মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি
ৰঙিলী বাৰ্ত্তাসেৱা- ৮০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠান সম্প্ৰচাৰিত হৈ থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত মুকলিকৈ প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ১৫ আগষ্টৰ পুৱা গুৱাহাটীৰ খানাপাৰাত আয়োজিত স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজৰ জৰিয়তে পোনপটীয়াভাৱে সম্প্ৰচাৰিত হৈ আছিল। এই লাইভ অনুষ্ঠান চলি থকাৰ সময়তে আব্দুল মোতালেব নামৰ এটা ফেচবুক একাউণ্টৰ পৰা কমেণ্ট বক্সত মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি ধাৰাবাহিকভাৱে কেইবাটাও আপত্তিজনক মন্তব্য কৰে। উক্ত একাউণ্টধাৰী লোকজনে কমেণ্টত উল্লেখ কৰে যে- কোনোবাই যদি তেওঁক ১ কোটি টকা দিয়ে, তেন্তে তেওঁ মুখ্যমন্ত্ৰীক হত্যা কৰিব। এই সন্দৰ্ভত যোগাযোগ কৰিবলৈ লোকজনে কমেণ্টটোতেই তেওঁৰ ফোন নম্বৰ মুকলিকৈ প্ৰকাশ কৰে।কমেণ্টত ‘পাকিস্তান জিন্দাবাদ’ ‘ধ্বনিও দিয়ে আব্দুল মোতালেব নামৰ লোকজনে। এই ভাবুকিৰ পাছতে ডিজিপি হৰমীত সিঙে ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল ৷ ডিজিপি সিঙে এই কথা ঘোষণা কৰাৰ কিছু সময়ৰ পাছতে মৰিগাঁও আৰক্ষীয়ে অভিযুক্তটোক আটক কৰে ৷ ডিজিপি সিঙে জনোৱা মতে, মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক মৰিগাঁৱৰ ভূৰাগাঁও আৰক্ষীয়ে আটক কৰিছে৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ত্ৰিৰংগ পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উপলক্ষে জনতাক উদ্দেশ্যি ভাষণ দি আছিল ৷ সেই সময়ত মুখ্যমন্ত্ৰীৰ ফেচবুক LIVE চলি আছিল ৷ তেতিয়াই আব্দুল মুতালেব নামৰ এটা একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া হৈছিল ।
