সীমান্তৱৰ্তী ৰাইজক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচলৰ সংঘাতে সৃষ্টি কৰা কঠিন পৰিস্থিতিৰ মাজতে সীমান্তৱৰ্তী ৰাইজক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।ধেমাজিত অসম- অৰুণাচল সীমান্তত সৃষ্টি হোৱা পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয়, ‘অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়। প্ৰজন্মৰ পাছত প্রজন্ম ধৰি আমাৰ দুয়োখন ৰাজ্যৰ মানুহে ভাই-ভনীৰ দৰে মৰম, আন্তৰিকতা আৰু পাৰস্পৰিক সন্মানেৰে একেলগে বাস কৰি আহিছে। শেহতীয়া বছৰসমূহত আমি আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে আমাৰ সীমা সম্পৰ্কীয় অধিকাংশ সীমান্ত সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া মাত্র ৫২খন গাঁৱক লৈ বিষয়টো বাকী আছে।’ আনহাতে দুয়োখন চৰকাৰে একেধৰণৰ বন্ধুত্বপূর্ণ আৰু সৌহার্দ্যপূর্ণ মনোভাবেৰে আলোচনা অব্যাহত ৰাখি এই বিবাদ সম্পূৰ্ণৰূপে সমাধানৰ বাবে কাম কৰি যাব বুলি জনাই তেওঁ লগতে কয় যে সীমাই কেৱল দুখন ৰাজ্যৰ ভৌগোলিক স্থিতিহে নিৰ্ণয় কৰে, প্ৰতিৱেশীৰ হৃদয়ৰ সম্পৰ্কত প্রভাৱ পেলাব নোৱাৰে। গতিকে অসম আৰু অৰুণাচলৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আন্তৰিক আহ্বান জনাইছোঁ। ইফালে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাৰ বক্তব্যক আদৰণি জনাই কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ইতিহাস, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ গভীৰ সম্পৰ্ক আছে। দুয়োখন ৰাজ্যৰ মাজত দেখা দিয়া সমস্যাসমূহ আলাপ-আলোচনা তথা পাৰস্পৰিক বুজাবুজিৰে সমাধান কৰিব লাগে বুলি মত ব্যক্ত কৰি তেওঁ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন ৰাজ্যৰ জনসাধাৰণক শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মান বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। মতানৈক্যই দুয়োখন ৰাজ্যৰ জনসাধাৰণক একত্ৰিত কৰি ৰখা শক্তিশালী সম্পর্ক যেন কোনো কাৰণতে ব্যাহত নহয় তাৰ বাবেও সকলোকে সচেতন হ’বলৈ কয় চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শান্তিপূর্ণ উপায়েৰে সকলো সমস্যা সমাধানৰ পোষকতা কৰি মুখ্যমন্ত্রী পেমা খান্ডুৱে দুয়োখন ৰাজ্যৰ ৰাইজক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
