বানপীড়িত জিলাৰ হেৰুওৱা ছন্দ ঘূৰাই আনিমঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা-গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । খানাপাৰাৰ খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক শ্ৰদ্ধাৰে স্মৰণ কৰে । নিজৰ ভাষণত প্ৰলয়ংকৰী বানৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানত প্ৰাণ হেৰুৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উজনিৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যত হোৱা প্ৰাকৃতিক দুৰ্যোগে আমাৰ অন্তৰ গধুৰ কৰি ৰাখিছে । দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি যাঁচিছো । ১০২ খন আসনে আমাক অহংকাৰী কৰা নাই, আমাক সেৱা আৰু দায়িত্বৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিছে । শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছোঁ যে আমি আপোনালোকৰ জিলাকেইখনলৈ হেৰুওৱা ছন্দ ঘূৰাই আনিম । আমি আমাৰ চেষ্টাৰ কোনো ত্ৰুটি নকৰোঁ । পুনৰ সংস্থাপনৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছোঁ । ১০ ছেপ্টেম্বৰৰ ভিতৰত ক্ষয়-ক্ষতিৰ এখন প্ৰকৃত ছবি আমাৰ ওচৰলৈ আহিব । বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত টকা-পইচাৰ অভাৱৰ সন্মুখীন হ’বলৈ নিদিওঁ । সকলো প্ৰত্যাহ্বান ওফৰাই যাম আমি । মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো । ধন্যবাদ জনাইছো এনডিআৰএফ আৰু এছডিআৰএফৰ লগতে প্ৰতিগৰাকী সেনা জোৱানক বানাক্ৰান্তক সহায় কৰাৰ বাবে । ধন্যবাদ জনাইছো বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আগুৱাই অহা প্ৰতিগৰাকীক লোকক ।” মুখ্যমন্ত্ৰীয়ে কয়, “বিগত ৫ বছৰত ৰাজ্যৰ অৰ্থনীতি ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে । অসমৰ ঐতিহ্যমণ্ডিত চাহ উদ্যোগ আৰু প্ৰাকৃতিক সম্পদৰ সমান্তৰালকৈ ঔদ্যোগিক খণ্ডত অসমে এক নতুন ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । অহা নৱেম্বৰ মাহৰ পৰাই ৰাজ্যৰ ছেমিকণ্ডাক্টৰ প্লাণ্টৰ পৰা চিপছ নিৰ্মাণ আৰু উৎপাদনৰ কাৰ্যসূচী আৰম্ভ হ’ব । ইয়াৰ জৰিয়তে বিশ্বৰ উদ্যোগ মানচিত্ৰত অসমে এক অনন্য আৰু নতুন মাত্ৰা লাভ কৰিব । এটা সময় আছিল যেতিয়া অসমে আন ৰাজ্যৰ উন্নয়নৰ আৰ্হি অনুসৰণ কৰিবলগীয়া হৈছিল । কিন্তু এতিয়া সেই দিন সলনি হৈছে । হাজাৰ প্ৰত্যাহ্বান নেওচি ৰাজ্যখনে নিজা ‘উন্নয়নৰ অসম মডেল’ গঢ়ি তুলিছে । অসম মডেলৰ ডাঙৰ সফলতা মেধাৰ ভিত্তিত স্বচ্ছ আৰু নিকা নিযুক্তি । যাৰ বাবে আজি অসমক আন ৰাজ্যই অনুসৰণ কৰে । অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গণি গণি ডেৰ লাখ কোটি টকা খৰচ কৰা হ’ব ।” লগতে ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, “বন্দে মাতৰম গীতটোক কংগ্ৰেছৰ একাংশ নেতাই খণ্ডিত কৰি দিছিল । পুনৰ এবাৰ এই গীতটোক তুলি ধৰিছে ভাৰত চৰকাৰে । আজি লালকিল্লাৰ পৰা বন্দে মাতৰম গীতটো সম্পূৰ্ণৰূপে প্ৰতিধ্বনিত হৈছে । এই গীতটি আছিল মাতৃভূমিৰ প্ৰতি এক ঐশ্বৰিক বন্দনা । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীতটিয়ে আমাক সোঁৱৰাই আছে, ভেদাভেদ যিমান নাথাকক আমি একে মাতৃৰে সন্তান ।” ক্ৰীড়াক্ষেত্ৰত অসমৰ নাম উজলাই তোলা খেলুৱৈসকলক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে কয়, লাভলীনা বৰগোঁহাই আৰু অস্মিতা চলিহালৈ অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন । আমি বহু লাভলীনা, অস্মিতা, হিমা, নয়নমণি জন্ম দিব পাৰিম ।
