকনিচিয়ানসকলে বিপদ মূল্যায়ন, কামৰ অনুমতি, অগ্নি সুৰক্ষা, গেছ পৰীক্ষা, জৰুৰীকালীন সঁহাৰি আৰু সুৰক্ষা পৰিদৰ্শনৰ দৰে কাম কৰে।
একেদৰে নন- ডিষ্ট্ৰক্টিভ টেষ্টিং (এন ডি টি) টেকনিচিয়ান, ক’ৰ’চন টেকনিচিয়ান, কোৱালিটি কণ্ট্ৰ’ল টেকনিচিয়ান , লেবৰেটৰী টেকনিচিয়ানৰো গুৰুত্ব আছে। নন-ডিষ্ট্ৰক্টিভ টেষ্টিং পদ্ধতিৰ জৰিয়তে পাইপলাইন, ৱেল্ড আৰু চাপৰ পাত্ৰৰ ক্ষতি নকৰাকৈ আল্ট্ৰাছ’নিক, ৰেডিঅ’গ্ৰাফিক, মেগনেটিক কণা পৰীক্ষা কৰা হয়। ক’ৰ’চন টেকনিচিয়ানে যন্ত্ৰপাতি আৰু পাইপলাইনৰ ক্ষয় ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে লেবৰেটৰী টেকনিচিয়ানে তেল, গেছ আৰু ইন্ধনৰ মানদণ্ড পৰীক্ষা কৰে।
এই খণ্ডত কেৰিয়াৰ গঢ়িবলৈ কেৱল তাত্ত্বিক জ্ঞানেই যথেষ্ট নহয়। কাৰিকৰী দক্ষতাৰ লগতে অনুশাসন, দলগতভাৱে কাম কৰাৰ ক্ষমতা, সমস্যা সমাধান, সুৰক্ষাৰ প্ৰতি সজাগতা আৰু যোগাযোগ দক্ষতা অতি প্ৰয়োজনীয়। টেকনিকেল ড্ৰয়িং, কম্পিউটাৰ ব্যৱহাৰ, ঔদ্যোগিক অটোমেচন আৰু ডিজিটেল সঁজুলিৰ মৌলিক জ্ঞানো কেৰিয়াৰত সহায়ক।
দশম বা দ্বাদশ শ্ৰেণীৰ পাছত শিক্ষাৰ্থীয়ে আই টি আইত ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক বা ডিজেল মেকানিক আদি পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি মেকানিকেল, ইলেক্ট্ৰিকেল , ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং আদি বিষয়ত পলিটেকনিক ডিপ্লমা, এপ্ৰেণ্টিছশ্বিপ আৰু স্বীকৃতিপ্ৰাপ্ত দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে এই উদ্যোগত প্ৰৱেশৰ পথ মুকলি হয়।
ভাৰতত অইল ইণ্ডিয়া লিমিটেড, অ’ এন জি চি, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম, গেইল, নুমলীগড় শোধনাগাৰ লগতে বহুতো ই পি চি, পেট্ৰ’কেমিকেল, গেছ বিতৰণ আৰু ব্যক্তিগত উদ্যোগত কাৰিকৰী কৰ্মীৰ কৰ্মীৰ বাবে সুযোগ আছে।
অভিজ্ঞতা আৰু দক্ষতা আহৰণ কৰাৰ পিছত স্ব-নিয়োজনৰ পথো বাছি ল’ব পাৰি। ৱেল্ডিং আৰু ফেব্ৰিকেচন ৱৰ্কশ্বপ, পাইপ ফেব্ৰিকেচন ইউনিট, ঔদ্যোগিক ৰক্ষণাবেক্ষণ সেৱা, সঁজুলি চাৰ্ভিচিং, সুৰক্ষা সেৱা আৰু এন ডি টি পৰিদৰ্শন আদি ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনা আছে।
তেল আৰু গেছ উদ্যোগৰ আন এটা উল্লেখযোগ্য দিশ হৈছে আন্তঃৰাষ্ট্ৰীয় কৰ্মসংস্থান। মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ উপৰি মালয়েছিয়া, অষ্ট্ৰেলিয়া, নৰৱে, কানাডা আদি দেশতো দক্ষ কাৰিকৰী কৰ্মীৰ সুযোগ থাকে। বিশেষকৈ উন্নত ৱেল্ডিং, এন ডি টি, ঔদ্যোগিক সুৰক্ষাৰ আদি ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ, প্ৰমাণপত্ৰ আৰু ব্যৱহাৰিক অভিজ্ঞতা থাকিলে আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সম্ভাৱনা বৃদ্ধি পায়।
নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি পালেও তেল আৰু প্ৰাকৃতিক গেছ বিশ্ব শক্তি ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ সম্ভাৱনা আছে। একে সময়তে এল এন জি, চি এন জি, হাইড্ৰজেন, কাৰ্বন কেপচাৰ এণ্ড ষ্ট’ৰেজ, ডিজিটেল অইলফিল্ড, আৰ্টিফিচিয়েল ইনটেলিজেন্স, ইণ্ডাষ্ট্ৰিয়েল অটোমেচন, ৰিম’ট মনিটৰিং আৰু প্ৰিডিক্টিভ মেইণ্টেনেন্সৰ দৰে প্ৰযুক্তিয়ে উদ্যোগটোৰ কৰ্মপদ্ধতি সলনি কৰিছে। ফলত ভৱিষ্যতৰ কাৰিকৰী কৰ্মীৰ বাবে পৰম্পৰাগত দক্ষতাৰ লগতে ডিজিটেল আৰু স্বয়ংক্ৰিয়কৰণভিত্তিক জ্ঞান আহৰণ কৰাটো ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
সামগ্ৰিকভাৱে তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ কেৱল অভিযন্তাসকলৰ বাবে সীমাবদ্ধ এক ক্ষেত্ৰ নহয়; ই বিভিন্ন স্তৰৰ দক্ষ আৰু প্ৰশিক্ষিত কৰ্মীৰ বাবে এক বিস্তৃত কেৰিয়াৰ ক্ষেত্ৰ। উপযুক্ত কাৰিকৰী শিক্ষা, ব্যৱহাৰিক প্ৰশিক্ষণ, সুৰক্ষাৰ প্ৰতি সচেতনতা আৰু নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাব পৰা ক্ষমতা থাকিলে যুৱক-যুৱতীসকলে এই খণ্ডত দেশৰ ভিতৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক সুদৃঢ় আৰু সম্ভাৱনাময় কেৰিয়াৰ গঢ়ি তুলিব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।
