স্বাধীনতা দিৱসৰ দিনাই অনশনত বহিল বিধায়ক অখিল গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে । আনহাতে,এই স্বাধীনতা দিৱসৰ দিনাই বিধায়ক অখিল গগৈ অনশনত বহিল । শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এটাই দাবী- শেহতীয়াকৈ উজনিৰ বানত ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া ৷ সমষ্টিবাসীক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত আঠঘণ্টীয়া অনশনত ভাগ লয় বিধায়কগৰাকীয়ে। বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম স্বৰ্ত হ’ল শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া । এই বান প্ৰাকৃতিক নহয় । নগালেণ্ড আৰু অসমত হোৱা ব্যাপক কয়লা-শিল খননৰ ফলত এই বানৰ সৃষ্টি হৈছে বুলিও তেওঁ কয় ৷ বিধায়ক গগৈয়ে এই অবৈধ খননত জড়িতসকলক শাস্তিৰ দাবী জনোৱাৰ লগতে বানত ক্ষতি হোৱা জিলাখনৰ আন্তঃগাঠনি পুনৰ নিৰ্মাণৰ দাবীও উত্থাপন কৰে ৷ লগতে সকলোতকৈ বেছি ক্ষতি হোৱা শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ বাবে ১০০০ কোটি টকাৰ বিশেষ পেকেজ দাবী কৰে । বিধায়ক গগৈয়ে কয়, আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস ৷ সকলোৱে অতি উলাহ-মালহেৰে এই দিনটো উদযাপন কৰিছে ৷ কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী উদযাপন কৰিব পৰা নাই ৷ যোৱা ১৯ জুলাইত আমাৰ এই তিনিখন জিলাত যি মহাপ্ৰলয় আহিল, ১৭৫০ চনত দিখৌত এনে মহাপ্ৰলয় আহিছিল, ১৯৫০ চনত ভৰভূঁইকঁপো আহিছিল, সেই সকলোবোৰতকৈও ডাঙৰ প্ৰলয় এইবাৰ হ’ল ৷ ইমান ডাঙৰ প্ৰলয় হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ কোনো সঁহাৰি নাহিল ৷
