তেওঁলোক বাৰু কুশলে আছেনে ?
বনজিত দাস ,ৰিহাবাৰী, বজালী
তেওঁলোক বাৰু কুশলে আছেনে ?
চিঞৰবোৰে বাৰে বাৰে কৈছিল
” আমাক মাৰি পেলোৱা হ’ল—-” ।
বুকুৰ মাজত
নিজ হাতেৰে গুজি দিয়া হ’ল
এপাত নিৰ্মম চুৰি,
ভাঙি পৰিল আপোন ঘৰ
নিশেষ হ’ল মানুহৰ ঠিকনা ।
কেৱল ঘৰবোৰ, মানুহবোৰেই
উতুৱাই নিয়া নাছিল
জন্তু অৰণ্য পথাৰ
লৈ গ’ল স্মৃতিৰ ধূলি
উৰুৱাই নিলে সত্যৰ সোঁত
আৰু
ইতিহাসৰ পৃষ্ঠাত ঢাকি দিলে
এটা যুগৰ আৰ্তনাদ ।
তথাপি
নিৰৱতাৰ তলত
আজিও কঁপি থাকে সেই চিঞৰ
মাটিৰ বুকুত গোপনে লিখি থয়–
তোমালোক বাৰু কুশলে আছানে ?
কোনে খান্দিলে কবৰ
কোনে জ্বলালে কৃষকৰ চিতা জুই
আপোনজনৰ হেৰুৱা আৰ্তনাদ
স্বাৰ্থলোভীৰ কুটিল হাতোৰা
কোনে ৰুধিবলৈ পাৰে
সত্যক
স্বীকাৰ নকৰিলেও
নীৰৱতাৰ গৰ্ভত
মাথো অপেক্ষা কৰে এটা সময়ক ।
প্ৰতিটো সংঘাতৰ আঁৰত
প্ৰতিটো ঘটনাৰ ছাঁত লুকাই থাকে
এটা কাৰন
এটা নোকোৱা ইতিহাস ।
সত্যক ঢাকি ৰাখিব পাৰি
কণ্ঠ ৰুধিবলৈ পাৰি
ইতিহাসৰ পৃষ্ঠাত কালিমা সানিব পাৰে
সময়ৰ স্মৃতিৰ পৰা মুচিব নোৱাৰে
কাৰন
সত্য কোনো কাগজৰ আখৰ নহয় —
ই মানুহৰ বিবেকত জ্বলি থকা
এটি অম্লান জুই
উত্তৰ বিচাৰে সময়ৰ আদালতে ।
তেওঁলোক বাৰু কুশলে আছেনে ?
