চৰকাৰী কৰ্মচাৰীক সকীয়নি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী সেৱা সৰলীকৰণ আৰু সুশাসন নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত বহু দিন ধৰি অমীমাংসিত হৈ থকা ফাইলসমূহ ক্ষিপ্ৰতাৰে নিৰ্পত্তি কৰাৰ উদ্দেশ্যে ‘মিছন সদ্ভাৱনা’ আৰু ‘প্ৰজেক্ট সদ্ভাৱনা’ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘোষণামতে, ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলক লৈ এই বিশেষ মিছন আৰু প্ৰজেক্ট গঠন কৰা হ’ব। অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ পৰা ‘মিছন মুড’ত এই অভিযান আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়সমূহত পেণ্ডিং হৈ থকা প্ৰতিটো ফাইল নিষ্পত্তিৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। লগতে ৰাইজৰ কাম সময়মতে সম্পূৰ্ণ নকৰা বা ফাইল পলম কৰা বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মুকলিকৈ সকিয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, “চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক আকৌ সকীয়াই দিছোঁ । ৰাইজৰ আৰু ধৈৰ্য্য পৰীক্ষা নল’ব । এই ডিজিটেল যুগত ৰাইজে আৰু সহ্য কৰি নাথাকে । ৰাইজৰ বাবে উৎসৰ্গিত হ’ব লাগিবই চৰকাৰী বিষয়া-কৰ্মচাৰী ।” মুখ্যমন্ত্রীয়ে কটন বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটি টকা ঘোষণা কৰে । লগতে ১০০০ গৰাকী কৃষকক মু্খ্যমন্ত্ৰী কৃষি উৎকৰ্ষ বঁটাৰে সন্মানিত কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, “মই জেন-জি কনচেপ্টক বিশ্বাস নকৰো । এইবোৰ ইউৰোপীয়ান বিষয় । মোৰ দৃষ্টিত কলেজত পঢ়া ল’ৰা-ছোৱালীসকল জেন-জি নহয় । সকলো মোৰ বাবে পুত্ৰ-কন্যা । ৰাজ্যত যুৱ শক্তিৰ উন্নয়নৰ বাবে নতুন এটা বিভাগ গঠনৰ কৰা হ’ব ।” মুখ্যমন্ত্ৰীয়ে লগতে কয়, “ৰাজ্যৰ ৪০ টা ৰাজহ চক্ৰত এতিয়াৰ পৰা তিনিটা প্ৰজন্মৰ নথি-পত্ৰ থাকিলেহে মাটি কিনা-বেচা কৰিব পাৰিব । নতুনকৈ ৬,০০০ কিলোমিটাৰ অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা হ’ব ।” মুখ্যমন্ত্রীয়ে সন্তানৰ শিক্ষাত অধিক বিনিয়োগ কৰিবলৈ পিতৃ-মাতৃসকললৈ আহ্বান জনায় । লগতে ভূগৰ্ভস্থ পানী ৰক্ষাৰ বাবে ৰাইজক বৰষুণৰ পানী সংৰক্ষণৰ লগত জড়িত হ’বলৈ আহ্বান জনায় । বাল্যবিবাহৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “বিগত ৫ বছৰত বাল্যবিবাহৰ ১২,১৯৬ টা গোচৰ ৰুজু হৈছিল । বাল্যবিবাহত অভিযুক্ত ১,০৯৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । অসম আৰক্ষীয়ে ১ নৱেম্বৰৰ পৰা পুনৰ এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে চলাব অভিযান । অসম আৰক্ষীয়ে আপোচবিহীনভাৱে অভিযান চলাব । আনহাতে বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ সৈতে সংসাৰ কৰা চৰকাৰী কৰ্মচাৰীসকলো সাৱধান হওক । প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয়া পত্নীৰ সৈতে সংসাৰ বা সম্পৰ্ক কৰাৰ অভিযোগ আহিলেই সেই চৰকাৰী চাকৰিয়ালৰ দৰমহাৰ ২০ শতাংশ কৰ্তন কৰি প্ৰথমা পত্নীৰ বেংকত দিয়া হ’ব । এই আইন বিধানসভাত আনিবলৈ আমি চেষ্টা কৰিম । অসম চৰকাৰে বাল্যবিবাহ আৰু বহু বিবাহক লৈ ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।
