মহাপ্ৰলয়
বনজিত দাস ,ৰিহাবাৰী, বজালী
অব্
কৰোবাত কিবা হ’ল
অত্যাচাৰৰ তিক্ততাৰ ঢৌ তুলি
কৰে নেকি তলমল
বিষাদৰ প্লাৱন-বন্যাৰ সোঁতত উটি
জীৱনৰ সেউজ উপকূল
মানুহ হওঁক জন্তু হওঁক
কাৰোৱেই নাই নিস্তাৰ
হাহা
ডাৱৰৰ চকুপানীত ধুই লৈ
সেউজ মাটি,
সময়ৰ বুকুত কেৱল
আৰ্তনাদ বিননিৰ প্ৰতিধ্বনি
যেন এটা বৃহৎ সমদ’ল
নিঠৰুৱা নীৰৱে খোজ দি
মা
কেঁচা কলিজাৰ !
