অণুগল্প
আত্মহত্যা
হেৰম্ব নাথ
অ’ দেউতা, মই এইবাৰ মেডিকেলত ছিট পামেই পাম। মাজনী ইমান অত্যুৎসাহী নহ’বা। হতাশাই হঠাতে ডিঙিত কামোৰ মাৰি ধৰিব। কি কোৱা দেউতা এইবোৰ। তুমি চাই থাকাচোন, আমাৰ কোচিং চেণ্টাৰে প্ৰশ্ন বাচি দি চেলেঞ্জত বহু কিবাকিবি কৈছে।
পেপাৰ লিক্ হোৱাৰ লগে লগে মাজনী ঢলি পৰিল! দেউতাকে এপলকো নৰৈ হস্পিটেলত ভৰ্তি কৰালে। ডাক্তৰেও ক’লে— এনজাইটিৰ বাবে এনেকুৱা হৈছে। কিছু সময় পাছত ৰিলিজ দিলে আৰু ঘৰ পোৱাৰ এঘণ্টা পাছতেই মাজনীয়ে চিলিং ফেনত মাকৰ চাদৰখনেৰে চিপ লৈ আত্মহত্যা কৰিলে। নিজৰ জীৱনক কিয় তুমি তুচ্ছজ্ঞান কৰিলা মাজনী! বহু সময় আছিল নিজক গঢ় দিবলৈ; কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰেই জীৱন নহয়!
