অৱসৰ জীৱনৰ মধুৰতা – নিবেদিতা  হাজৰিকা

Pc Unsplash

অৱসৰ জীৱনৰ মধুৰতা

নিবেদিতা  হাজৰিকা,লখিমপুৰ

অৱসৰ মানেই জীৱনৰ শেষ নহয়। অৱসৰৰ পাছতো জীৱনৰ আনন্দ লাভ কৰিব পাৰি। অৱসৰৰ মধুৰতা সুকীয়া আৰু অৰ্থবহ।কিন্তু ইয়াৰ বাবে প্ৰয়োজন সুচিন্তিত পৰিকল্পনাৰ।

অৱসৰ গ্ৰহণ কৰা ব্যক্তি মানেই এজন বৃদ্ধ তথা কাম কৰিবলৈ শাৰীৰিক আৰু মানসিক ভাৱে অক্ষম লোক নহয়।চাকৰিৰ পৰা অৱসৰ মানে জীৱনৰ সঞ্চিত সকলোবোৰ অভিজ্ঞতা আৰু সময়ৰ সদ্‌ব্যৱহাৰ কৰি অমূল্য জীৱনটো পাৰ কৰা। অৱসৰৰ পাছৰ জীৱন হ’ল   কৰ্মজীৱনৰ দায়িত্ব সামৰি ,কৰ্ম ব্যস্ততাৰ পৰা  মুক্ত হৈ নিজৰ ইচ্ছানুসৰি জীৱন উপভোগ কৰাৰ সুবৰ্ণ  সুযোগ।অৱসৰ মানে জীৱনৰ অৱসান নহয়,ই জীৱনৰ দ্বিতীয়  অধ্যায়হে।অৱসৰ লোৱা মানেই কামৰ পৰা বিৰতি লোৱা নুবুজায়, ই এক নতুন জীৱন আৰম্ভণিৰ প্ৰৱেশৰ সুচনাহে।অৱসৰ লোৱাৰ পাছত মনলৈ প্ৰথম অৱস্থাত অৱসাদ অহাতো স্বাভাৱিক।কিয়নো,দৈনন্দিন ৰুটিন খন অৱসৰৰ পাছত সলনি হৈ পৰে।কিন্তু এই সময় খিনিত হতাশ নহৈ মনটো সুস্থিৰ আৰু ইতিবাচক কৰি ৰাখিলে এই সময়খিনি হৈ পৰিব আটাইতকৈ মধুৰ।সেয়েহে ইয়াক হতাশা নহয়, বৰঞ্চ নিজৰ অপূৰ্ণ সপোন আৰু ইচ্ছা পূৰণৰ সোণালী সুযোগ হিচাপে গ্ৰহণ কৰা উচিত।কিয়নো,অৱসৰৰ জীৱনে নতুন চিন্তা আৰু কৰ্মোদ্যমেৰে জীৱন উপভোগ কৰাৰ সুযোগ প্ৰদান কৰে।

অৱসৰী  জীৱনটো সুন্দৰ আৰু আনন্দদায়ক কৰি তোলাটো সম্পূৰ্ণ নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে।অৱসৰী লোক সকলে প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপৰ বহীখন আঁতৰাই এনে কিছুমান সৃষ্টিশীল কামত মনোনিৱেশ কৰা ভাল ,যিবোৰ কামে আমাৰ শৰীৰ আৰু মন সৱল কৰি ৰখাত সহায় কৰে।এনেলোকে মানুহৰ মংগল চিন্তাৰে নিজৰ সঞ্চিত সম্পদ আৰু অভিজ্ঞতাৰ সদোপযোগ কৰিব পাৰে,  জীৱনৰ নতুন অৰ্থ বিচাৰি ল’ব লাগে।বহুতে অৱসৰৰ পাছত নিজকে একোজন লক্ষ্যহীন ব্যক্তি হিচাপে গণ্য কৰে।কিন্তু এনে হোৱা ,এনে কৰা  উচিত নহয়।অৱসৰৰ  পাছত সৃষ্টি হোৱা মানসিক অৱসাদ বা হতাশা আঁতৰাই ৰাখিবলৈ সদায়ে সক্ৰিয় হৈ থকা উচিত।

চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাটো জীৱনৰ এক স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ পৰ্যায়।ইয়াৰ লগত আনন্দ আৰু হতাশা দুয়োটাই জড়িত হৈ থাকে।অৱসৰৰ পাছৰ জীৱনটোক অকলশৰীয়া বা অসহনীয় যেন অনুভৱ কৰাৰ কোনো কাৰণ নাই।কিয়নো, জীৱনটোক নতুনকৈ  উপভোগ কৰাৰ সুযোগ প্ৰদান কৰে অৱসৰৰ পাছৰ সময়খিনিয়ে।কৰ্মব্যস্ততাৰ পৰা মুক্তি পোৱাটো যিদৰে এক সকাহ, ঠিক তেনেদৰে  দীৰ্ঘদিনীয়া  ৰুটিন এখন সলনি হোৱাৰ ফলত অকলশৰীয়া যেন অনুভৱ হোৱাটোও স্বাভাৱিক। অৱসৰৰ সময়খিনিক এক অভিশাপ বুলি নাভাবি ,ইয়াক  জীৱনৰ দ্বিতীয় ইনিংছ বা নতুনকৈ জীয়াই থকাৰ সুযোগ হিচাপে গ্ৰহণ কৰিলে জীৱনটো সাৰ্থক আৰু আনন্দময় কৰি তুলিব পাৰি।