নীতিন নবীনৰ সমিতি গঠন

Pc Aajkaal

নীতিন নবীনৰ সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সোমবাৰে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনৰ নতুন টীম।  বয়সত সর্বকনিষ্ঠ হিচাপে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীন। এইবাৰ নিজৰ পছন্দ মতে টীম গঢ়িছে তেওঁ। নবীনৰ নেতৃত্বত বিজেপিৰ নতুন বিষয়ববীয়াসকলৰ নামৰ তালিকা প্রকাশ কৰা হৈছে সোমবাৰে। সৰ্বভাৰতীয় বিষয়ববীয়াসকলৰ তালিকাত প্রবীণ আৰু নতুন মুখেৰে ভাৰসাম্য অনাৰ চেষ্টা কৰিছে দলৰ কেন্দ্রীয় নেতৃত্বই। নতুন টীমত গুৰুত্বপূর্ণ পদ লাভ কৰিছে বসুন্ধৰা ৰাজে সিন্ধিয়া, স্মৃতি ইৰাণী, ৰাম মাধৱৰ দৰে পৰিচিত মুখবোৰে। দলৰ গুৰুত্বপূৰ্ণ পদ সাধাৰণ সম্পাদক (সংগঠন)ৰ দায়িত্ব দিয়া হৈছে কৰ্ণাটকৰ নেতা ডি এল সন্তোষক। ৮জন সাধাৰণ সম্পাদকৰ তালিকাত আছে-প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্রী বিপ্লৱ দেৱ, সুনীল বাঞ্চাল, মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিৰোধী দলপতি বিনোদ টাওড়ে, সতীশ পুনীয়া, গজেন্দ্ৰ পেটেল, হৰিশ দ্বিবেদী আৰু সঞ্জয় ভাটিয়া। যুটীয়া সাধাৰণ সম্পাদক (সংগঠন) দুজন-প্রাক্তন আৰএছএছ নেতা শিৱপ্ৰকাশ আৰু সৌদান সিং। আৰএছএছৰ পৰা অকলে বিজেপি ৰাজনীতিত যোগ দি সাধাৰণ সম্পাদক হৈছিল ৰাম মাধৱ। পৰৱৰ্তী সময়ত পুনৰ সক্ৰিয় ৰাজনীতিৰ পৰা দূৰলৈ আঁতৰি গৈছিল তেওঁ। নতুন সমিতিখনত তেওঁক উপ-সভাপতি বাছনি কৰা হৈছে। উপ-সভাপতিসকলৰ তালিকাত আছে-ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে, উত্তৰাখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী তীর্থসিং ৰাৱাট, প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ভাৰতী পাৱাৰ, ওড়িশাৰ নেতা বৈজয়ন্ত পাণ্ডা, পঞ্জাবৰ দলত্যাগী কংগ্ৰেছ নেতা মনপ্রীত সিং বাদল, পশ্চিমবংগৰ নেত্রী মধুছন্দা কৰ আৰু সংখ্যালঘু নেতা তাৰিক মঞ্চ। ১৬জন সৰ্বভাৰতীয় সম্পাদকৰ ভিতৰত আছে-অসমৰ বিজেপি নেতা মৃগাংক দেৱবৰ্মন, সন্দীপ পাঠক, কেৰেলামৰ কংগ্ৰেছ নেতা এছে এণ্টনীৰ পুত্ৰ অনিল এণ্টনী, ৰোহন গুপ্তা আৰু পশ্চিমবংগৰ নেতা মনোজ তিগ্গা।  বিজেপিৰ সূত্র মতে, নীতিনৰ টীম ঘোষণাৰ সৈতে মন্ত্রীসভাৰ সালসলনিৰ যিদৰে সম্পৰ্ক আছে, তেনেদৰেই নতুন এই টীমটো গঢ়ি তোলা হৈছে আগন্তুক লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। লগতে আৰএছএছৰ সাংগঠনিক পৰিৱৰ্তনৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে দলটোৰ আইটি আৰু সামাজিক মাধ্যম চেলৰ দায়িত্বৰ পৰা আঁতৰোৱা হৈছে অমিত মালব্যক। তেওঁৰ ঠাইত দায়িত্ব লাভ কৰিছে ছত্তিশগড়ৰ দীপক মাস্কে। যুৱ মৰ্চাৰ সভাপতি পদৰ পৰা আঁতৰোৱা হৈছে লোকসভাৰ সাংসদ তেজস্বী সূর্যকো। কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেল হৈছে নতুন কোষাধ্যক্ষ।