যুৱ সমাজকৰ্মী ৰন্টু ৰঞ্জন কলিতাই কৰিলে দুটাকৈ গৃহ নিৰ্মাণ
ৰাজু কলিতা,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- চৰাইদেউ আৰু শিৱসাগৰ জিলাত এইবাৰ সৃষ্টি হোৱা অভূতপূৰ্ব বান পৰিস্থিতিয়ে সমগ্ৰ ৰাজ্যবাসীক স্তব্ধ কৰি তুলিছে। বহু লোকৰ বাবে এনে মহাপ্ৰলয় সদৃশ বান জীৱনত প্ৰথম আৰু এই দুৰ্যোগৰ সময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ অসমৰে বহুলোকে সাহায্যৰ হাত আগবঢ়াইছে। তাৰেই ভিতৰত অন্যতম এগৰাকী সমাজসেৱী ৰন্টু ৰঞ্জন কলিতাই একেৰাহে ১৯ দিন ধৰি ভিতৰুৱা বানপীড়িত অঞ্চলত থাকি সাহায্য প্ৰদান কৰাৰ পিছত লাভ কৰা অভিজ্ঞতাই সমাজখনৰ এক নগ্ন ছবিয়ো উদঙাই দিছে। বানৰ দ্বিতীয় দিনাৰ পৰাই কলিতাই তেওঁৰ সতীৰ্থ লক্ষ্মীনন্দন কলিতা আৰু ৰাজু কলিতাকে ধৰি চুটিগল্প পৃথিৱী আৰু তেওঁলোকৰ বহু ব্যক্তিৰ সৈতে অতি দুৰ্গম আৰু ভিতৰুৱা অঞ্চলসমূহত সোমাই পৰে। তেওঁলোকে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিশুদ্ধ খোৱাপানী, চাউল, দাইল, আলু, নিমখ, গাখীৰ, বিস্কুট, মেগী, চাবোন, চেম্পু, ফেনাইল, ব্লিচিং পাউদাৰৰ পৰা আৰম্ভ কৰি কঠিয়া, বিচনা চাদৰ, পাটী, মুৰি, বাল্টি, মগ, আঠুৱা আৰু ধূপ আদি বিপুল পৰিমাণে বিতৰণ কৰে। কেৱল শুকান খাদ্য বিতৰণতে আৱদ্ধ নাথাকি প্ৰায় ২০০০ গৰাকী লোকৰ বাবে খিচিৰি-টেঙাৰ ব্যৱস্থা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক ব্যক্তিগতভাৱে আৰ্থিক সাহায্যও আগবঢ়ায়। তদুপৰি, নেপালী খুটি অঞ্চলৰ দুটাকৈ গৃহহীন পৰিয়ালক তেওঁ নিজ উদ্যোগত ঘৰো সাজি দিছে। কিন্তু এই দীৰ্ঘদিনীয়া সেৱাৰ যাত্ৰাত তেওঁলোক মুখামুখি হ’বলগীয়া হৈছে বহু তিক্ত আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ। দিনটো নাখাই-নবৈ, ৰাতিপুৱাৰ পৰা নিশা ১০-১১ বজালৈকে কৰা কঠোৰ পৰিশ্ৰমৰ বিনিময়ত কেতবোৰ গাঁৱত তেওঁলোকে ভীষণ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হৈছে, যিটো অতিকৈ লজ্জাজনক। যিবোৰ অঞ্চলত পানী হোৱাই নাই, তাতো কিছুমান লোকে ৰাস্তাত গাড়ী আগভেটি ধৰি সাহায্য সামগ্ৰী দাবী কৰাৰ দৃশ্য দেখা গৈছে। পানী নোহোৱা ঠাইৰ আৰ্থিকভাৱে স্বাবলম্বী কিছুমান মানুহে দুৰ্গতসকলৰ বাবে অনা সামগ্ৰী কাঢ়ি ল’বলৈ চোঁচা লয়, যাৰ বাবে প্ৰকৃত ভভুক্তভোগীসকলৰ ওচৰলৈ সহায় লৈ যোৱাত বাধাৰ সৃষ্টি হৈছে। খাদ্য সামগ্ৰী বা বিস্কুট-গাখীৰ দিলে “এইবোৰ কিয় আনিছা” বুলি কটু মন্তব্য কৰি কেৱল নগদ ধন দাবী কৰা লোকো দেখা পোৱা গৈছে। এই সমগ্ৰ অনাকাংক্ষিত ঘটনা আৰু স্বাৰ্থপৰতাৰ মাজতো সমাজত যে এতিয়াও মানৱতা জীয়াই আছে, তাৰো প্ৰমাণ পোৱা গৈছে। কিছুমান অঞ্চলৰ স্থানীয় ৰাইজে ভিতৰুৱা অঞ্চললৈ যোৱাত অভূতপূৰ্ব সহযোগিতা আগবঢ়োৱাৰ লগতে পথত চাহ-চৰবত খুৱাই সন্মান আৰু শ্ৰদ্ধা জনাইছে। এনে এক মহাপ্ৰলয়ৰ সময়ত সমগ্ৰ অসমবাসী একতাৰে ওলাই অহাটো যিদৰে অতুলনীয়, ঠিক তেনেদৰে কিছুসংখ্যক লোকৰ এনে অমানৱীয় ব্যৱহাৰে সেৱাসকলৰ মনোবল ভাঙি পেলায়। তথাপিও, সকলো তিক্ততা পাহৰি “আমি জুবিন যুগৰ মানুহ, জুবিন দাৰ আদৰ্শ লৈ আগুৱাই যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মানুহৰ সেৱা কৰি যাম” বুলি উল্লেখ কৰি ৰন্টু ৰঞ্জন কলিতাই মানৱতাৰ জয়গান গাই আগুৱাই যোৱাৰ দৃঢ় সংকল্প প্ৰকাশ কৰিছে।
