ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত আই টি আইৰ বিতৰ্কিত অধ্যক্ষ ৰাজু গোপালক তাৎক্ষণিক বদলিৰ আদেশ ৰাজ্য চৰকাৰৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৰবৰুৱাস্থ আই টি আইৰ অধ্যক্ষৰ অতিৰিক্ত দ্বায়িত্বত থকা ৰাজু গোপালৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈ অহাৰ মূৰকত ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ তিনিচুকীয়াৰ আই টি আই প্ৰতিষ্ঠানলৈ বদলিৰ আদেশ জাৰি কৰে। উল্লেখযোগ্য যে, বৰবৰুৱাস্থ ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত এই গৰাকী অধ্যক্ষই বিশেষ কোনো মন-নিদিয়া, প্ৰয়োজনীয় প্ৰশাসনিক কামকাজখিনিও নকৰাত প্ৰতিষ্ঠানটোৰ অন্যান্য কৰ্মচাৰীৰ লগতে প্ৰশিক্ষক -প্ৰশিক্ষাৰ্থী সকলোৱে দীৰ্ঘদিন ধৰি অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল। শেহতীয়াভাৱে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত নেতৃস্থানীয় তথা জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে যোৱা জুলাই মাহৰ ৪ তাৰিখে অধ্যক্ষ ৰাজু গোপালৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। উক্ত অভিযোগ পত্ৰত নেওগে তথ্য সহকাৰে উল্লেখ কৰিছিল যে, দেশৰ এটা প্ৰতিস্থিত কোম্পানী দিল্লীস্থ এল জি ইলেক্ট্ৰনিকচ্ ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীৰ প্ৰতিনিধি বুলি চিনাকী দিয়া এজন ভুৱা প্ৰতিনিধিয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ ৩৩ গৰাকী নিবনুৱা যুৱক প্ৰশিক্ষাৰ্থীক দিল্লীত প্ৰশিক্ষণ দি চাকৰি দিয়াৰ প্ৰলোভন দি কেইবাহাজাৰ টকা কৌশলেৰে আদায় কৰি শেষত অন্তৰ্ধান হয়। উক্ত কাৰ্যত ডিব্ৰুগড় আই টি আইৰ প্ৰশিক্ষণ কক্ষ ব্যৱহাৰ কৰাকে আদি কৰি অন্যান্য যাৱতীয় কামত উক্ত ভুৱা প্ৰতিনিধিজনৰ লগত প্ৰত্যক্ষভাৱে জড়িতহৈ আহিছিল অধ্যক্ষ ৰাজু গোপাল। জিলা আয়ুক্তই নেওগৰ অভিযোগ পত্ৰৰ প্ৰসংগত উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। শেহতীয়াকৈ এটা অভিযোগ এই গৰাকী অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছিল,য’ত কোৱা হৈছিল যে, এই প্ৰতিষ্ঠানত থকা বিদ্যুৎ সৰবৰাহৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰাত এমাহৰ পূৰ্বেই বিদ্যুৎ বিভাগলৈ মেৰামতিৰ বাবে ট্ৰেন্সফৰ্মাৰটো প্ৰেৰণ কৰিছিল। বিদ্যুৎ বিভাগে লগে লগে মেৰামতি কৰে যদিও তাৰ বিনিময়ত পৰিশোধ কৰিবলগীয়া বিলৰ টকা অধ্যক্ষ গৰাকীয়ে নিদি এমাহ ধৰি বিদ্যুৎ সংমণ্ডল কাৰ্যালয়তে পেলাই থৈছিল। তাৰ ফলত অসহ্য গৰমত দিন অতিবাহিত কৰিবলগীয়া হৈছিল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী, প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকল। শেষত ১১ আগষ্টত জিলা আয়ুক্তই অধ্যক্ষ ৰাজু গোপালক কাৰ্যালয়লৈ মতাই নি জৰুৰী আদেশ দিয়াতহে ট্ৰেন্সফৰ্মাৰটো লৈ যাবলৈ সক্ষম হয়।অৱশেষত ৰাজ্য চৰকাৰে এক আদেশ মৰ্মে অধ্যক্ষ গৰাকীক বদলি কৰা বুলি জানিব পাৰি প্ৰতিষ্ঠানটোৰ সকলোৱে সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগ বিভাগৰ সচিবৰ যোৱা ১২ আগষ্ট ‘২৬ তাৰিখৰ আদেশ নং ই চি এফ. ১২৬০১৮/৭৩৯- বি মৰ্মে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অধ্যক্ষ ৰাজু গোপালক তিনিচুকীয়াৰ আই টি আই প্ৰতিষ্ঠানলৈ আৰু ডিব্ৰুগড়স্থ এই প্ৰতিষ্ঠানটোলৈ শিৱসাগৰ আই টি আইৰ অধীক্ষক অপূৰ্ব ডেকাক ডিব্ৰুগড় আই টি আইৰ অধীক্ষকৰ অতিৰিক্ত দ্বায়িত্বদি বদলি কৰা হৈছে।
